Home Main Stories ‘কংগ্ৰেছৰ দৰে বিজেপিয়ে কোনো ব্যক্তিৰ ঘৰত সিদ্ধান্ত গ্ৰহণ নকৰে ,গ্ৰহন কৰিব...

‘কংগ্ৰেছৰ দৰে বিজেপিয়ে কোনো ব্যক্তিৰ ঘৰত সিদ্ধান্ত গ্ৰহণ নকৰে ,গ্ৰহন কৰিব কাৰ্য্যালয়ত’- মঙলদৈত বিজেপিৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

315
0

ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ১৭ ডিচেম্বৰ : ৪৫ লাখ কাৰ্যকৰ্তাৰে অসম আৰু ভাৰতৰ ৰাজনীতিত এক শক্তিশালী পৰিচয়েৰে সমৃদ্ধ হৈছে ভাৰতীয় জনতা পাৰ্টী। লাহে লাহে মধ্যপ্ৰদেশ, গুজৰাট আদি ৰাজ্যৰ দৰে অসমো সাংগঠনিক দিশত আগবাঢ়িবলৈ সক্ষম হৈছে। বিগত ৫ বছৰত অসমত বিজেপিয়ে প্ৰত্যেকটো বুথ আৰু প্ৰত্যেক টো পৃষ্ঠালৈ যাব পাৰিছে।দলৰ মৰ্চা সক্ৰিয় হৈছে যাৰবাবে সদস্যৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। দলৰ কাৰ্যকৰ্তাৰ শক্তিশালী স্হিতিৰ বাবেই আজি বিজেপি  এটা  শ্ৰেষ্ঠতম ৰাজনৈতিক দলত পৰিগণিত হৈছে। পূৰ্বতে গঠন হৈছিল ‘এন্টি কংগ্ৰেছ ফ্ৰন্ট’ ,অৰ্থাৎ পূৰ্বতে কংগ্ৰেছক হৰুৱাবলৈ এই ৰাজনৈতিক ধাৰা আছিল । কিন্তু এতিয়া এই ধাৰণা সলনি হৈ হৈছে ‘এন্টি বিজেপি ফ্ৰন্ট’। অসম বিজেপিয়ে বিগত ৪-৫ বছৰতে কংগ্ৰেছৰ ৰাজনৈতিক ইতিহাসৰ প্ৰতিচ্ছবি বহুদূৰ পিছ পেলাই আগবাঢ়িবলৈ সক্ষম হৈছে।’- এই ভাষ্য অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । মঙলদৈত আজি বিজেপিৰ দৰং জিলা সমিতিৰ কাৰ্যালয় উদ্বোধন কৰি এই উত্তাল ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই ভাষণত কয় যে যোৱা নিৰ্বাচনত একেৰাহে দুবাৰকৈ পৌৰসভা, পৌৰ নিকায়, গাওঁ পঞ্চায়ত, সমবায় সমিতি আদিৰ নিৰ্বাচনত বিজেপিয়ে বিজয়ধ্বজা গৌৰৱেৰে উৰুৱাবলৈ সক্ষম হৈছে ।বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বক্তব্যৰ উধৃতি দি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে উত্তৰ পূৱত বিজেপিৰ বিকাশ হৈছে । অসম আৰু অৰুণাচলত দ্বিতীয় বাৰৰ বাবে চৰকাৰআহিছে, এইবাৰ মণিপুৰত দ্বিতীয় বাৰৰ বাবে আহি আছে। উদ্বোধনী ভাষনত মুখ্যমন্ত্ৰী য়ে কয় যে আনাগত দিনত তিনিটা “ক” আখৰৰ সাৰমৰ্ম আগত ৰাখি আগবাঢ়িব ভাৰতীয় জনতা পাৰ্টি। ক -কাৰ্য্যকৰ্তা ,ক -কাৰ্য্যলয় আৰু ক -কোষ, গঠন কৰি জনতা পাৰ্টি আগবাঢ়িব। এই তিনিটা ‘ক’ আমাৰ লগত থাকিলেহে আমি অপ্ৰতিদ্বন্দি হম, আমাৰ পৰিচয় হব সুকীয়া। এই লক্ষ্যৰে ইতিমধ্যে অসমৰ  ১৪খন জিলাত নতুন কাৰ্য্যলয় নিৰ্মাণৰ কাম তিনি বছৰ পূৰ্বে আৰম্ভ হৈছে। ইয়ৰে ১০ টা কাৰ্যালয় ইতিমধ্যে মুকলি কৰা হৈছে। বিজেপিৰ পূৰ্বৰ সভাপতি ৰঞ্জিত দাসৰ দিনত উক্ত কাম আৰম্ভ হৈছিল আৰু বৰ্তমান সভাপতি ভৱেশ কলিতাৰ দিনত কাৰ্যক্ষম হৈ উঠিছে বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে । এই নতুন কাৰ্যালয়ৰ অংশ হিচাপে আজি দৰং জিলাৰ মঙলদৈত ৭০০০ বৰ্গফুটৰ এটা বিশাল কাৰ্যালয় মুকলি কৰা হৈছে । কংগ্ৰেছৰ দৰে ভাৰতীয় জনতা পাৰ্টিয়ে  কোনো ব্যক্তিৰ ঘৰত সিদ্ধান্ত গ্ৰহণ নকৰে গ্ৰহন কৰিব এনেকুৱা কাৰ্য্যলয়তহে  বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । ইপিনে দৰং জিলাৰ উন্নয়নৰ ক্ষেত্ৰত দৰঙৰ প্ৰস্তাৱিত দক্ষতা বিশ্ববিদ্যালয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে উক্ত বিশ্ববিদ্যালয়ৰ বাবে ইতিমধ্যে উপাচাৰ্য নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে । একেদৰে নিৰ্মাণৰ নিবিদাও হৈছে, অতি শীঘ্ৰে দক্ষতা বিশ্ববিদ্যালয়ৰ নিৰ্মাণ কাৰ্য আৰম্ভ হব বুলি তেওঁ উল্লেখ কৰে। আনহাতে ঋণৰ চুক্তিত চহী হোৱা বুলিও তেওঁ প্ৰসংগক্ৰমে উল্লেখ কৰে। অহা দুই-আঢ়ৈ বছৰৰ ভিতৰত এই বিশ্ববিদ্যালয়ে এক নতুন ৰূপ পাব বুলি তেওঁ ভাষণত উল্লেখ কৰে। আনহাতে দৰং জিলাত মাটিৰ অভাৱত মেডিকেল কলেজ, ইঞ্জিনীয়াৰিং কলেজ, মডেল কলেজ আদি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে দৰং জিলাত অতি কমেও ২০০-৩০০ বিঘা মাটিৰ ব্যৱস্থা কৰিবলৈ দৰং বাসীক আহ্বান জনায়। একেদৰে মঙলদৈ হৈ বাইপাচ নিৰ্মাণৰ কাম আৰম্ভ হোৱা বুলি উল্লেখ কৰি জিলা খনক ৰেল চলাচলৰ সৈতে সংযোগ কৰিবলৈ মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে ।নিৰ্মীয়মান অৱস্থাত থকা  দৰঙৰ কেঞ্চাৰ হস্পিতাল খন অহা ২৪ এপ্ৰিলত আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰিব বুলিও প্ৰকাশ কৰে মূখ্যমন্ত্ৰীয়ে। ইপিনে আজিৰ কাৰ্যালয় উদ্বোধনৰ গৌৰৱময় মুহূৰ্তত মুখ্যমন্ত্ৰী গৰাকীয়ে দৰং জিলা বিজেপিৰ প্ৰাক্তন সভাপতি নগেন্দ্ৰ নাথ শৰ্মাকে ধৰি  কান্তি ৰাম শৰ্মা, অতুল শৰ্মা, চন্দ্ৰ চক্ৰৱৰ্তী, দেৱেন শীল, উৎপল দে, হৰনাথ শইকীয়া, লোকেশ্বৰ নাথ, হৰিৰাম চহৰীয়া, নাৰায়ণ চহৰীয়া, ৰমনীকান্ত শৰ্মা, তৰুণ ভড়ালী, হিৰেণ ডেকা, গৌতম সেন আদি কাৰ্যকৰ্তা, কাণ্ডাৰী আদিৰ প্ৰচেষ্টাৰ শলাগ লয়। আজিৰ এই কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত  অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা,  ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, ৰাজ্য চৰকাৰৰ ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ তথা প্ৰাক্তন সাংসদ ৰমেন ডেকা, উদ্যোগ আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী, অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, প্ৰাক্তন মন্ত্ৰী ৰেখা ৰাণী দাস বড়ো, দৰং জিলা বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা, দুই সম্পাদক মন্টু ডেকা, অমূল্য দাস প্ৰমুখ্যে দলীয় নেতা কৰ্মী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here