Home নগাঁও নগাঁৱৰ কোষাগাৰত উৎকোচ লোৱা অৱস্থাত মহিলা কৰ্মচাৰীক গ্ৰেপ্তাৰ : এহাজাৰ টকা...

নগাঁৱৰ কোষাগাৰত উৎকোচ লোৱা অৱস্থাত মহিলা কৰ্মচাৰীক গ্ৰেপ্তাৰ : এহাজাৰ টকা উৎকোচ বিচৰাই কাল হ’ল

131
0


ষ্টাফ ৰিপ’টাৰ , নগাঁও , ১৫ ছেপ্তেম্বৰ : নগাঁৱৰ কোষাগাৰ প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ এগৰাকী মহিলা কৰ্মচাৰীয়ে উৎকোচ লোৱাৰ অপৰাধত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ হাতত কৰায়ত্ত হোৱা মহিলা তৃতীয় বৰ্গৰ কৰ্মচাৰীগৰাকীক পাছত খুচবু হৰলালকা বুলি চিনাক্ত কৰা হয়৷ ঘটনা সন্দৰ্ভত নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জানিবলৈ দিয়া অনুসৰি, নগাঁৱৰ এগৰাকী আৰক্ষী কনিষ্টবলৰ পৰা জিপিএফৰ লোনৰ আবেদন কৰাত মহিলা কৰ্মচাৰীগৰাকীয়ে কনিষ্টবল নবীন বৰাৰ পৰা এহেজাৰ টকা উৎকোচ বিচাৰিছিল৷ আৰক্ষী কনিষ্টবল নবীন বৰাৰ পৰা জি পি এফৰ ধন মোকলাই দিয়াৰ নামত এহেজাৰ টকা বিচৰাৰ কথা জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক অৱগত কৰে আৰু এই অভিযোগৰ ভিত্তিত পৰিকল্পনা প্ৰস্তুত কৰি নগাঁও আৰক্ষীয়ে কৌশলেৰে খুচবু হাৰলালকা নামৰ গাণনিকগৰাকীক হাতেলোটে গ্ৰেপ্তাৰ কৰে৷ সম্প্ৰতি আৰক্ষীয়ে ধৃত কৰ্মচাৰীগৰাকীক সোধা-পোছ চলাই আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here