Home অসম অসমীয়াৰ বিভ্ৰান্তি কিহত ? (অসমীয়া চেতনা কলম)

অসমীয়াৰ বিভ্ৰান্তি কিহত ? (অসমীয়া চেতনা কলম)

299
0


ড০ জাকিৰুল আলম, ১৫ ডিচেম্বৰ : বৰ্তমানৰ জৰুৰীকালীন পৰিৱেশত কোৰোনা মহামাৰী, লকডাউন, অৰ্থনীতিৰ ভঙা কঁকাল, আকাশলংঘী মূল্যবৃদ্ধি, খাদ্য সংকট, লাখ লাখ হেক্টৰ মাটিত উচ্ছেদিত জনতা, দ্ৰুতগতিত লাখৰ হিচাপত চাকৰি হেৰুৱাই ভযংকৰ নিবনুৱা সমস্যা আদি কৰি হাজাৰটা সমস্যাৰে জৰ্জৰিত অসমীয়া হঠাৎনো কি জিনৰ বিজুতি ঘটিল যে শেহতীয়া দুই-তিনি বছৰত চৰিত্ৰ পৰিৱৰ্তন হৈ অতি ধৰ্মকেন্দ্ৰিক, সাম্প্ৰদায়িককেন্দ্ৰিক, জাতিকেন্দ্ৰিক, ভাষাকেন্দ্ৰিক হৈ পৰিল যে। বৈজ্ঞানীক দৃষ্টিভংগীত ইয়াৰ বিশ্লেষণ কৰি চোৱা হ’ল, কিন্তু জাতিটোৰ জিনৰ পৰিৱৰ্তন বা বংশগতিৰ পৰিৱৰ্তন হঠাৎ হোৱাটো সম্ভৱ নহয় বা মনোবিজ্ঞানৰো পৰিৱৰ্তন কৰাটো পূৰ্বৰ পৰীক্ষা-নিৰীক্ষাই এই পৰিৱৰ্তন গ্ৰহণ নকৰে। অসমৰ সকলোধৰণৰ গণ মাধ্যম আৰু সংবাদ মাধ্যম মাত্ৰ অতি সাম্প্ৰদায়িক, জাতি কেন্দ্ৰিক, ভাষা কেন্দ্ৰিক, গোষ্ঠীকেন্দ্ৰিক, ধৰ্মকেন্দ্ৰিক জাতীয় বাতৰি, আলোচনা, সাক্ষাৎকাৰ অবিৰত ৰূপত সম্প্ৰচাৰিত বা প্ৰকাশ কৰি আহিছে। যেনিবা ভয়ংকৰ ৰূপত সমাজখনক গ্ৰাস কৰি দুৰ্বল কৰি পেলোৱা প্ৰথম শাৰীত উল্লেখিত সমস্যাসমূহ যেনিবা বাতৰিয়ে নহয়, এহসমূহ যেনিবা ক্ষতিকাৰক সামাজিক উপাদান নহয়েই, এই সমূহ যেনিবা অসমীয়া জাতিৰ প্ৰতিজন সদস্যৰ লগত সংলগ্ন উপকৰণ নহয়েই। সকলো ধৰণৰ সংবাদ বা গণমাধ্যমৰ দ্বাৰা সমাজক এনেধৰণৰ শিক্ষিত কৰিব বিচাৰিছে যেনিবা হঠাৎ আন মৌলিক অধিকাৰ, দায়িত্ব, কৰ্তব্য আদিৰ জীৱনত প্ৰয়োজন নাই। মাত্ৰ অতি সাম্প্ৰদায়িক, অতি ধাৰ্মিক, অতি জাতীয়তাবাদী, অতি গোষ্ঠীবাদী, অতি ভাষাকেন্দ্ৰিক আচৰণেই সমগ্ৰ জাতিৰ লগতে ব্যক্তিগত অস্থিত্ব বহন কৰি জীৱন সাফল্যমণ্ডিত কৰিব পৰা অত্যাৱশ্যকীয় উপাদান যেনিবা, সেই হিচাপে প্ৰক্ষেপিত কৰিছে। ইয়াৰ অন্তৰালৰ উদ্দেশ্য কি? এটা বৃহৎ পৰিকল্পনা খুব সন্তৰ্পনে আগবাঢ়িছে, যি পৰিকল্পনাৰ শুংসূত্ৰ প্ৰতিজন অসমীয়াৰ অজ্ঞাতে কিন্তু মুকলিকৈ চকু-কাণৰ সন্মুখতে ৰূপায়ণ কৰি আছে। কিন্তু আমাৰ শক্তিশালী বিবেকৰ অভাৱত বা সংজ্ঞাত্মকতাৰ দুৰ্বলতাৰ বাবে এই ষড়যন্ত্ৰসমূহক পঞ্চইন্দ্ৰিয়ই অনুভৱ কৰিব নোৱাৰা হৈছে। এই ষড়যন্ত্ৰৰ এটা প্ৰধান বৈশিষ্ট্য যাৰ বাবে আমি প্ৰতিজন শিক্ষিত-অশিক্ষিত, ধনী-দুখীয়া, জ্ঞানী-অজ্ঞানী, চৰকাৰী-বেচৰকাৰী, ব্যৱসায়ীক-দৈনিক মজদুৰ, হিন্দু-মুছলিম-খ্ৰীষ্টান-বুদ্ধিজ আদি বিভিন্ন সম্প্ৰদায়, জনগোষ্ঠী, ভাষিক আদিৰ প্ৰতিজন অসমীয়াই এই ষড়যন্ত্ৰৰ মাজত আবদ্ধ হৈয়ো ষড়যন্ত্ৰ বুলি অনুভৱ কৰিবলৈ বিবুদ্ধিত পৰিছে। যাৰ বাবে আমি এটা সময়ত অনৰ্থক, ষড়যন্ত্ৰ, ক্ষতিকাৰক আদি ঋণাত্মক উপাদান বুলি যিবোৰৰ পৰা আঁতৰি থাকো, একেখিনিক পুনৰ আন এটা সময়ক একেখিনিয়ে প্ৰয়োজনীয় বা স্বকীয়তা ৰক্ষাৰ আৱশ্যকীয় উপাদান বুলি গ্ৰহণ কৰো। অৰ্থাৎ এই ষড়যন্ত্ৰ সম্পূৰ্ণ ৰূপে মনোবৈজ্ঞানীক দিশত সামঞ্জস্য ৰাখি খূব সন্তৰ্পণে পদক্ষেপ আগবঢ়াইছে। এইটোৱেই এই ষড়যন্ত্ৰৰ প্ৰধান বৈশিষ্ট্য। কিয়নো, বৰ্তমান আধুনিক বিশ্বৰ বিজ্ঞান-প্ৰযুক্তি বিদ্যাৰ বিস্ফোৰণৰ যুগত, শিক্ষাৰ বিে¦ফাৰণৰ যুগত জাতি-ধৰ্ম-বৰ্ণ-ভাষা-সম্প্ৰদায় আদিৰ নামত বৈষম্য বা সংঘাতৰ প্ৰশ্ন উঠিব নোৱাৰে। সেয়ে এই আধুনিক বিশ্বৰ আধুনিক অসমীয়াক কেনেকৈ ষড়যন্ত্ৰত লিপ্ত কৰাই ষড়যন্ত্ৰকাৰীসকলৰ নিজস্ব ব্যক্তিগত স্বাৰ্থ পূৰণত সফল হ’ব পাৰি তাৰ এটা দীৰ্ঘদিনীয়া পৰীক্ষা-নিৰীক্ষা চলিল। ষড়যন্ত্ৰকাৰীসকলৰ গৱেষণাৰ পৰা তেওঁলোকে বুজি পালে যে ভাৰতত আদিম যুগৰ পৰা নহ’লেও আৰ্য যুগৰ পৰা কিন্তু সমাজখন মূলত চাৰিটা ভাগত বিভাজন কৰি সেই মতে বংশানুক্ৰমিক সামাজিক মৰ্যাদা বৰ্তাই ৰখাটো এটা ৰক্ষণশীল সামাজিক মানসিকতালৈ ৰূপান্তৰ হ’ল। উচ্চ শ্ৰেণীখিনি সদায় উচ্চ হৈ থাকিব, নিম্ন শ্ৰেণীখিনি সদায় নিম্ন হৈয়ে থাকিব, লাগিলে সেই অসমীয়া বা ভাৰতীয়জন যিমানে শিক্ষিত নহওক, বা পদমৰ্যাদা উচ্চ নহওক কিয়। মোগলে ভাৰতবৰ্ষত শাসনভাৰ লৈ এই প্ৰথা বিলুপ্তি ঘটাবলৈ প্ৰচেষ্টা কৰিছিল যদিও আংশিকভাৱেহে সফল হ’ল, তাৰ পাছত ঊনবিংশ শতিকাত ইংৰাজে ভাৰতবৰ্ষ শাসন কৰি এই প্ৰথাৰ বিলুপ্তি ঘটাবলৈ একাংশ বৃটিছে প্ৰচেষ্টা কৰাৰ সমান্তৰালকৈ আন এচামে শাসনৰ স্বাৰ্থত জনসাধাৰণক বশ কৰিবলৈ পুনৰ এনে বিভাজনক গুৰুত্ব দি সমাজখনৰ জাত-পাত-ধৰ্ম-বৰ্ণ আদিত ভাগ ভাগ কৰি নিশকটীয়া কৰি শাসন কাৰ্য দীঘলীয়া কৰিবলৈ সমৰ্থ হৈছিল। এইবোৰ কথা শিক্ষিত সমাজখনে বুজি উঠি মহাত্মা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ এক সৰ্বভাৰতীয় কমিটীৰ দ্বাৰা এই বিভাজনবোৰ আঁতৰাই সমগ্ৰ ভাৰতবাসীৰ লগতে অসমবাসীক একত্ৰিত কৰি অত্যাচাৰী, শোষণকাৰী ইংৰাজ শাসকৰ বিৰুদ্ধে প্ৰায় ৬১ বছৰ কঠোৰ সংগ্ৰাম, লাখ লাখ জীৱন ত্যাগৰ দ্বাৰা দেশ স্বাধীন হ’ল। কিন্তু তাৰ মাজতো একাংশৰ এই বৈষম্যৰ মানসিকতা সজীৱ দেখি ইংৰাজে সাৰপানী যুগুত কৰি ১৯২৫ চনত প্ৰথম তাৰ পাছত দুটামান সাম্প্ৰদায়িক সংগঠনৰ জন্ম দি ইংৰাজক তলে তলে সমৰ্থন কৰি নিজৰ সুবিধা আদায় কৰি আছিল আৰু যিসকলে সদায় কোনো সংগ্ৰাম নকৰি, ত্যাগ নকৰি জীৱন দান নকৰি মাত্ৰ সাম্প্ৰদায়িক- জাতি-ধৰ্ম- বৰ্ণ-ভাষা আদিৰ নামত বৈষম্যৰ আচৰণৰ দ্বাৰা শাসক পক্ষৰ পৰা মলাইৰ সৈতে গাখীৰ খাবলৈ পাই থাকে তেনেক্ষেত্ৰত এই আচৰণত কিয় ত্যাগ কৰিব। গান্ধী, নেহেৰু, মৌলানা আব্দুল কালাম আজাদ, চৰদাৰ বল্লভভ ভাই পেটেল আদিৰ দৰে উচ্চ শিক্ষা গ্ৰহণৰ বাবে যি ত্যাগ কৰিছিল, কঠোৰ পৰিশ্ৰম কৰিছিল, তাৰ পাছত চৰকাৰৰ উচ্চ পদত অধিষ্ঠিত নহৈ পুনৰ এক কঠোৰ আৰু ভয়াৱহ সংগ্ৰামত জঁপিয়াই পৰি দেশমাতৃক স্বাধীন কৰিবলৈ প্ৰায় ৬১ বছৰ কাল অবিৰত ৰূপত ত্যাগ আৰু অগ্নি পৰীক্ষাৰ সন্মুখীন হৈ আহিছিল, তেনেক্ষেত্ৰত এই সাম্প্ৰদায়িক সংগঠন কেইটাৰ এজনৰো তাকো তেওঁলোকে লিখা ইতিহাসৰ পাতত নাম উল্লেখিত নহ’ল। কাৰণ তেতিয়াৰ এই ভণ্ড চৰিত্ৰৰ বৈষম্যৰ নেতা সকলে কেৱল মাত্ৰ নিজৰ ব্যক্তিগত জীৱনৰ ভোগ-বিলাসৰ, লাভা-লাভৰ আদৰ্শৰ বাহিৰে এটি মাত্ৰ সামাজিক আদৰ্শ ইতিহাসৰ পাতত উল্লেখিত নহ’ল। ইতিহাসে মাত্ৰ সংঘটিত হোৱা উল্লেখনীয় ঘটনাহে বহন কৰে, সেই ভণ্ড সকলে কিবা তেনেকুৱা সংঘটিত কৰা হ’লে নিশ্চয় ইতিহাসে অস্বীকাৰ নকৰে। কিন্তু সমান্তৰালকৈ এই ভণ্ড স্বাধীনতা আন্দোলনকাৰী বা দেশপ্ৰেমিক বুলি দাবী কৰাসকলৰ কিন্তু বাৰে প্ৰতি ইংৰাজ চৰকাৰক ক্ষমা প্ৰাৰ্থনা কৰি দিয়া আবেদন বা চিঠি সমূহ হুবহু লিপিৱদ্ধ আছে। চোৰাত-পাত গছৰ গুটিত আপেল নগজে আৰু আপেলৰ গুটিত চোৰাত পাত নগজে। সেই চোৰাত পাতৰ বুঢ়াগছৰ গুটিবোৰ সময়ে সময়ে অস্থিত্ব বহন কৰি একোজোপা গছলৈ ৰূপান্তৰিত হয়। চোৰাত পাতবোৰ  মানুহৰ গাত লাগিলে অসহ্যকৰ খজুৱতিৰ সৃষ্টি কৰে কাৰণে য’তে দেখে ত’তে কাটি দিয়া হয়। কিন্তু সচৰাচৰ আমি দেখো যে যিবোৰ স্থানলৈ মানুহ বা আন জীৱ-জন্তু নাযায়, তেনে পৰিত্যক্ত ঠাইতহে এনে চোৰাত গছ ঠন ধৰি উঠিবলৈ আমাৰ অজ্ঞাতে সুবিধা পায়। এই সাধাৰণ অৱহেলাই কিন্তু মূৰকত এনেকুৱা ব্যাপক ৰূপত বিস্তাৰিত হোৱাত সহায় কৰা দেখা যায়, যাৰ বাবে পাছত সেই ঠাইডোখৰ ব্যৱহাৰ কৰিবলৈ বা যাবলৈ আমাৰ সাহস নহয়, বৰঞ্চ তালৈ গ’লে প্ৰথমে আমাক ক্ষতি কৰিব।
একেদৰে আমাৰ এই সাম্প্ৰদায়িক ধৰ্ম-বৰ্ণ-ভাষা-বৈষম্যৰ প্ৰতি থকা অৱহেলিত মনোভাৱৰ বাবে দিনক দিনে ৰঘূমলাৰ দৰে সমাজখনক গ্ৰাস কৰি দুৰ্বল কৰি পেলাইছে। মূলতে আমি এক প্ৰয়োজনীয়, ঘৃণনীয় বুলি থিকে আঁতৰি থাকো আৰু এই ৰক্তবীজবোৰে ঠন ধৰি উঠিবলৈ সুবিধা পাইছে, মাত্ৰ আমাৰ প্ৰতিৰোধ চাঁপ নথকাৰ বাবে। সমাজৰ ক্ষতিকাৰক বুলি মাত্ৰ আঁতৰি থাকিলেই যথেষ্ট নহয় বৰঞ্চ এই পলায়নবাদী চৰিত্ৰৰ বাবে এইবোৰ দ্ৰুপদ দ্ৰুপে ৰক্তবীজৰ দৰে প্ৰসাৰিত হৈছে।
এই অসমীয়া সমাজ যি বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা, বৰ্ণ, সম্প্ৰদায়ৰে সমাহৰ ঘটি বৈচিত্ৰতাৰ মাজত ঐক্যতাৰে এক বৃহৎ জাতি গঠনৰ প্ৰক্ৰিয়াৰ ফলশ্ৰুতি। পূৰ্বতে, প্ৰায় ১২৫০ খ্ৰীঃলৈকে অসমত বৰাহী ৰাজ্য, মৰাণ ৰাজ্য, মটক ৰাজ্য, ভূঞা ৰাজ্য, চুতীয়া ৰাজ্য, মিচিং, তিৱা, কোচ, কাৰ্বি আদি কৰি সৰু সৰু ৰাজ্যত নিজৰ সম্প্ৰদায়ৰ সৈতে বিভক্ত হৈ আছিল। সেই সময়ত এই জনজাতি আৰু অজনজাতি সকলৰ নিজস্ব লোকসংস্কৃতি, পৰম্পৰাগত ধৰ্মীয় দৰ্শন, ভক্তিভাব, কৰ্মসংস্কৃতিৰে এক সহজ-সৰল প্ৰকৃতিৰ লগত মিলিব পৰা জীৱন ধাৰা আছিল। ১২২৮ খ্ৰীষ্টাব্দত চাও-ল্যুং-চ্যুকাফা অসমলৈ আহি ১২৫৩ চনত চৰাইদেউত ৰাজধানী পাতি ক্ৰমান্বয়ে সকলোৰে লগত মিলিব পৰাকৈ শাসনভাৰ চলাই সাত ৰাজ্য সামৰি এক ৰাজ কৰি সকলো জাতি-জনগোষ্ঠী-ভাষা-সম্প্ৰদায়-ধৰ্মক লৈ এক বৃহৎ অসমীয়া জাতিৰ ধাৰণাৰ সূচনা কৰা হ’ল। তাৰ পাছত ১৫শ শতিকাত শংকৰদেৱ আৰু আজান ফকীৰ আদি কৰিসকলোৱে এক বৃহৎ মহামিলনৰ জাতি গঠনৰ বাবে প্ৰচেষ্টা কৰিছিল। সেই সময়তো অসমৰ চহা অসমীয়া জাতিৰ ধৰ্মৰ জ্ঞান বিশেষ নাছিল, মাত্ৰ লোক সংস্কৃতি-পৰম্পৰা মাজতে আৱদ্ধ। তাৰ পাছত ব্ৰিটিছৰ শাসনভাৰ সময়তো জাতিৰ চেতনাৰ বাহিৰে ধৰ্মীয় চেতনা বিশেষ নাছিল। অসমত সেই সময়ত অনুসূচিত জাতি-জনজাতি, বিশেষ পাছ-পৰা জনগোষ্ঠীসমূহ মূলতে বাসিন্দা হোৱা তেওঁলোকৰ মাজত সিমান ভেদ ভাবে স্থান পোৱা নাছিল। এইসকল মূলতে খেতি কৰি, কষ্ট কৰি দুবেলা দুমুঠি খাই-বৈ জীয়াই থকা চহা মানুহ। বৈষম্য বা বিভাজন সৃষ্টি কৰি লোকৰ উপাৰ্জনৰ টকাৰে ঘৰ-সংসাৰ চলোৱা বিধৰ জাতি নাছিল। ক্ৰমান্বয়ে শেহৰ বিধৰ পয়োভৰ অসমত ঘটা বাবে অসমীয়া জাতিয়ে অস্থিৰতা অনুভৱ কৰিছে। এই জাতিটো স্থবিৰ আৰু সহজ-সৰল অসমীয়া জাতিটোক বহু পৰিমাণে ক্ষতি কৰিবলৈ আৰম্ভ কৰিছে। ইহঁতে ‘ধৰ্ম-সম্প্ৰদায়-ভাষা-জনগোষ্ঠীয় বৈষম্য’ নামৰ বৃহৎ নাৰিকলটো হোজা অসমীয়া জাতিৰ মূৰৰ ওপৰত মাৰি ভাঙি নিজৰ জন্মগত বা উত্তৰাধিকাৰী সূত্ৰে পোৱা চৰিত্ৰ অনুযায়ী লোকৰ পিঠাৰে বিহু পতাৰ দৰে শান্ত অসমীয়া জাতিক অন্যপথৰে বিভাজন কৰিব নোৱাৰি এই শেহতীয়া ধৰ্ম, সম্প্ৰদায়, ভাষা, জনগোষ্ঠী আদিৰ নামত মনোবৈজ্ঞানীক দিশেৰে ক্ৰিয়া কৰি বিভাজন কৰিবলৈ অহৰহ প্ৰচেষ্টা কৰি আহিছে, যাতে তেওঁলোকৰ ৰাজনৈতিক বজাৰখন, ক্ষমতামূলক পদবীত বহি সকলো সুখ স্বাচ্ছ্যন্দৰ ভোক্তা হৈ এই হোজা অনুসূচিত জাতি আৰু জনজাতি আৰু অন্যান্য পাছপৰা সকলক কুকুৰা যুঁজৰ দৰে আৱদ্ধ কৰি বিভাজনৰ ছুৰীৰে ছুৰিকাঘাত কৰি এক আদিম হৰ্ষোল্লাস দেখা পোৱা গৈছে। আৰু এই কুকুৰা যুঁজত আমি অনাহকতে ইজনে সিজনক ক্ষতি কৰাৰ উত্তেজনা কিন্তু অজ্ঞাতে চলি আছে। মানৱ জাতিৰ জন্মগত বা প্ৰকৃতিগত বৈশিষ্ট হিচাপে প্ৰবৃত্তি আৰু আবেগ লাভ কৰিছে। প্ৰতিটো প্ৰবৃত্তিৰ বিপৰীতে একোটা আৱেগ জড়িত আছে বা প্ৰতিটো আৱেগৰ উৎপত্তিৰ অন্তৰালত একোটা প্ৰবৃত্তি জড়িত আছে। বিবেকৰ বা সংজ্ঞাত্মকতাৰ কাম হৈছে স্বয়ংক্ৰিয় আৱেগ আৰু প্ৰবৃত্তিক সুচাৰুৰূপে সময়নুযায়ী নিয়ন্ত্ৰণ কৰা।
অসমীয়া সমাজ পূৰ্বৰ পৰাই ভৌগোলিক পৰিৱেশৰ প্ৰতিকূলতাৰ বাবে আনুষ্ঠানিক শিক্ষাৰ ফালৰ পৰা উন্নত নহ’লেও কিন্তু নিজৰ প্ৰবৃত্তি আৰু আৱেগক বহু পৰিমাণে নিজৰ লোক-সংস্কৃতি আৰু পৰম্পৰাগত ধৰ্মৰ শিক্ষাৰ পৰা নিয়ন্ত্ৰণ কৰি এক খুব উদাৰ আৰু সহজ-সৰল চৰিত্ৰৰ প্ৰকাশ ঘটাবলৈ সক্ষমতাৰ দ্বাৰা চানেকী বহন কৰিছিল। তেতিয়া অসমীয়া সকল ধৰ্মীয় জাতি-সম্প্ৰদায়-ভাষা আদিৰ বৈষম্য নামৰ আফিংৰ পৰা বহুত নিলগত, শেহতীয়া এটা দশকতহে ইয়াৰ বিৰূপ প্ৰভাৱ অসমীয়া জাতিৰ ওপৰত পৰা দেখা গৈছে। বিংশ শতিকাৰ ষাঠী দশকত ভাষা-বৈষম্যতাৰ নামত প্ৰথম ভাঙোন আহিছিল যদিও আশীৰ আৰু নÍববৰ দশকত একাংশ উদত্ত ৰাজনৈতিক ব্যৱসায়িক সকলৰ ব্যক্তিগত লাভালাভৰ বাবে এই সাম্প্ৰদায়িক, ধৰ্মীয় আৰু ভাষাৰ বৈষম্যৰ দ্বাৰা এটা দশক অসমক অসম আন্দোলনৰ নামত জ্বলাই অসমীয়া জাতিৰ যি কঁকাল ভাঙিলে এতিয়ালৈকে চল্লিশ বছৰ পাৰ হোৱা পাছতো জোৰা লগাব পৰা হোৱা নাই। ২০০৩-০৪ বৰ্ষত অসমীয়া-ডিমাচা, ২০১১-১২ চনত অসমীয়া-বড়ো, ২০০০-০৩ চনত অসমীয়া-মাৰোৱাৰী-বিহাৰী আদি কৰি আৰু বহুতো সাম্প্ৰদায়িক আৰু গোষ্ঠীগত সংঘৰ্ষ সময়ে সময়ে ঘটি আহি অসমীয়া জাতি ছিন্ন-ভিন্ন হৈ বৰ্তমানৰ নিশকতীয়া জাতিলৈ ৰূপান্তৰিত হ’ল। বিংশ শতিকাৰ সত্তৰ-আশীৰ দশকত কিছুমান সাম্প্ৰদায়িক সংগঠন আৰু ৰাজনৈতিক দল খুব সন্তৰ্পনে কেইজনমান শিয়াল জাতীয় ব্যক্তিগত লাভালাভৰ বাবে উচ্চকাংশী তথাকথিত অসমীয়া যুৱকক দংশন কৰাত, এক ৰাজনৈতিক লাভালাভৰ বাবে অসম আন্দোলনৰ সৃষ্টি কৰি সমগ্ৰ অসমীয়াক প্ৰথমবাৰলৈ ঘূণীয়া কৰাৰ ষড়যন্ত্ৰৰ আৰম্ভ হ’ল। সেই সময়ত অসমীয়া জাতি খুব উদাৰ আছিল এৰু উগ্ৰ ধৰ্মীয়তা পৰিচয় চৰিত্ৰত নাছিল, যাৰ বাবে উত্তৰ ভাৰতৰ মূলৰ উচ্চ বৰ্ণৰ কেন্দ্ৰিক সাম্প্ৰদায়িক সংগন আৰু ৰজনৈতিক দলে প্ৰকাশ্যই প্ৰভাৱ পেলোৱাৰ মৰসাহ নকৰি এই শিয়াল জাতীয় নেতাক পাঠ শিকালে, যিখিনি কথা আন্দোলনকাৰী সকলে তেওঁলোকৰ ইতিহাসৰ কিতাপ লিখি প্ৰকাশ কৰিছে। বৰ্তমানৰ দিছপুৰ সমষ্টিৰ বিধায়ক আৰু তেতিয়াৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ তেওঁৰ ‘অসম গণ সংগ্ৰাম পৰিষদৰ পৰা অসম গণ পৰিষদলৈ’ কিতাপখনত বিস্তাৰিত ৰূপত প্ৰকাশ কৰিছে এই চৰিত্ৰসমূহক। অসম আন্দোলন একো নাছিল এটা ৰাজনৈতিক উচ্চাকাংশী ডেকা কেইজনমানৰ মনৰ বাসনা পূৰণৰ আহিলা আছিল। ইতিহাসত লিপিবদ্ধ সেই শিয়ালবোৰ যেতিয়া