Home নগাঁও আদানী আম্বানীৰ স্বাৰ্থত কাম কৰিছে বিজেপি চৰকাৰে, কাগজ কল আদানী-আম্বানীক গতাই...

আদানী আম্বানীৰ স্বাৰ্থত কাম কৰিছে বিজেপি চৰকাৰে, কাগজ কল আদানী-আম্বানীক গতাই দিয়াৰ সন্দেহ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

234
0

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ৫ ছেপ্তেম্বৰ : জাগীৰোডস্থিত নগাঁও কাগজ কলৰ কৰ্মচাৰীক আৱাস খালী কৰিবলৈ চৰকাৰে নিৰ্দেশ দিয়াক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নগাঁও লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। আজি সাংসদ বৰদলৈয়ে নগাঁৱত সংবাদ মাধ্যমৰ আগত কয় যে-কেন্দ্ৰ তথা ৰাজ্যৰ বিজেপি চৰকাৰে পাষাণ হৃদয়ৰ পৰিচয় দিছে। প্ৰায় চাৰি বছৰেই হ’ল নগাঁও কাগজ কলটো বন্ধ কৰা। বিগত প্ৰায় ৬৫ মাহে দৰমহাৰ পৰা বঞ্চিত কাগজ কল কৰ্মচাৰীৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। এনে অৱস্থাত ভূতৰ ওপৰত দানহ পৰাদি চৰকাৰে এতিয়া কাগজ কল নিলাম কৰিব বিচাৰিছে। এতিয়া আকৌ তেওঁলোকক ১৫ দিনৰ ভিতৰত আৱাস খালী কৰিবলৈ নিৰ্দেশ দিছে। অসমৰ  কাগজ কল আদানী-আম্বানীক গতাই দিয়াৰ পৰিকল্পনা কৰিছে বুলিও সন্দেহ ব্যক্ত কৰিছে সাংসদ বৰদলৈয়ে। তেওঁ কয় যে- বিজেপি চৰকাৰ আদানী-আম্বানীৰ দৰে পুঁজিপতিৰ নিৰ্দেশত চলে। পুঁজিপতিৰ স্বাৰ্থত কাম কৰে এইখন চৰকাৰে। বৰ্তমান দেশত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য আকাশলংঘী। নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আমি বিজেপি চৰকাৰে কাগজ কল বিক্ৰী কৰিব বিচৰা ষড়যন্ত্ৰৰ প্ৰতিবাদ কৰাই নহয়, ইয়াক প্ৰতিহত কৰিব লাগিব। উল্লেখ্য যে আজি নগাঁৱৰ হয়বৰগাঁও ৰে’ল ষ্টেচনত সৃষ্টি হোৱা যান- জঁট সন্দৰ্ভত উত্থাপন হোৱা অভিযোগৰ বুজ ল’বলৈ উপস্থিত হৈছিল সাংসদ প্ৰদ্যুৎ বৰদলৈ। তেওঁ হয়বৰগাঁও ৰে’ল ষ্টেচনৰ সমীপত যাতায়াতৰ এটা পথ বন্ধ কৰি দিয়া কাৰ্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে-এই স্থানত ৰে’ল বিভাগে উৰণীয়া সেতুৰ ব্যৱস্থা কৰি পথ মুকলি কৰাৰ ব্যৱস্থা কৰক। কাৰণ এই পথটোৰে জুৰীয়া আদি বিভিন্ন স্থানলৈ যাব পাৰি। সাংসদজনে হয়বৰগাঁও ৰে’ল ষ্টেচনত বিভিন্ন সামগ্ৰীৰ লোডিং-আনলোডিং প্ৰক্ৰিয়া শেনছোৱা ৰে’ল ষ্টেচনলৈ স্থানান্তৰিত কৰাৰো দাবী জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here