Home Main Stories পশ্চিমীয়া সভ্যতাৰ প্ৰতি মুছলমান সমাজৰ দৃষ্টিভংগী

পশ্চিমীয়া সভ্যতাৰ প্ৰতি মুছলমান সমাজৰ দৃষ্টিভংগী

270
0

খবিৰ আহমেদ

ইছলাম ধৰ্মৰ অনুগামী সকলৰ মাজত যিমান বিভাজন, মতভেদ, ভেদভাৱ আৰু  বাক-বিতন্ডা আছে বোধকৰো পৃথিবীৰ অইন কোনো ধৰ্মৰ মাজত ইমান বিভাজন অথবা মতভেদ নাই। আৰু থাকিলেও সেই মতভেদবোৰে পৃথিবীত ইমান সমস্যাৰ সৃষ্টি কৰা নাই যিমান সমস্যাৰ সৃষ্টি কৰিছে ইছলাম ধৰ্মৰ মাজত থকা মতভেদে। প্ৰাথমিক ভাবে ইছলাম ধৰ্মৰ ভাগ দুটা হৈছে ছিয়া আৰু ছুন্নী। জনা যায় যে ইছলাম ধৰ্মৰ মাজত এই বিভাজন কোনো ধৰ্মীয় কাৰণত হোৱা নাছিল, হৈছিল ৰাজনৈতিক কাৰণতহে। হজৰত মহম্মদ (ছঃ)ৰ মৃত্যুৰ পিছত ইছলাম বিশ্বৰ খলিফা কোন হ’ব তাক লৈ দুটা ফৈদৰ সৃষ্ট হয়। ছিয়া ফৈদটোৱে বিচাৰে যে হজৰত মহম্মদ(ছঃ)ৰ নিজ বংশ বা পৰিয়ালৰ পৰাই কোনোবাই তেওঁৰ উত্তৰাধিকাৰী হ’ব লাগে। কিন্তু আনটো ছুন্নী গোটে বিচাৰে যে ৰাছুলুল্লাহৰ উত্তৰাধিকাৰীজন  তেখেতৰ ঘনিষ্ট কোনো চাহাবাৰ মাজৰ পৰা গণতান্ত্ৰিক পদ্ধিতত হ’ব লাগে। এই মত বিৰোধৰ মাজত অবশ্যে ছুন্নী সকলৰ জয় হয় আৰু আবু হানিফাক হজৰত মহম্মদ(ছঃ)ৰ উত্তৰসুৰী হিচাপে মানি লোৱা হয়। কিন্তু এই ছিয়া আৰু ছুন্নীৰ মাজতো আকৌ উপভাগ আছে। ছিয়া সকলৰ আছে তিনিভাগ আৰু ছুন্নী সকলৰ মাজতো আছে চাৰিভাগ। ছুন্নী সকলৰ মাজত থকা উপভাগ কেইটা হ’লঃ হানাফি, মালিকি, ছাফি মুজাহাবী আৰু হানাবিল। জনা যায় যে এনেদৰে ভাগ আৰু উপভাগ হৈ গৈ গৈ মুছলমান সকলৰ মাজত বৰ্তমান ৭২টা ভাগ চলি আছে। এটা হাদিছ প্ৰচলিত আছে এনে ধৰণৰ যে এই ৭২টা ভাগৰ মুছলমানৰ মাজত কেৱল এভাগ মুছলমানহে বেহেস্তত যাব আৰু বাকীভাগ মুছলমান দোজখত যোৱাটো খাটাং। 

ইছলাম ধৰ্মী মানুহৰ মাজত যিমানেই ভাগ আৰু মতভেদ নাথাকক কিয় এটা বিষয়ত কিন্তু তেওঁলোকৰ মাজত মিল আছে আৰু সেইটো হ’ল পশ্চিমীয়া সভ্যতা সংস্কৃতিৰ ঘোৰ বিৰোধিতা কৰা। এচিয়া, আফ্ৰিকা বা আমেৰিকা যি মহাদেশতেই তেওঁলোক নাথাকক কিয়, পশ্চিমীয়া শিক্ষা, সভ্যতা আৰু সংস্কৃতিক তেওঁলোকে চকু পাৰি দেখিব নোৱাৰে। হত্যা, ধৰ্ষণ, অপহৰণ আৰু হাজাৰটা অপৰাধ মূলক কাম কৰি আফ্ৰিকা মহাদেশৰ নাইজেৰিয়া, চাদ, নিগাৰ, কেমেৰুণ আদি দেশক মানবতাৰ বধ্যভূমিত পৰিণত কৰা বকো হাৰামৰ কথা আমি সকলোৱে শুনিছো। তাৰে স্থানীয় ভাষাত ‘বকো’ মানে পশ্চিম আৰু ‘হাৰাম’ৰ অৰ্থ হৈছে নিষিদ্ধ। বকো হাৰাম সংগঠনৰ ওচৰত পশ্চিমীয়া সকলো বস্তুৱেই নিষিদ্ধ। ইছলামৰ ছুন্নী পন্থা মানি চলা বকো হাৰামো এটা সন্ত্ৰাসবাদী সংগঠন আৰু ইয়াৰ প্ৰধান লক্ষ্য হৈছে এই দেশবোৰত শ্বাৰিয়া আইন বলবৎ কৰি ইছলামিক ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা। আইছিছ, আল কায়দা, তালিবান, হিজবুল মুজাহিদীনকে আদি কৰি যিমান সসস্ত্ৰ ইছলামিক সংগঠন আছে সকলো বিলাক সংগঠনেই পশ্চিমীয়া সভ্যতা সংস্কৃতিৰ ঘোৰ বিৰোধী। ইছলামৰ লগত পশ্চিমীয়া সভ্যতাৰ বিৰোধ ইমানেই বেচি যে কট্টৰপন্থী ইছলামিক বিধি বিধানৰ পৰা মুক্ত কৰি দেশ এখনত  পশ্চিমীয়া উদাৰ আৰু আধুনিক শাসন ব্যৱস্থা প্ৰবৰ্তন কৰিব গ’লেও সেইয়া বেছিদিন স্থায়ী হ’বলৈ নিদিয়ে। উদাহৰণ স্বৰূপ তুৰ্কীৰ মুস্তাফা কামাল আতাতুৰ্ক আছিল বিংশ শতিকাৰ শ্ৰেষ্ঠ আধুনিকতাবাদী শাসক। অ’টোমান সম্ৰাজ্য পতনৰ পিছত তেওঁ খলিফা প্ৰথা উঠাই দি তুৰ্কীখনক আধুনিক গণতান্ত্ৰিক দেশ হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। কিন্তু তুৰ্কীৰ সাধাৰণ মুছলিম মানুহবোৰে ভাবিলে যে মুস্তাফা কামালৰ সেই সংস্কাৰমুখী কামবোৰ আছিল ইছলাম বিৰোধী আৰু সেয়েহে সেই সকলোবোৰ সংস্কাৰ তুৰ্কীৰ মানুহে অস্বীকাৰ কৰিলে। সেই একেই কথা কব পাৰি ইৰাণৰ ক্ষেত্ৰতো। ইৰাণৰ ৰেজা শ্বাহ পেহলভী আৰু তেওঁৰ পুত্ৰ মহম্মদ ৰেজা শ্বাহেও ইৰাণক এখন ধৰ্ম নিৰপেক্ষ আধুনিক দেশলৈ ৰূপান্তৰিত কৰিব বিচাৰিছিল। কিন্তু ১৯৭৯ চনত ৰুহুল্লা আয়তুল্লা খোমেনিৰ নেতৃত্বত সংঘটিত হোৱা ইছলামিক বিপ্লবে সংস্কাৰৰ সেই সকলো প্ৰচেষ্টা ধুলিস্যাৎ কৰি ইছলামিক স্থিতাবস্থা বাহাল ৰাখে। পশ্চিমীয়া সমাজৰ লগত প্ৰাচ্যৰ সমাজ বিশেষকৈ ইছলামিক সভ্যতাৰ এই চিৰন্তন বিৰোধকেই আমেৰিকাৰ ৰাজনৈতিক বিশেষজ্ঞ চেমুৱেল পি হান্টিংটনে সভ্যতাৰ সংঘাত বুলি কৈছে। Clash of Civilization নামৰ এখন গ্ৰন্থ ৰচনা কৰি তেওঁ কৈছে যে শীতল যুদ্ধ সমাপ্ত হোৱাৰ পিছত পৃথিবীত যিবোৰ যুদ্ধ হ’ব সেইবোৰ যুদ্ধ দেশৰবোৰৰ মাজত থকা বিৰোধৰ বাবে নহ’ব। বৰং সেইবোৰ যুদ্ধ হ’ব সভ্যতা আৰু সংস্কৃতিৰ মাজত থকা দ্বন্দৰবোৰৰ বাবেহে।

