Home সম্পাদকীয় ফিৎৰা, ইয়াৰ পৰিমাণ আৰু আদায় দিয়া বিধান

ফিৎৰা, ইয়াৰ পৰিমাণ আৰু আদায় দিয়া বিধান

85
0

ইক্ৰামূল হুচেইন ,২৮এপ্ৰিল: ৰমজান মাহৰ চিয়াম হ’ল ইছলামৰ তৃতীয় স্তম্ভ আৰু মহান আল্লাহৰ প্ৰতি কৰা ইবাদত সমূহৰ ভিতৰত এক অন্যতমগুৰুত্বপূৰ্ণ ইবাদত ৷ কোৰআন মজিদৰ চুৰা ‘বাকাৰা’ৰ ১৮৫ নং আয়াতত আল্লাহে, ৰমজান মাহ পোৱা সকলক চিয়াম পালন কৰিব কৈছে৷ এই চিয়াম পালন কৰোতে অনিচ্ছাকৃত ভাবে হোৱা ত্ৰুটি বিচু্যতিৰ ক্ষতিপূৰণৰ বাবে ‘ছাদাকাতুল ফিতৰ’ আদায় দিয়াৰ বিধান দিয়া হৈছে৷ ইছলামৰ প্ৰতিটো বিধানেই ইবাদত, যদিহে ৰছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱছাল্লামে দেখুৱাই যোৱা পদ্ধতি মতে কৰা হয় ৷কাৰণ,মুচলিম হদীছ গ্ৰন্থৰ ১৭১৮ নং আৰু মিচকাত গ্ৰন্থৰ ৫৩১৫ নং হদীছত উল্লেখ থকা মতে, ৰছুল ছাল্লাল্লাহু আলাইহি ৱছাল্লামে কৈছে,’ যি ব্যক্তিযে þ এনে কোনো আমল কৰিলে, য’ত মোৰ কোনো নিৰ্দেশনা নাই, সেয়া পৰিত্যজ্য৷ গতিকে ৰছুলছাল্লাল্লাহু আলাইহি ৱছাল্লামৰ চূন্নতমতেযি কোনো আমল বা ইবাদতনকৰিলে,সেয়াকবুলনহব৷ ফিৎৰাও এক ইবাদত, গতিকে ইয়াকো আমি তেনেদৰে মানিব লাগিব, যেনেদৰে আমাক আমাৰ মহানবী ৰছুল ছাল্লাল্লাহু আলাইহি ৱছাল্লামে নিজে কৰি দেখুৱাই গৈছে৷ এই বিধান নিজৰ সুবিধাৰ্থে পৰিবৰ্তন কৰাৰ ক্ষমতা কোনো মুহাদ্দিছ, উলামায়ে কিৰাম আদিৰ নাই ৷ মহান আল্লাহে এই ক্ষমতা একমাত্ৰ নবী কৰিম ছাল্লাল্লাহু আলাইহি ৱছাল্লামক দিয়া বিষয়ে স্পষ্ট ভাবে কোৰআন মজিদৰ চুৰা ‘নাহল’ৰ ৪৪ নং আয়াতত উল্লেখ আছে৷ ইয়াৰোপৰি চুৰা ‘হাচৰ’ৰ জ্জ নং আয়াতত আল্লাহে কৈছে,‘ৰছুলে তোমালোকক যি দিয়ে সেয়া তোমালোকে গ্ৰহণ কৰা, আৰু যিটোৰ পৰা তোমালোকক নিষেধ কৰে তাৰ পৰা বিৰত থাকা’ অৰ্থাৎ ৰছুল ছাল্লাল্লাহু আলাইহি ৱছাল্লামে আমাক যি দিছে বা যি কৰিব কৈছে সেয়া আমি গ্ৰহণ কৰিব লাগিব বা মানিব লাগিব আৰু যি বিষয়ত নিষেধ কৰিছে, তাৰ পৰা বিৰত থাকিব লাগিব৷ চুৰা ‘মোহাম্মদ’ৰ ৩৩ নং আয়াতত কৈছে,‘হে মুমিন