Home গুৱাহাটী গুৱাহাটীৰ পানী যোগানৰ নামত ভয়ানক কেলেংকাৰীৰ অভিযোগ- সাংসদ অজিত ভূঞাৰ : নিৰ্বাচন...

গুৱাহাটীৰ পানী যোগানৰ নামত ভয়ানক কেলেংকাৰীৰ অভিযোগ- সাংসদ অজিত ভূঞাৰ : নিৰ্বাচন আহিলেই সপোন দেখুৱায়, বিজেপিয়ে

1393
0

গুৱাহাটী, ১৯ এপ্ৰিল: গুৱাহাটী মহানগৰবাসীলৈ এটুপি বিশুদ্ধ খোৱাপানী যোগানৰ নামত ৰাজ্য চৰকাৰে বিয়াগোম কেলেংকাৰী সংঘটিত কৰিছে৷– এই গুৰুতৰ অভিযোগ আজি ৰাজহুৱাকৈ উত্থাপন কৰিছে ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাই৷ একেৰাহে ২১ বছৰ কাল গুৱাহাটীৰ এটা সমষ্টিৰ বিধায়ক আৰু অতিকৈ শক্তিশালী আৰু প্ৰভাৱশালী মন্ত্ৰী হৈ থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ ৰাইজক আজিলৈকে এটুপি বিশুদ্ধ পানী খুবাব নোৱৰাটো কিমান ডাঙৰ অপৰাধ সেই কথা তেওঁ মানি নল’লেও গুৱাহাটীৰ ৰাইজে ভালকৈয়ে আজি বুজি উঠিছে৷ বছৰ বছৰ ধৰি গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা আৰু বিগত কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁৰ মন্ত্ৰিত্বৰ কালতে আৰম্ভ কৰা পানী যোগান প্ৰকল্পৰ পানী আজি ১৩ বছৰে ড॰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীবাসীক খুৱাব নোৱাৰিলে৷ সেইজন মানুহে এতিয়া গুৱাহাটী পৌৰ নিগমৰ ভোটৰ লালাসাত ৰাইজক আকৌ জীয়া ফাঁকি দিছে যে জুলাই মাহৰ পৰা ৰাইজে পানী পাব৷ আজি এখন সংবাদ মেলত সাংসদ ভূঞাই কয় যে দুৰ্ভাগ্যজনক কথা যে হেজাৰ হেজাৰ কোটি টকাৰ ব্যয়েৰে গুৱাহাটীৰ মেট্ৰ’পলিটান এলেকাৰ নাগৰিকলৈ নাগৰিকে বলে পৰা দৰত, বিশ্বাসযোগ্য, নিৰাপদ, উচ্ছ চাপযুক্ত আৰু অহৰ্নিশে যোগানক্ষম বিশুদ্ধ পানী যোগানৰ বাবে সমগ্ৰ মহানগৰীত কাহানিবাই আৰম্ভ কৰা তিনিটাকৈ বৃহৎ বৃহৎ পানী যোগান প্ৰকল্পৰ এটাও আজিলৈকে কাৰ্যক্ষম হৈ নুঠিল৷ তেওঁ কয় ২০০৯ চনতে তদানীন্তন কংগ্ৰেছ চৰকাৰৰ শাসনকালত আৰু গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীৰ দায়িত্ব ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ন্যস্ত থকা সময়তে এই প্ৰকল্পকেইটাৰ কাম আৰম্ভ কৰা হৈছিল৷ তাৰে এটা জাপানৰ জাইকাৰ সহযোগত, এটা এছিয়ান ডেভেল’প্‌মেণ্ট বেংকৰ সহেযাগত আৰু তৃতীয়টো জৱাহৰলাল নেহৰু ৰাষ্ট্ৰীয় আৰবান ৰিনিবেল মিছনৰ পুঁজিৰে আৰম্ভ কৰা হৈছিল৷ যোৱা ২০২১ চনৰ ১৩ ডিচেম্বৰ তাৰিখে ৰাজ্যসভাত সাংসদগৰাকীয়ে গুৱাহাটী মহানগৰীৰ নাগৰিকৰ বাবে পানী যোগান আঁচনি সদৰ্ভত উত্থাপন কৰা ১৭০৮ নং প্ৰশ্নৰ উদ্ধৃতি দি ভূঞাই কয় যে আমাৰ প্ৰশ্নটোৰ উত্তৰত চৰকাৰৰ তৰফৰ পৰা কোৱা হ’ল যে বিভিন্ন কাৰণত উত্তৰ গুৱাহাটীকে ধৰি বৃহত্তৰ গুৱাহাটীত আৰম্ভ কৰা মুঠ চাৰিটা পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিব পৰা হোৱা নাই৷ ইয়াৰ মূল কাৰণ হিচাপে কোৱা হ’ল যে ৰে’ল বিভাগ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু অসমৰ গড়কাপ্টানী বিভাগে প্ৰয়োজনীয় অনুমতি দিয়াত বিলম্ব