মুছলমান সকলে বিশ্বাস কৰে যে একমাত্ৰ আৰবী ভাষাই হৈছে আল্লাহৰ পছন্দৰ ভাষা আৰু আৰবী ভাষাৰ বাহিৰে বিধৰ্মী সকলৰ ইংৰাজী ভাষাত শিক্ষা দীক্ষা ললে মানুহ বিপথে পৰিচালিত হয়। প্ৰচলিত এই বিশ্বাসৰ কাৰণেই উপনিবেশিক কালত ইংৰাজ সকল আৰু হিন্দু মানুহে প্ৰতিষ্ঠা কৰা শিক্ষানুষ্ঠানবোৰত তেওঁলোকে ল’ৰা ছোৱালী পঠোৱা নাছিল। মুছলমান সকলে বিশ্বাস কৰিছিল যে ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানত শিক্ষালাভ কৰিবলৈ গ’লে ধৰ্মৰ লগত মানুহজনৰ সম্পৰ্ক নোহোৱা হৈ যায় অথবা তেওং নাস্তিক হৈ যায়। এইবোৰ কাৰণতেই স্বাধীন ভাৰতৰ প্ৰথম শিক্ষা মন্ত্ৰী মৌলানা আবুল কালাম আজাদ আৰু ডঃ জাকিৰ হুছেইনৰ নিচিনা বহু মুছলমানেই লুকাই চুৰকৈ ইংৰাজী ভাষা পঢ়িব লাগিছিল। অবশ্যে মুছলমান সকলৰ ইংৰাজী বিদ্বেষৰ আৰু এটা কাৰণো আছিল। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত ইংৰাজ সকলে ভাৰতৰ বহুতো ধনী, শিক্ষিত আৰু সম্ভ্ৰান্ত মুছলমানক হত্যা কৰিছিল।এই কাৰণেও মুছলমান সকলে ইংৰাজী ভাষা ব’য়কট কৰিছিল আৰু দেশৰ মূল প্ৰশাসনিক ধাৰাৰ পৰা তেওঁলোক আঁতৰি থাকিছিল। ফলস্বৰূপে ভাৰতৰ অইন অইন সম্প্ৰদায়বোৰে যেতিয়া ইংৰাজী ভাষাক আদৰি লৈ ইংৰাজী ভাষাত শিক্ষালাভ কৰি দোপদদোপে আগুৱাই গৈছিল, মুছলমান সকলে তেওঁলোকৰ ল’ৰাছোৱালীক পঢ়ুৱাইছিল কেৱল ধৰ্মীয় শিক্ষাৰ অনুষ্ঠান মক্তব-মাদ্ৰাছাত। ভাৰতৰ আন সম্প্ৰদায়ৰ লোকসকল যেতিয়া বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ জ্ঞান আহৰণ কৰি বহিৰ্বিশ্বৰ লগত সম্পৰ্ক স্থাপন কৰিছিল ভাৰতৰ মুছলমান সকলে তেতিয়া ব্যস্ত আছিল তেওঁলোকৰ প্ৰিয় গজল, শ্বায়েৰী, কাবাব, বিৰিয়াণী, হাৰাম-হালাল লৈ। পেটত ভাত আৰু থাকিবলৈ ঘৰ নাথাকিলেও ভাৰতৰ একাংশ ছাল ছিগা ধৰ্মান্তৰিত মুছলমানে মোগল সম্ৰাট সকলৰ অতীত গৌৰৱ চেলেকী ভুৱা আত্মতৃপ্তি লাভ কৰিছিল। এতিয়াও কৰে।