সকল, তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰছুলৰ আনুগত্য কৰা আৰু তোমালোকে নিজৰ আমল সমূহ বিনষ্ট নকৰিবা’ অৰ্থাৎ ৰছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱছাল্লামক অনুসৰণৰ জৰিয়তে আল্লাহৰ নিৰ্দেশ মানিব লাগিব, অন্যথা আমাৰ আমল বিনষ্ট হব৷ সেয়ে আল্লাহে আমাৰ আমল বা ইবাদত নষ্ট নকৰি সুৰক্ষিত ভাবে ৰাখিবলৈ কৈছে৷ চুৰা ‘নিচা’ৰ ৫৯ নং আয়াতত কৈছে,‘হে মুমিন সকল, তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰছুলৰ আনুগত্য কৰা, লগতে আনুগত্য কৰা ক্ষমতাশীল সকলৰ, তোমালোকৰ মাজত কোনো বিষয় লৈ মতভেদ ঘটিলে সেয়া আল্লাহ আৰু ৰছুলৰ ওচৰত উপস্থাপন কৰা, যদি তোমালোকে আল্লাহ আৰু আখিৰাতক বিশ্বাস কৰা’ অৰ্থাৎইছলামৰ যি কোনো বিধানক লৈ মতানৈক্য হলে, কোৰআন আৰু হদীছতে সমাধান বিচাৰিব লাগিব৷ উক্ত আয়াতত যদিও কৈছে, সমাজৰ ক্ষমতাশীল ব্যক্তিক আনুগত্য কৰিবলৈ, কিন্তু মতানৈক্যৰ সমাধান কৰিবলৈ তেওঁলোকক কোনো ক্ষমতা দিয়া নাই৷ ইয়াৰ সমাধান আল্লাহ আৰু ৰছুল ছাল্লাল্লাহু আলাইহি ৱছাল্লামৰ ওচৰত অৰ্থাৎকোৰআন আৰু হদীছতে বিচাৰিব লাগিব, কোনো তৃতীয় পক্ষৰ ওচৰত ইয়াৰ সমাধান বিচাৰি যাব কোৱা নাই৷ কোৰআনৰ উক্ত তিনিটা আয়াতক ইছলামিক শ্বৰীয়তৰ মূল নীতি বুলি কব পাৰি৷ কোৰআন মজিদৰ বিভিন্ন স্থানত আল্লাহ আৰু ৰছুল ছাল্লাল্লাহু আলাইহি ৱছাল্লামৰ আনুগত্য কৰিবলৈ কৈছে, কিন্তু ওপৰত উল্লেখিত চুৰা ‘হাচৰ’ৰ জ্জ নং আয়াতত স্পষ্ট কৰি দিছে, আমি ৰছুল ছাল্লাল্লাহু আলাইহি ৱছাল্লামক কেনেকে অনুসৰণ কৰিব লাগিব৷ থিক তেনেদৰে চুৰা ‘মোহাম্মদ’ৰ ৩৩ নং আয়াতত উল্লেখ কৰা অনুসৰি বুজা যায় যে, ৰছুল ছাল্লাল্লাহু আলাইহি ৱছাল্লামক অনুসৰণ নকৰাকে আমল কৰিলে, সেই আমল নষ্ট হব৷চুৰা ‘নিচা’ৰ ৫৯ নং আয়াত মতে ইছলামিক যি কোনো বিধানৰ ক্ষেত্ৰত মতানৈক্য বা মতভেদ হলে, তাৰ সমাধান বিচাৰি কোৰআন আৰু হদীছত আত্মসমৰ্পণ কৰিব লাগিব, কোনো তৃতীয় পক্ষৰ ওচৰত যাব নোৱাৰি৷ বৰ্তমানৰ পৰিপ্ৰেক্ষিতত ফিৎৰাৰ পৰিমাণ লৈ এক মতভেদ দেখা যায়৷ আজি বহু বছৰৰ আগৰ পৰাই দেখা পাই আহিছো যে, প্ৰতি বছৰে বিভিন্ন মাদ্ৰাছা সমূহে ৰমজান মাহৰ আগে আগে চেহেৰী আৰু ইফতাৰৰ এক সময় তালিকা প্ৰকাশ কৰে আৰু উক্ত তালিকাতে ফিৎৰাৰপৰিমাণ উল্লেখ কৰে যে, ১৬৩৩ গ্ৰাম ঘেঁহু বা তাৰ মূল্য ৷ৰমজান মাহ আৰম্ভ হোৱাৰ পিছত স্থানীয় হিলাল কমিটি বা তেনে কোনো ইছলামিক প্ৰতিষ্ঠানেও ফিৎৰাৰ মূল্য নিদ্ধৰ্াৰণ কৰি এক ঘোষণা কৰে আৰু অধিকাংশ মুছলমান লোকে ইয়াকে মানি লৈ ফিৎৰাআদায় দিয়ে ৷ কোনোৱে এই বিষয়ত কোনো দিনা কোনো ধৰণৰ প্ৰশ্ন উত্থাপন কৰা দেখা নাযায় যে, ফিৎৰাৰ উক্ত পৰিমাণ শ্বৰীয়ত সন্মত হয় নে নহয় ? এয়া জনাটো প্ৰত্যেক মুছলমানৰ এক দায়িত্ব, কাৰণ ওপৰত উল্লেখিত মুচলিম শ্বৰীফ আৰু মিচকাত শ্বৰীফৰ হদীছ অনুযায়ী ৰছুল ছাল্লাল্লাহু আলাইহি ৱছাল্লামৰ অনুমোদন নথকা কোনো আমল বা ইবাদত আল্লাহৰ দৰবাৰত গৃহীত নহয়৷ গতিকে ১৬৩৩ গ্ৰাম ঘেঁহু বা তাৰ মূল্য, ফিৎৰা হিচাপে দিয়াত ৰছুল ছাল্লাল্লাহু আলাইহি ৱছাল্লামৰ অনুমোদন নাথাকিলে আমাৰ ফিৎৰা আদায় নহব আৰু তাৰবাবে কিয়ামতৰ দিনা আমি আল্লাহৰ ওচৰত জগৰীয়া হৈ থাকিম৷ ফাৎহুল বাৰী৩য় খণ্ডৰ ৪৩৮ পৃষ্ঠাত উল্লেখ আছে, ৰছুল ছাল্লাল্লাহু আলাইহি ৱছাল্লামে জাকাত আৰু ফিৎৰা আদায়ৰ নিৰিখ নিদ্ধৰ্াৰণ কৰি দিছে ৷ ফিৎৰা দিব লগা ব্যক্তি সংক্ৰান্তে ৰছুল ছাল্লাল্লাহু আলাইহি ৱছাল্লামে ছয়টা শব্দৰে বুজাই দিছে যে, স্বাধীন আৰু গোলাম, পুৰুষ ও নাৰী, সৰু আৰু ডাঙৰ, এওঁলোক সকলোৱে ফিৎৰা আদায় দিব লাগিব৷ ফিৎৰা আদায় কৰাৰ শেষ সীমা হ’ল, ইদৰ নামাজৰ পূৰ্বে ৷এই হিচাপে ইদৰ নামাজৰ পূৰ্বে জন্ম গ্ৰহণ কৰা সন্তানৰ ফিৎৰা আদায় দিব লাগিব আৰু ইদৰ নামাজৰ পূৰ্বে ইন্তেকাল হোৱা লোকৰ ফিৎৰা আদায় দিব নালাগে ৷ফিৎৰা কি বস্তুৰে আদায় দিছিল, সেয়া আমি লব লাগিব নবী মোহাম্মদ ছাল্লাল্লাহু আলাইহি ৱছাল্লামৰ পৰা৷ ছহীহ বুখাৰীৰ ১০৬৫ নং হদীছত উল্লেখ আছে, এক ছা’পৰিমাণ খেজুৰ বা এক ছা’ পৰিমাণ যৱ ফিৎৰা দিছিল৷ ১০৬৬ নং হদীছত উল্লেখ থকা মতে আবু চাইদ খুদৰী ৰাদ্বিআল্লাহু আনহুৱে কৈছে, আমি নবী মোহাম্মদ ছাল্লাল্লাহু আলাইহি ৱছাল্লামৰ সময়ত ফিৎৰা আদায় কৰিছিলো এক ছা’ পৰিমাণ খাদ্য বস্তুৰে অথবা এক ছা’ পৰিমাণ খেজুৰ, অথবা এক ছা’ পৰিমাণ যৱ, অথবা এক ছা’ পৰিমাণ কিচমিচ বা এক ছা পৰিমাণ পনীৰ৷ ইয়াত উল্লেখ থকা মতে খেজুৰ, যৱ, কিচমিচ বা পনীৰ দি ফিতৰা আদায় দিলে কোনো সমস্যা নাই, কাৰণ এই চাৰিটা খাদ্যদ্ৰব্যৰ নাম উল্লেখ আছে৷ এক ছা’ পৰিমাণ দিব লাগে, ছা’ লৈ বহুতৰ মাজত দ্বিমত দেখা যায়, কাৰণ মক্কাৰ ছা’, মদীনাৰ ছা’, ইৰাকৰ ছা’ আদিৰ মাজত ওজনৰ কিছু তাৰতম্য আছে৷ তদুপৰি খাদ্য দ্ৰব্যৰ আকাৰ, আয়তন লৈও ওজনৰ তাৰতম্য ঘটে ৷ এক ছা’ পৰিমাণৰ খেজুৰ, যৱ, কিচমিচ বা পনীৰৰ লগতে উল্লেখ কৰিছে ‘তআ’ম’ বা খাদ্য দ্ৰব্যৰেও ফিতৰা আদায় দিব পাৰি৷ যেহেতু পৃথিবীৰ বিভিন্ন দেশৰ মানুহৰ খাদ্যাভ্যাস ভিন্ন, সেয়ে ফিৎৰাৰ ক্ষেত্ৰতো চাৰিটা খাদ্য দ্ৰব্যৰ নাম সহ উল্লেখ কৰাৰ উপৰি সাধাৰণ অৰ্থত খাদ্য দ্ৰব্য দিব পাৰে বুলিও উল্লেখ কৰিছে৷ বায়হাকী, চুনানুল কুবৰা, ছহীহুল জামেত বৰ্ণিত ২৪২ নং হদীছত ৰছুল ছাল্লাল্লাহু আলাইহি ৱছাল্লামেস্পষ্ট ভাবে নিৰ্দেশ দিছে,‘তোমালোকে ফিৎৰাআদায় কৰা এক ছা’ পৰিমাণ খাদ্য বস্তুৰে’৷ বুখাৰী, মুচলিম, মিচকাত গ্ৰন্থৰ হদীছত উল্লেখ আছে যে, আবু চাইদ খুদৰী ৰাদ্বিআল্লাহু আনহু দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, আমি ৰছুল ছাল্লাল্লাহু আলাইহি ৱছাল্লামৰ সময়ত জাকাতুল ফিৎৰ আদায় কৰিছিলো, এক ছা’ যৱ বা এক ছা’ খেজুৰ অথবা এক ছা’ পনীৰ বা এক ছা’ কিচমিচ অথবা এক ছা’ খাদ্য [তআ’ম] বস্তুৰে৷ আৰবী ‘তআ’ম’ শব্দৰ অৰ্থ খাদ্যদ্ৰব্য ৷ ইয়াৰ পৰা বুজা যায় যে, উক্ত চাৰিবিধ বস্তুৰ উপৰি পৃথিবীৰ যি কোনো দেশৰ মানুহে নিজ দেশৰ প্ৰধান খাদ্য বস্তুৰেও ফিৎৰা আদায় দিব পাৰে৷ ইছলামিক শ্বৰীয়ত মতে প্ৰত্যেক জন ব্যক্তিৰ বাবে গাইপ্ৰতি এক ছা’ পৰিমাণ খাদ্যশস্যই হ’ল ফিৎৰাৰ পৰিমাণ ৷‘ছা’ হ’ল ৰছুল [ছাঃ]ৰ সময়ত বস্তু ওজনৰ পৰিমাণ বা মাপ,ইছলামিক পণ্ডিত সকলৰ মতে জুলীয়া পদাৰ্থ, যেনে তেল, গাখীৰ, পানী আদি জোখা লিটাৰৰ পাত্ৰৰে তিনি লিটাৰ খাদ্য দ্ৰব্যত এক ছা’ হয় আৰু ইয়াৰ ওজন আঢ়ৈ কেজিৰ পৰা দুই কেজি সাতশ গ্ৰামৰ ভিতৰত হয় ৷এক ছা’ৰ পৰিমাণ বৰ্তমান সময়ৰ ভাল গম ২ কেজি ৪০ গ্ৰামৰ সমান৷ শস্যৰ প্ৰকাৰ ভেদে এক ছা’ ওজনৰ তাৰতম্য হয় ৷ চাউলৰ ক্ষেত্ৰত এক ছা’ৰ ওজন আঢ়ৈ কেজি বুলি ধৰা হয়৷ মুআ’বিয়া [ৰাঃ]ৰ যুগত মদীনাত গম নাছিল, চিৰিয়াৰ পৰা আমদানী কৰিছিল৷ সেয়ে উচ্ছ মূল্যত কিনিব লগা হোৱা বাবে তেখেতে আধা ছা’ গম ফিতৰা দিবলৈ কৈছিল ৷ কিন্তু বিশিষ্ট চাহাবী আবু চাইদ খুদৰী [ৰাঃ] সহ অন্যান্য চাহাবী সকলে মুআ’বিয়া [ৰাঃ]ৰ সিদ্ধান্তৰ বিৰোধিতা কৰি ৰছুল ছাল্লাল্লাহু আলাইহি ৱছাল্লামৰ নিৰ্দেশ পালন কৰে ৷ আধা ছা’ গম ফিতৰা হিচাপে আদায় দিয়া সকলে ৰছুল ছাল্লাল্লাহু আলাইহি ৱছাল্লামৰ আদেশ পালন নকৰি মুআ’বিয়া [ৰাঃ]ৰ আদেশহে পালন কৰা হয়, যিটো ইছলামিক শ্বৰীয়ত মতে গ্ৰহণযোগ্য নহয়৷ইমাম নবভী [ৰহঃ] য়ে কৈছে, আধা ছা’ ফিতৰা আদায় কৰা চূন্নত বিৰোধী ৷ ৰছুল ছাল্লাল্লাহু আলাইহি ৱছাল্লামে জাকাত আৰু ফিতৰা আদায়ৰ নিৰিখ নিদ্ধৰ্াৰণ কৰি দিছে,সেয়া সলনি কৰাৰ অধিকাৰ কাৰো নাই৷ এতিয়া, প্ৰশ্ন হয় খাদ্যবস্তুৰ পৰিবৰ্তে তাৰ মূল্যৰে ফিতৰা দিব পাৰি নে নোৱাৰি বা আদায় হব নে নহয় ? উপৰোক্ত হদীছ সমূহ বিেষণ কৰি চালে দেখা যায়, খাদ্যবস্তুৰ পৰিবৰ্তে মুদ্ৰা বা অৰ্থৰে ফিতৰা দিলে আদায় নহব, কাৰণ নবী ছাল্লাল্লাহু আলাইহি ৱছাল্লামৰ সময়ত দীনাৰ, দিৰহাম মুদ্ৰাৰ প্ৰচলন আছিল যদিও নবী ছাল্লাল্লাহু আলাইহি ৱছাল্লাম বা কোনো চাহাবী ৰাদ্বিআল্লাহু আনহুৱে দীনাৰ বা দিৰহামেৰে ফিতৰা দিয়া নাছিল ৷এনে কৰাৰ কোনো উপায় নাই কাৰণ ই এক ইবাদত আৰু আল্লাহে কৈছে ৰছুলে তোমালোকক যি দিছে,সেয়া গ্ৰহণ কৰা ৷‘মুআত্তা মালেক’ গ্ৰন্থৰ প্ৰণেতা ইমাম মালিক আৰু ‘মুচনাদে আহমদ’ গ্ৰন্থৰ প্ৰণেতাইমাম আহমদ বিন হাম্বল ৰহঃ ই চাৰে বাৰশ বছৰ পূৰ্বেউক্ত হদীছ সমূহ বিেষণ কৰি কৈ গৈছে, দীনাৰ, দিৰহাম আদি মুদ্ৰাৰে ফিতৰা দিলে ফিতৰা আদায় নহব ৷একবিংশ শতিকাৰ দুজন মুহাদ্দীছ চেখ চালেহ উচায়মীন ৰহঃ য়ে ‘আৰকানুল ইচলাম’ গ্ৰন্থত আৰুচেখ চালেহ আল মুনাজ্জিন ৰহঃ য়ো উক্ত হদীছ বিেষণ কৰি কৈছে, টকা-পয়ছাৰে ফিতৰা দিলে আদায় নহব ৷ আলী ৰাঃ য়ে কৈছে, শ্বৰীয়ত যদি মানুহৰ ৰায় বা যুক্তি ভিত্তিক হোৱা হলে মই আলীয়ে ফটোৱা দিলো হয় যে অজু কৰোতে ভৰিত মোজা পিন্ধি থকা অৱস্থাত তলুৱাত মচেহ কৰিবলৈ কাৰণ মোজা পিন্ধি চলাফুৰা কৰিলে তলুৱাত ময়লা, আবৰ্জনা বা নাপাকী লাগে, কিন্তু মই ৰছুল ছাল্লাল্লাহু আলাইহি ৱছাল্লামক দেখিছো ভৰিৰ ওপৰত মচেহ কৰা, তলুৱাত নহয়৷ সেয়ে ৰছুল ছাল্লাল্লাহু আলাইহি ৱছাল্লামৰ সন্মুখত মোৰ যুক্তিৰ গ্ৰহণ যোগ্যতা নাই৷ খাদ্যবস্তুৰ পৰিবৰ্তে টকাৰে ফিতৰা দিলে উদ্ভব হোৱা সমস্যা হ’ল, আমাৰ দেশত প্ৰত্যেক বছৰে হিলাল কমিটি, ইছলামিক অনুষ্ঠান প্ৰতিষ্ঠান আদিয়ে সেই বছৰ ফিতৰা কিমান হব তাৰ সিদ্ধান্ত লয়৷ এই বছৰ ফিতৰাৰ পৰিমাণ ষাঠি টকা ধাৰ্য্য কৰিছে ৷মন কৰিব লগা কথা হ’ল, ইচলামত ফিতৰাৰ বিধান এনেকুৱা নে যে, প্ৰত্যেক বছৰেআলীম, উলেমাই আলোচনা কৰি ফিতৰাৰ পৰিমাণ নিদ্ধৰ্াৰণ কৰিব, আল্লাহে এই ক্ষমতা তেওঁলোকক দিছে নে ? আমি চালাত কেই ৰাকাত পঢ়িম, চালাতৰ মাজৰ আহকাম আৰকান কি হব, চিয়াম কি দৰে পালন কৰিব লাগে, এই বিলাকৰ ওপৰত সিদ্ধান্ত লোৱাৰ ক্ষমতা এই সকল আলীম, উলেমাৰ আছে নে ? যদি নাই, ফিতৰাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ অধিকাৰ তেওঁলোকে ক’ত পালে ? পোন্ধৰশ বছৰ আগতে ইচলামিক শ্বৰীয়তত যি দৰে নিদ্ধৰ্াৰণ কৰা হৈছে, সেয়াই থাকিব, ইয়াত কোনো যোগ, বিয়োগ কৰাৰ সুবিধা নাই৷ তেতিয়াই ফিতৰাৰ পৰিমাণ যি এক ছা’ নিদ্ধৰ্াৰণ কৰি দিছে, সেয়াই ফিতৰাৰ পৰিমাণ, পৰিবৰ্তন কৰাৰ কোনো সুযোগ নাই ৷এক ছা’ খেজুৰ বা এক ছা’ কিচমিচ বা এক ছা’ পনীৰ বা এক ছা’ যৱৰ দাম একে নহয়, সেয়ে খেজুৰ, কিচমিচ, যৱ বা পনীৰ, যি খাদ্যৰে ফিতৰা নিদিয়ক, সেয়া