গণ বাৰ্তা,তিতাবৰ, ২৪ জানুৱাৰী : যোৱা ১০ জানুৱাৰীত অনুষ্ঠিত হোৱা ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ আজি ঘোষণা হোৱা তিতাবৰৰ দহ সমষ্টিত বিজেপি দলে আধিপত্য লাভ কৰিছে। পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিজেপি প্ৰাৰ্থী কুমুদ কছাৰীয়ে বৰুৱাজান সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী কণৰাম কছাৰীক ২৩৩ টা ভোটৰ পৰাস্ত কৰি তৃতীয় বাৰৰ বিজয়ী হৈছে। জালুকনীবাৰী সমষ্টিত বিজেপিৰ শ্যামল কৃষ্ণ বৰাই কংগ্ৰেছ প্ৰাৰ্থী পোনেশ্বৰ শইকীয়াক ৩৫টা ভোটত পৰাস্ত কৰি দ্বিতীয় বাৰ বিজয়ী হয়।তিতাবৰ সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী বন্তি শইকীয়াই কংগ্ৰেছৰ প্ৰাৰ্থী লক্ষজিত হাজৰিকাক ৫১ টা ভোটত পৰাস্ত কৰি পুনৰ নিৰ্বাচিত হৈছে।, দিহিঙীয়া সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী অচিন্ত্য শইকীয়াই বিজেপি প্ৰাৰ্থী প্ৰকাশ শইকীয়াক ৫৯ টা ভোটত পৰাজিত কৰি দ্বিতীয় বাৰলৈ নিৰ্বাচিত হৈছে।, মাধপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰতাপ কছাৰীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী অনিল কছাৰীক ২৫৩ ভোটত পৰাজিত কৰি তৃতীয়বাৰলৈ নিৰ্বাচিত হৈছে। নগাবাট সমষ্টিত বিজেপি প্ৰাৰ্থী বিপুল কছাৰীয়ে অগপৰ প্ৰাৰ্থী সুনীল ৰেগণক ১১৬৫ ৰ বিপুল ভোটত পৰাজিত কৰি পুনৰবাৰ নিৰ্বাচিত হৈছে।,তামোলবাৰী সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী লক্ষেশ্বৰ হাজৰিকাই অগপ দলৰ প্ৰাৰ্থী অনামিকা শইকীয়াক ৪৮ টা ভোটত পৰাজিত কৰিছে। বৰহোলা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী বন্দিতা শইকীয়াই বিজেপি প্ৰাৰ্থী মনচুমী পাঠকক কেৱল ২ টা ভোটত পৰাজিত কৰিছে।চামগুৰি সমষ্টিত বিজেপি প্ৰাৰ্থী পুলক কছাৰীয়ে কংগ্ৰেছৰ অক্ষয় কুমাৰ শইকীয়াক ৩৪৩ তা ভোটত পৰাস্ত কৰিছে।, ফুলবাৰী সমষ্টিত অগপ প্ৰাৰ্থী পূৰ্ণ বৰাই কংগ্ৰেছৰ ৰাতুল শইকীয়াক ৩৪৫ টা ভোটত পৰাস্ত কৰি জয়লাভ কৰিছে।মুঠ দহটা সমষ্টিৰ ৬ বিজেপি দলে জয়লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলে ২ টা আৰু নিৰ্দলীয় আৰু অগপই এটা এটা সমষ্টিত জয়লাভ কৰিছে। পৰিষদৰ মুখ্য কাৰ্যালয় থকা তিতাবৰত প্ৰথম বাৰলৈ বিজেপিয়ে আধিপত্য বিস্তাৰ কৰা কার্যত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰীয়ে মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন আৰু শলাগ জ্ঞাপন কৰিছে।