শাসনৰ গাদীত বহিয়ে অসম আন্দোলনৰ উদ্দেশ্য আৰু লক্ষ্যৰ এটা শব্দও মনত ৰাখি চৰিত্ৰ ৰূপায়ণ নকৰিলে। তেতিয়া অসমীয়া প্ৰথমবাৰলৈ নিজৰ সৰলতাৰ সুযোগ লৈ আৱেগিক কৰি কেনেদৰে জাতিক দুৰ্বল কৰিলে তাক অনুভৱ কৰিলে। এই আন্দোলনৰ পাছৰ পৰাই হিন্দু বেংগলী সম্প্ৰদায় বৃহৎসংখ্যকে নিজকে অসমীয়া জাতিৰ পৰিচয়ৰ পৰা আঁতৰাই ৰাখিলে, তাৰ ফলত বৰাক উপত্যকা অসমীয়া ভাষাক সম্পূৰ্ণৰূপে বৰ্জন কৰিছে। তাৰ সমান্তৰালকৈ বাংলাভাষী মুছলিমসকলৰ কিছুসংখ্যক বৰাক উপত্যকালৈ প্ৰভাম্বিত হৈছে। এই আন্দোলনৰ ছত্ৰছায়াত বা আদৰ্শত হিন্দী ভাষী বিহাৰী-মাৰোৱাৰী, পঞ্জাবী আদিক আক্ৰমণ কৰিব ধৰিলে তেওঁলোকেও ক্ৰমান্বয়ে অসমীয়া জাতিৰ পৰিচয়ৰ বিপৰীতে নিজস্ব জাতিৰ পৰিচয়েৰে বিভিন্ন সংগঠন খুলি পৃথক পৰিচয়েৰে অসমীয়া জাতিৰ পৰা অসমতে নিলগাই ৰাখিবলৈ বাধ্য কৰালে। নবৈবৰ দশকত এই সকলৰ শাসন কালতে বৈষম্যতাৰ বাবে বড়ো সকলে নিজস্ব স্বকীয়তাৰে পৃথক ৰাজ্যৰ দাবীৰ শুভৰাম্ভণী কৰিলে আৰু নিজকে অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ নহয় বুলি বীৰদৰ্পে ঘোষণা কৰে আৰু সেই প্ৰক্ৰিয়া অব্যাহত আছে।
শেহতীয়াকৈ অসমীয়া জাতি ধ্বংসৰ কফিনত শেষৰ গজালটো মাৰিবলৈ প্ৰচেষ্টা কৰি থকা হৈছে। এক তৃতীয়াংশ অসমীয়া জনসংখ্যা থকা মুছলিম সম্প্ৰদায়ক উত্তেজিত কৰি ৰখা হৈছে যাতে তেওঁলোকেও অসমীয়া জাতিৰ স্বকীয়তাৰ পৰা ওলাই আনবোৰৰ দৰে নিজস্ব স্বকীয়তা বহন কৰক, যাৰ বাবে শেষৰ পাঁচ-ছয় বছৰত বিভিন্ন ধৰণে ষড়যন্ত্ৰ কৰি অহা হৈছে মাত্ৰ কেইজনমান উচ্চ বৰ্ণৰ ৰাজনৈতিক নেতাৰ উচ্চাকাংক্ষা পূৰণৰ বাবে। কিয়নো অসমীয়া জাতি এক হৈ থাকিলে এই বিশেষ উচ্চ বৰ্ণৰ শ্ৰেণীটোৰ ক্ষমতা, ধন-সম্পত্তি আদি আহৰণত বাস্তবায়িত নহ’ব আৰু তেওঁলোকৰ জনসংখ্যা এক শতাংশও নহয়। সেয়ে একত্ৰিত নহয় অসমীয়া জাতিক ভাগ ভাগ কৰা আৰু পুনৰ পৃথকে পৃথকে এই সকলৰ ওচৰলৈ গৈ শুকুণিৰ চৰিত্ৰ  ৰূপায়ন কৰি পৰস্পৰে পৰস্পৰ শত্ৰুতা কৰি তোলা। উত্তৰ ভাৰতৰ মূলৰ এই সকলৰ ৰাজনৈতিক ক্ষমতা লাভালাভৰ প্ৰতি লালায়সিত চৰিত্ৰ তেজৰ সোঁততে আছে, যাৰ বাবে হাজাৰ হাজাৰ বছৰ ধৰি সমাজত নিজৰ সুত্ৰৰ দ্বাৰা উচ্চ-নীচ বিভিন্ন শ্ৰেণীত ভাগ কৰি পুনৰ এই উচ্চ-নীচ শ্ৰেণীৰ কষ্টৰে উপাৰ্জিত ধনৰ ওপৰতে লাহবিলাসত জীৱন যাপন কৰাটো এই শ্ৰেণীৰ বাবে ধৰ্মলৈ ৰূপান্তৰিত হৈছে। ইয়াৰ ফলস্বৰূপে তেওঁলোকে নিজৰ এই উচ্চ পদবীত বহি সমাজৰ শীৰ্ষস্থানত যিকোনো প্ৰকাৰে অধিস্থিত হৈ থাকিবলৈ যিকোনো স্তৰৰ কাম কৰিবলৈ সদায় প্ৰস্তুত থাকে। তাৰ বাবে যি সম্প্ৰদায়, গোষ্ঠী আদিৰ নাম লৈ সমাজত সদায় বিভাজন কৰি ৰাখি আৰু সেই সমাজখনৰ ওপৰত নিজৰ প্ৰভূত্ব বৰ্তাই ৰাখিবলৈ যুগসূত্ৰৰ চৰিত্ৰ ৰূপায়ন কৰে, কিন্তু এই চৰিত্ৰ এটা ষড়যন্ত্ৰকাৰীৰ চৰিত্ৰহে।
২০১১ চনৰ লোকপিয়ল তথ্য মতে অসমীয়া ভাষী লোক মাত্ৰ অসমত ৪৮ শতাংশ, ২০২১ চনৰ মতে (এতিয়াও অপ্ৰকাশিত এই সংখ্যা ৩০ শতাংশ তললৈ নমাৰ আশংকা আছে। কাৰণ ইতিমধ্যে বড়ো, ডিমাছা, কাৰ্বি, বেংগলী, হিন্দী ভাষী, মিচিং, তিৱা, ৰাভা, কোচ আদিৰ প্ৰায়বোৰ জনগোষ্ঠীয়ে নিজৰ জনগোষ্ঠীয় ভাষাকহে মাতৃভাষা হিচাপে চিনাকী দিছে আৰু ইয়াৰ সমান্তৰালকৈ বৰ্তমানৰ চৰকাৰেও তেওঁলোকৰ ভাষাসমূহ শিক্ষানুষ্ঠানৰ পৰা অসমীয়া দ্বিতীয় বা তৃতীয় শাৰীলৈ আনি প্ৰথম স্থানত ৰাখি শিক্ষাদানৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাত পদক্ষেপ লৈছে। এই ৪৮ শতাংশত মুঠ জনসংখ্যাৰ তিনি ভাগৰ এক অংশ মুছলিম সম্প্ৰদায়ৰ আছিল। বৰ্তমানৰ দৰে ষড়যন্ত্ৰ অবিৰত হৈ থাকিলে নামনি অসমৰ, বৰাক উপত্যকাৰ আৰু চৰ-চাপৰিৰ মুছলিমসকলে অসমীয়াৰ পৰিৱৰ্তে বাংলা ভাষাক নিৰ্বাচন কৰিলে অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা মাত্ৰ ১৬ৰ পৰা ১৯ শতাংশ মানৰ ভিতৰত হ’ব। নিজস্ব ভাষাৰ বাহিৰে কোনো জাতি জীয়াই থাকিব নোৱাৰে। সেয়ে এই জাতি যাতে শিপাৰ পৰা মৰি আহে তাৰে এক মুকলি ষড়যন্ত্ৰ। বৰ্তমানে বাহিৰৰ বিজতৰীয়া শক্তিসমূহেও শোষিত-বঞ্চিত দৰিদ্ৰ মুছলিম সমাজৰ কাষলৈ গৈছে অসমীয়া ভাষাৰ লগতে অসমীয়া জাতিৰ চিনাকী কাগজে পত্ৰই নিলিখিবলৈ। কিন্তু জানি গৌৰৱ হ’ব যে এই অশিক্ষিত দৰিদ্ৰ শ্ৰেণীটো নিজস্ব ভাষা ব্যৱহাৰ কৰিলেও অসমীয়া ভাষাক মাতৃভাষা স্থানৰ পৰা আৰু অসমীয়া জাতি নিজৰ চাৰিত্ৰিক সত্তাৰ পৰা গুচাবলৈ ইমান সহজ হৈ থকা নাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here