লক্ষ্য কৰিলে দেখা যায় যে উপনিবেশিক কালত আৰ্থ-সামাজিক, ৰাজনৈতিক আৰু শৈক্ষিক ক্ষেত্ৰ সমূহত মুছলমান সকলে তিনি ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। অর্থাৎ মুছলমান সকলৰ মাজত তিনি ধৰণৰ মত পোষণ কৰা মানুহ আছিল। প্ৰথম দলৰ মানুহে সামগ্ৰীক ভাবে পশ্চিমীয়া ধ্যান-ধাৰণাৰ সকলো বস্তুৱেই অনুকৰণ কৰাৰ পক্ষপাতী আছিল। দ্বিতীয় দলটোৱে ইংৰাজ সকলৰ সকলো বস্তুৰেই ঘোৰ বিৰোধিতা কৰিছল। আৰু তৃতীয় মত পোষণ কৰা দলটোৱে ইংৰাজ সকলৰ ভাল গুণবোৰ গ্ৰহণ কৰি বেয়া গুণবোৰ বৰ্জন কৰাৰ পক্ষপাতী আছিল। এই তৃতীয় মত পোষণ কৰা অনুগামী সকলৰ মাজৰেই এজন আছিল আলীগড় মুছলিম বিশ্ববিদ্যালয়ৰ  প্ৰতিষ্ঠাতা ছাৰ ছৈয়দ আহম্দ আলী খান। দৰাচলতে, মুছলিম ইতিহাসৰ এই ভটিয়নি সোঁতৰ মাজতো এচাকি পোহৰ লৈ আহিছিল ছাৰ ছৈয়দ আহমদ আলী খানে। এজন চৰাকাৰী চাকৰিয়াল হোৱাৰ ওপৰিও তেখেত আছিল এজন শিক্ষাবিদ, সাংবাদিক আৰু ইছলাম ধৰ্মৰ এজন বিদগ্ধ পন্ডিত। ছাৰ ছৈয়দ আহমদ আলী খানে আধুনিক শিক্ষাৰ পোষকতা কৰিছিল, কিন্তু তেওঁৰ আধুনিক শিক্ষা আছিল কোৰাণ আৰু ছুন্নাৰ লগত আপোচ নকৰাকৈ এক সন্তুলিত শিক্ষা ব্যৱস্থা। ইংলেন্ডলৈ গৈ তেখতে ইংৰাজ সকলৰ শিক্ষা ব্যৱস্থা অধ্যয়ন কৰিছিল আৰু ১৮৬৭ চনত তেওঁ আলীগড়ত  Mohammedan Anglo-Oriental School স্থাপন কৰিছিল। এই স্কুলখনেই পিছলৈ গৈ Mohammedan Anglo-Oriental College আৰু তাৰ পিছত আলীগড় মুছলিম বিশ্ব বিদ্যালয় হিচাপে পৰিগণিত হয়। ছাৰ ছৈয়দ আহমদ আলী খানে এনেকুৱা শিক্ষাৰ পোষকতা কৰিছিল যি শিক্ষা আহৰণ কৰিলে বিশ্বৰ অগ্ৰণী জাতিবোৰে মুছলমান সকলক ঘিন আৰু হেয় জ্ঞান নকৰে আৰু যি শিক্ষাৰ দ্বাৰা মুছলমান সকলে বিশ্বত আধুনিক শিক্ষাত শিক্ষিত আৰু সংস্কৃত সামাজ হিচাপে পৰিচয় দিব পাৰে।

কিন্তু ৰক্ষণশীল মুছলিম সমাজে ছাৰ ছৈয়দ আহমদ আলী খানৰ এই উদাৰ পন্থী বা মধ্যম পন্থী শিক্ষাৰ ঘোৰ বিৰোধিতা কৰিছিল। আলীগড়ত  Mohammedan Anglo-Oriental School স্থাপন কৰাৰ বাবে ৰক্ষণশীল মুছলিম সমাজে তেওঁৰ বিৰুদ্ধে ফতোৱা জাৰি কৰিছিল। তেওঁৰ উদাৰ পন্থী শিক্ষাৰ  বিৰোধিতা কৰি সেই একেই চনত মোহাম্মদ আবিদ হুছেইনে উত্তৰ প্ৰদেশৰ শাহাৰাণপুৰ জিলাৰ দেওবন্দ নামৰ ঠাইত স্থাপন কৰিছিল দাৰুল উলুম। দাৰুল উলুম মানে শিক্ষাৰ ঘৰ (house of learning) কিন্তু ইয়াত দিয়া হয় সম্পূৰ্ণ ধৰ্মীয় শিক্ষা। ইয়াৰ শিক্ষা প্ৰণালী অত্যন্ত গোড়া আৰু ৰক্ষণশীল। ইয়াত শিকোৱা হয় ফিকাহ (Islamic jurisprudence), তফছিৰ (Quranic exegesis),  হাদিছ( traditions) কালাম (scholastic theology), ইছলামীয়  দৰ্শন ইত্যাদি। দাৰুল উলুম দেওবন্দত প্ৰায় ৫০০০ ছাত্ৰই অধ্যয়ন কৰে আৰু মূলতঃ এওঁলোকক মুছলিম সম্প্ৰদায়ৰ ধৰ্মীয় নেতৃত্ব দিয়াৰ কাৰণেই শিক্ষা দিয়া হয়। ৰক্ষণশীল ধৰ্মীয় শিক্ষাৰ ক্ষেত্ৰত দেওবন্দৰ এই দাৰুল উলুম  সম্গ্ৰ বিশ্বত এতিয়াও খুবেই প্ৰভাবশালী। 

এইদৰে, মুছলমান সমাজত আধুনিক ইংৰাজী শিক্ষা আৰু পশ্চিমীয়া জীৱন শৈলী গ্ৰহণ কৰা নকৰাক লৈ মতভেদ তেতিয়াও আছিল আৰু এতিয়াও আছে। ভাৰতীয় মুছলমান সমাজ ৰক্ষণশীল আৰু উদাৰপন্থী— এই দুটা ভাগত উলম্ব ভাবে বিভাজিত। ৰক্ষণশীল মুছলমান সমাজে উদাৰপন্থী মুছলমান সকলক কেতিয়াও বিশ্বাসত লব পৰা নাই। উদাৰপন্থী সকলৰ প্ৰতি তেওঁলোকৰ থাকে সদায় ভয় আৰু সংশয়। যিমানেই সঁচা কথা নকওঁক কিয় ৰক্ষণশীল মুছলিম সমাজে ভাবে যে উদাৰ পন্থী মুছলমান সকল হৈছে পশ্চিমীয়া শিক্ষা আৰু সংস্কৃতিৰ দালাল। ভাৰতীয় মুছলমান সমাজক এই ৰক্ষণশীল গোটটোৱেই নিয়ন্ত্ৰণ কৰে। চৰকাৰ, প্ৰচাৰ মাধ্যম আৰু আন আন সম্প্ৰদায়ৰ মানুহে এই ৰক্ষণশীল সমাজখনকেই মুছলমান সকলৰ প্ৰতিনিধিত্ব মূলক সমাজ বুলি ভাবে। আজিৰ একবিংশ শতাব্দীৰ পৃথিবীৰ লগত মুছলিম বিশ্বই খোজ মিলাই আগুৱাই যাব লগা হ’লে এই দুই ধাৰাৰ মাজত এটা গ্ৰহণযোগ্য পন্থা বাচি উলিয়াবই লাগিব।

[ লেখকৰ ফোন নম্বৰ:  9954033111 ]

LEAVE A REPLY

Please enter your comment!
Please enter your name here