Home Main Stories দিচৈভেলীত অস্ত্ৰধাৰী নগাৰ হুংকাৰ:নগাৰ বেদখল উচ্ছেদ কৰিবলৈ সাহস নহল অসমৰ প্ৰশাসনৰ

দিচৈভেলীত অস্ত্ৰধাৰী নগাৰ হুংকাৰ:নগাৰ বেদখল উচ্ছেদ কৰিবলৈ সাহস নহল অসমৰ প্ৰশাসনৰ

299
0

গণ বাৰ্তা, নকছাৰি, ২৯জুন : মৰিয়নিৰ দিচৈভেলী সংৰক্ষিত বনাঞ্চলত অব্যাহত আছে নগাৰ বেদখল।বেদখল উচ্ছেদৰ বাবে মঙ্গলবাৰে দিচৈভেলীত উপস্থিত হৈছিল যোৰহাট জিলা প্ৰশাসনৰ বৃহৎ দল।আৰক্ষী চি আৰ পি এফৰ বৃহৎ দল লগত লৈ বন বিভাগৰ এটা দলে দিচৈভেলীৰ অসমৰ ভূমিত নগাই স্থাপন কৰা বহুকেইটা গৃহ উচ্ছেদৰ বাবে যায় যদিও একাংশ নগা লোকে অস্ত্ৰ দেখুৱাই অসমৰ প্ৰশাসনক কোনো কাৰনতে নগাৰ গৃহসমূহ উচ্ছেদ কৰিবলৈ দিয়া নহব বুলি হুমকি দিয়ে।অৱশেষত মৰিয়নিৰ দণ্ডাধীশ বিশ্বজিৎ বৰাই নগা ৰাইজৰ লগত এক বৈঠকত মিলিত হয় যদিও নগালোকসকল নিজৰ স্থিতিত আকোৰগোজ হৈ থাকে।শেষত উপায়হীন হৈ অসমৰ প্ৰশাসনে নগাৰ বেদখলীকৃত দিচৈভেলীত সীমান্ত আৰক্ষী বেটেলিয়নৰ এটা অস্থায়ী চাউনি স্থাপন কৰিয়ে উভটি আহিবলৈ বাধ্য হয়। দৈনিক গণ অধিকাৰক দণ্ডাধীশ বিশ্বজিৎ বৰাই জনোৱা মতে দিচৈভেলীত অৱশিষ্ট অসমৰ ভূমিত যাতে নতুনকৈ নগাই বেদখল কৰিব নোৱাৰে তাৰ বাবে অসম আৰক্ষীৰ বেটেলিয়নৰ শিবিৰটো স্থাপন কৰা হৈছে।লক্ষণীয় যে খোদ অসমৰ মাটিত নগাৰ বেদখল উচ্ছেদ কৰিবলৈ গৈ নগাৰ বাধাত সেও মানি অসমৰ প্ৰশাসন উভটি আহিবলগা হোৱা ঘটনাই মৰিয়নিৰ সীমান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।এইক্ষেত্ৰত সীমান্তত নগাৰ আগ্ৰাসন সন্দৰ্ভত সততে সৰব হৈ অহা আৰু বৰ্তমান বিজেপি গমন কৰা প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দিচৈভেলীত নগাৰ আগ্ৰাসন উচ্ছেদ সন্দৰ্ভত কি পদক্ষেপ গ্ৰহন কৰে সেয়েহে লক্ষণীয় হব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here