এক ছা’ পৰিমাণৰ উক্ত খাদ্যবস্তুৰে দিব লাগিব, ইয়াৰ মূল্যৰে নহয়৷ কাৰণ ইয়াত দাম ফে”ৰ নহয়, ফে”ৰ হ’ল এক ছা’ পৰিমাণ ওজনৰ খাদ্যবস্তু৷ইয়াৰোপৰি খাদ্যবস্তুৰ পৰিবৰ্তে টকা পয়ছাৰে ফিতৰা আদায় দিলে সমতা ৰক্ষা নহয়, ধনী শ্ৰেণীৰ লোক লাভবান হোৱাৰ পৰিবৰ্তে দুখীয়া লোকৰ লোকচান হয় ৷অসমৰ প্ৰধান খাদ্য চাউল,নিজে খোৱা চাউলেৰে ফিতৰা আদায় দিলে, ধনী দুখীয়া দুয়ো শ্ৰেণীৰ লোকৰ সমতা ৰক্ষা হয় ৷ধৰা হওক, এইবছৰ নিদ্ধৰ্াৰণ কৰা ফিতৰাৰ পৰিমাণ ৬০ টকা ৷ এজন ধনী লোকে কেজিত ৫০ টকা দামৰ চাউল খায়, গতিকে তেওঁৰ ফিতৰাৰ পৰিমাণ দামৰ হিচাপত হব, ৫০ দ্ধ ২১য২ ঞ্চ ১২৫ টকা, কিন্তু তেওঁক দিবলৈ কোৱা হৈছে, ৬০ টকা গতিকে তেওঁৰ লাভ হ’ল ৬৫ টকা ৷ আনহাতে এজন দুখীয়া লোকে চৰকাৰৰ পৰা কেজিত ১০ টকা দৰত চাউল খায়, গতিকে তেওঁৰ ফিতৰাৰ পৰিমাণ হব,২৫ টকা, অথচ তেওঁক দিবলৈ কোৱা হৈছে ৬০ টকা ৷সেয়ে তেওঁৰ লোকচান হব ৩৫ টকা ৷এয়া হ’ল স্থানীয় আলীম, উলেমাই প্ৰতি বছৰ ধাৰ্য্য কৰা ফিতৰাৰ নিৰিখত ধনী লোকৰ লাভ আৰু দুখীয়া লোকৰ লোকচান হোৱাৰ এক হিচাপ ৷ আমি যদি ৰছুল ছাল্লাল্লাহু আলাইহি ৱছাল্লামৰ নিৰ্দেশ মতে ফিতৰা আদায় দিওঁ, তেন্তে ধনী আৰু দুখীয়াৰ মাজত কোনো লাভ লোকচান নহয়, সমতা ৰক্ষা হয় ৷আনহাতে খাদ্য বস্তুৰ পৰিবৰ্তে মূল্য আদায় দিয়াত ৰছুল ছাল্লাল্লাহু আলাইহি ৱছাল্লামৰ অনুমোদন নাই, সেয়ে ওপৰত উল্লেখিত মুচলিম আৰু মিচকাত গ্ৰন্থৰ হদীছ অনুযায়ী, খাদ্যদ্ৰব্যৰ পৰিবৰ্তে মূল্য আদায় দিলে, শ্বৰীয়তৰ দৃষ্টিত ফিৎৰা আদায় হোৱা বুলি কব নোৱাৰি৷ ইছলাম ধৰ্মৰ শ্বৰীয়ত হ’ল, ৰছুল ছাল্লাল্লাহু আলাইহি ৱছাল্লামে কৰি দেখুৱাই যোৱা বিধান সমূহ, ই কোনো পীৰ, মুৰ্চিদ, মুহাদ্দীছ, উলামায়ে কেৰাম আদিৰ সৃষ্ট নহয়৷ সেয়ে আমি আমাৰ প্ৰতিটো ইবাদতৰ প্ৰতি সচেতন হোৱা প্ৰয়োজন ৷ আল্লাহে আমাক সকলোকে যেন কোৰআন আৰু হদীছ অনুযায়ী শুদ্ধ ভাবে ইবাদত কৰাৰ তৌফিক দান কৰক, আমীন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here