Home স্থানীয় বিজনীত চাৰিদিন অভিযান চলাই বন বিভাগে উদ্ধাৰ কৰিলে প্ৰকাণ্ড ভালুক

বিজনীত চাৰিদিন অভিযান চলাই বন বিভাগে উদ্ধাৰ কৰিলে প্ৰকাণ্ড ভালুক

76
0

গণ বাৰ্তা,পাণবাৰী ১৪ নৱেম্বৰ: চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী কুকলুং ৰেঞ্জৰ অন্তৰ্গত ১ নং দংশিয়াপাৰাত এটা ভালুক উদ্ধাৰ কৰে বন বিভাগ। চাৰিদিন ধৰি উক্ত অঞ্চলত মুক্ত বিচৰণ কৰি থকা ভালুকটো আজি বন বিভাগৰ  চিকিৎসকে ট্ৰেংকুলাইছড কৰি উদ্ধাৰ কৰে।মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জনাঞ্চললৈ ওলাই অহা ভালুকটো উক্ত অঞ্চলৰ কৃষকৰ কল, বেঙেনা আদি খাই তহিলং কৰাৰ লগতে আতংকৰ সৃষ্টি কৰি আহিছিল।বন বিভাগ এছ এছ বি আৰু আৰক্ষীৰ লোকে চাৰিদিন নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত আজি ট্ৰেংকুলাইছড কৰিবলৈ সক্ষম হয়।ভালুক উদ্ধাৰ অভিযানত কুকলুং ,পাণবাৰী বনকৰ্মী, আৰক্ষী, এছ এছ বি অঞ্চলৰ ৰাইজে  সহযোগিতা আগবঢ়াইছিল। জানিব পৰা মতে ভালুকটোৰ সোঁ ভৰিত কাঁৰ লাগি থকাৰ বাবে আঘাতপ্ৰাপ্ত হৈ আছিল। পাছত বন বিভাগৰ চিকিৎসকে ভৰিৰ পাৰা কাঁৰডাল উলিয়াই চিকিৎসা কৰাৰ লগতে ভালুকটোক পাণবাৰী ৰেঞ্জৰ অন্তৰ্গত মানাস ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত মুকলি কৰি দিয়াৰ বাবে লৈ যায়। 

LEAVE A REPLY

Please enter your comment!
Please enter your name here