ঘটাইছিল৷ ইয়াৰ উপৰি চৰকাৰে হাস্যকৰভাৱে আৰু এটা কাৰণ দাঙি ধৰিছে৷ সেইটো হ’ল ক’ভিড-১৯ এ সৃষ্টি কৰা ভয়াৱহতা৷ এইটো কাৰণ এইকাৰণেই হাস্যকৰ যে ক’ভিড-১৯১ ভয়াৱহতাৰ বহু আগেয়েই এই প্ৰকল্পকেইটা সম্পূৰ্ণ হৈ গুৱাহাটীবাসীয়ে ঘৰে ঘৰে পানী পাব লাগিছিল৷ ভূঞাই কয় যে এইটোৱে ইয়াকেই স্পষ্ট কৰি তুলিছে যে আচলতে চৰকাৰে প্ৰকৃত সত্য ৰাইজৰ আগত দাঙি ধৰাতকৈ ব্যৰ্থতা ঢাকিবলৈ বহু সঁচা কথা লুকুৱাবলৈ আপ্ৰাণ চেষ্টা চলোৱাত লাগিছে৷ তেওঁ আৰু কয় যে ৰাজ্যসভাৰ শেহতীয়া অধিৱেশনতো তেওঁ সংসদৰ শূন্য কালত এই বিষয়টো পুনৰ উত্থাপন কৰিছিল যদিও এতিয়ালৈকে চৰকাৰৰ উত্তৰ পোৱা নাই৷ সাংসদগৰাকীয়ে কয় যে মুঠ ৩৪৯.৭০ কোটি টকাৰ ব্যয় সাপেক্ষ জৱাহৰলাল নেহৰ ৰাষ্ট্ৰীয় আৰবান ৰিনিৱেল মিছনৰ পুঁজিৰে নিৰ্মাণ কৰিবলৈ লোৱা দক্ষিণ-পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম ১৮ ফেব্ৰুৱাৰী, ২০০৯ তাৰিখেই অৰ্পণ কৰা হৈছিল গেমন ইণ্ডিয়া লিমিটেডক৷ সেই সময়ত চৰকাৰ আছিল কংগ্ৰেছৰ৷ বিভাগীয় মন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা৷ ইয়াৰ ১১ বছৰৰ পিছত, অৰ্থাৎ ২০২০ চনৰ ৩০ নৱেম্বৰ তাৰিখে তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই অভিলাষী প্ৰকল্পটোৰ প্ৰথমটো কাৰ্যক্ষম গোটৰ শুভাৰম্ভ কৰিছিল৷ এই প্ৰথমটো কাৰ্যক্ষম গোটৰ পৰিশোধিত পানী কামাখ্যাৰ বিতৰণ এলেকাৰ ৰ, ২, ৩ আৰু চ্ছ্ৰ ৰ অন্তৰ্গত অঞ্চলবোৰত যোগান ধৰিব লাগিছিল৷ উল্লেখ্য যে প্ৰকল্পটোৰ মতে এই চ্ছ্ৰ টা ডি এম এৰ অধীনৰ এলেকাসমুহ হ’ল- এ টি ৰোডৰ সোঁফালে থকা কালীপুৰ, মূল মালিগাঁও চাৰিআলি, কামাখ্যা ক’লনী, পাণ্ডুৰ সম্পূৰ্ণ এলেকা, বৰিপাৰা, কামাখ্যা নগৰ, পাণ্ডু নগৰ, আনন্দ নগৰ, শংকৰ নগৰ, জয়মতী নগৰ আৰু আদাবাৰী অঞ্চলকে ধৰি ভূতনাথৰ পৰা মালিগাঁও চাৰিআলিলৈ এক বিশাল অঞ্চল৷ কিন্তু এতিয়া প্ৰশ্নটো হ’ল, ২০২০ চনৰ নৱেম্বৰৰ পৰা এই অঞ্চলৰ বাসিন্দা পৰিয়ালবোৰে প্ৰকল্পটোৰ পৰা বিশুদ্ধ আৰু নিৰাপদ পানী যোগান পাই আছেনে? যদি নাই পোৱা তেন্তে ২০২০ চনৰ নৱেম্বৰ মাহত ধুমধামেৰে উদ্বোধন কৰা সেই একেটা প্ৰকল্পৰ প্ৰথমটো গোটৰ পানী সমগ্ৰ অঞ্চলটোৰ ৰাইজে পাব বুলি কৰা ঘোষণা কি হ’ল? আৰু যদি পায়েই আছে, তেন্তে সৌ-সিদিনা আকৌ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা জুলাই মাহৰ পৰা সেই একেটা প্ৰকল্পৰ পানী অঞ্চলটোৰ প্ত,০০০ পৰিয়ালক যোগান ধৰা হ’ব বুলি কৰা ঘোষণা চূড়ান্ত মিথ্যাচাৰ নহয় নেকি? কোনটো সঁচা, কোনটো মিছা গুৱাহাটীৰ ৰাইজে জানিব লাগিব৷ আকৌ ফাঁকি ধৰা পৰে কেনেকৈ চাওক৷ মুখ্যমন্ত্ৰীয়ে ক’লে অহা জুলাইৰ পৰা পানী পাব আৰু সদনৰ মজিয়াত বৰ্তমানৰ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে ক’লে অহা মে’ মাহৰ পৰা পানী যোগান ধৰা হ’ব৷ ইয়াতো কোনটো সঁচা, কোনটো মিছা গুৱাহাটীৰ ৰাইজে উত্তৰ পাব লাগিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here