Home অসম অসমীয়াৰ সংকট, গুলি এটা লক্ষ্য তিনিটা

অসমীয়াৰ সংকট, গুলি এটা লক্ষ্য তিনিটা

489
0


ড॰ আবুল হুছেইন: অসমীয়াৰ সংকট, এই চুটি বাক্যটো বহু বেছি গুৰুত্বপূৰ্ণ, কাৰণ বাক্যটোৰ সঠিক বিশ্লেষণ হ’বলৈ এতিয়াও যেন বাকী৷ আমি ইতিহাসৰ পৃষ্ঠা লুটিয়াই চালে সমস্যাটোৰ সমাধানৰ পথ ওলাই যায়৷ কিন্তু আমি সেই পথ নুখুজি, পথৰ গতি- দিশ সলাবলৈহে চেষ্টা কৰোঁ৷ ১৯৩৫ চনৰ ২ অক্টোবৰত প্ৰকাশিত সম্পাদকীয় প্ৰতিবেদন ‘বৰ্তমান আমাৰ কৰিবলগীয়া’ প্ৰকাশ পাইছিল দৈনিক বাতৰিৰ পৃষ্ঠাত৷ তাত লিখিছিল এনেদৰে– ‘অসম দেশ অসমীয়াৰ বাবেহে৷’ সেয়ে সাম্প্ৰতিক কালত জাতিৰ মূল মন্ত্ৰ৷ ইয়াত অসমীয়া শব্দৰ অৰ্থ অসমীয়া সংৰক্ষণী সভাৰ সংজ্ঞা ধৰা হৈছে৷ যিসকলে অসমীয়া মাতৃ বুলি গণ্য কৰিব, অসমৰ বাহিৰে কোনোধৰণৰ নিজৰ নিগাজী ঠিকনা নাথাকিব, অৰ্থনৈতিক অৰিহণা অসমতেই থাকিব তেওঁকেই আমি অসমীয়া বুলি গণ্য কৰিম৷ ইমান সুন্দৰ ব্যাখ্যা থকাৰ পিছতো অসমীয়াৰ সংজ্ঞাক লৈ বিতৰ্ক অব্যাহত আছে৷ কেৱল সমস্যা বঢ়াই ৰাজনৈতিক লাভালাভ বিচৰা হেতুকে সমস্যা, সমস্যা হৈয়েই ৰল৷ এতিয়া আহো আমি মূল সমস্যালৈ৷ সকলোৰে বোধগম্য যে অসম আন্দোলনৰ মূল লক্ষ্যৰ বিচু্যতি ঘটি শেহতীয়াকৈ মুছলমানসকলকহে বাছি লোৱা হৈছিল৷ তাতো ৰাজনীতি সোমাল, গৰিয়া-মৰিয়া-দেশীসকলৰ পৰা অকল বংগীয় মূলৰ মুছলমানসকলক পৃথকীকৰণ কৰা হ’ল, অবৈধ বাংলাদেশী বুলি বিশ্বক জনাই দিয়া হ’ল৷ আন্দোলনকাৰী আৰু প্ৰশাসনে পাহৰি গ’ল, কেনেকৈ পূৰ্ববংগৰ পৰা মুছলমান খেতিয়কসকলক অনা হৈছিল, পাহৰি গ’ল কেনেকৈ অসমৰ চীফ কমিছনাৰ ত্তব্জ. Frencis Jenkinsয়ে বংগৰ পৰা কৃষকসকলক আনিছিল৷ ব্ৰিটিছ অসমত উৎপাদনৰ লক্ষ্য আগত ৰাখি ত্তব্জ. Johnson, Col Hopkins, ত্তব্জ North Brooke, ত্তব্জ EA Gait. প্ৰশাসনত থাকি অসমৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰাৰ লক্ষ্যৰে বংগৰ পৰা কৃষকসকলক আনিছিল৷ এনেকি অনাৰ বাবদ টকা দিয়াৰ ব্যৱস্থাও কৰিছিল, পিছলৈ অৱশ্যে তেওঁলোক নিজেই আহিছিল৷ সাম্প্ৰতিক সময়ত বাংলাদেশীৰ সমস্যা আটাইতকৈ লাভদায়ক, সংগঠনসমূহ এই সমস্যাৰ বাবেই যেন জীয়াই আছে৷ পৰিকল্পিতভাৱে এই সমস্যাৰ সমাধান কৰা নহ’ল, অভাবনীয়ভাৱে ‘ডি’ ভোটাৰ সৃষ্টি কৰি বংগীয় মূলৰ মুছলমানসকলকহে নিৰ্যাতন কৰা হ’ল৷ অৱশেষত এনআৰচিৰ কাহিনী আহিল৷ নিত্যনতুন নীতি-নিয়ম জনগণৰ ওপৰত জাপি দিয়া হ’ল৷ ফাইেনল খচৰা ওলোৱাৰ পিছতো এনআৰচি বন্ধ কৰি ৰখা হ’ল৷ এই গোষ্ঠীৰ জনগণে নিজ মাতৃভাষাৰ বিলোপ ঘটাই অসমীয়া ভাষাক লোকপিয়লত মাতৃভাষা বুলি সন্নিবিষ্ট কৰি বিশ্বত নজিৰবিহীন ঘটনা হিচাপে পৰিগণিত হ’ল৷ দুখৰ বিষয়, মূল সঁুতিৰ অসমীয়াসকলে অনুধাৱন কৰিব নোৱাৰিলে৷ হাতে-কামে, ঘটনা-পৰিঘটনাত দেখুৱাই দিয়ে যে জনগোষ্ঠীটো অসমীয়া নহয়, অসমীয়া ভাষাৰ সাংবিধানিক ৰক্ষাকৱচৰ দাবী তাকেই প্ৰমাণ কৰে৷ যি কি নহওক, বংগীয় মূলৰ মুছলমানসকল যে কেতিয়াবাই অসমীয়া হৈ গৈছে সেই কথা কাকো জনোৱাৰ দৰকাৰ নাই৷ কিন্তু আকাশখন যে ফট্‌ফটীয়া নহয়, মাজে মাজে ধুমুহা অহাৰ সম্ভাবনা থাকে৷ এই জনগোষ্ঠীটোক একে জাতিৰ জনগোষ্ঠীৰ পৰা পৃথকীকৰণৰ চেষ্টা চলাই থকা হৈছে, কিছু সফলতাও অৰ্জন কৰিছে৷ এনআৰচিৰ নামত একাষৰীয়া কৰা হৈছে, অসমীয়াৰ সংজ্ঞাতো এলাগী অৱস্থাত আছে৷ কেৱল বাংলাদেশী ইছ্যুতেই সকলো সন্দেহাতীত, গুলী এটা লক্ষ্য তিনিটা, কি চমৎকাৰ আইডিয়া!

LEAVE A REPLY

Please enter your comment!
Please enter your name here