Home Main Stories মাজুলীৰ কমলাবাৰী ফেৰী ঘাটত ব্ৰহ্মপুত্ৰৰ ভয়াবহ খহনীয়া

মাজুলীৰ কমলাবাৰী ফেৰী ঘাটত ব্ৰহ্মপুত্ৰৰ ভয়াবহ খহনীয়া

259
0

খহনীয়াই উটুৱাই নিলে ২৩৭ কোটি টকীয়া আঁচনিৰ জিঅ’ বেগ:কোটি টকীয়া পথৰ লগতে কমলাবাৰী ,আউনীআটী সত্ৰলৈ ভাবুকি

কমলাবাৰী ঘাটৰ পৰা পৰাণজ্যোতি বৰা, মাজুলী ১জুলাই : মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ নামত ব্ৰহ্মপুত্ৰ বৰ্ডে কৰি অহা ল’ৰা ধেমালিৰ ফলতেই এতিয়া মাজুলীৰ এপদ এপদ ভূমি ব্ৰহ্মপুত্ৰ বকুত নিঃশেষ হৈছে।মাজুলীবাসীয়ে চকুলো মোচাৰ বাহিৰে সুৰক্ষিত কৰিব পৰা নাই নিজৰ ভূমিকণ।মাজুলীৰ চৌদিশে খহনীয়াৰ কালৰূপ।মাজুলী বহু পৰিয়ালে ইতিমধ্যে হেৰুৱাইছে ভূমি।তৎস্বত্তেও কিন্তু মাজুলী সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ বৰ্ডৰ কোনো কানসাৰ নাই।মাজুলীৰ সুৰক্ষাৰ নামত কোটি কোটি টকা সাৰাধ কৰা অভিযোগ মাজুলীবাসীৰ।বগা হাতীত পৰিণত মাজুলী সুৰক্ষাৰ দায়িত্ব থকা ব্ৰহ্মপুত্ৰ বৰ্ড।আজি কেইদিন মানৰ পূৰ্বে কমলাবাৰী পাৰ ঘাটত ব্ৰহ্মপুত্ৰ খহনীয়াই পাৰ ঘাটতোৰ পূৰ্বৰ স্থান সলনি কৰিব লগা হৈছিল ।পুনৰ পাৰ ঘাটটোত তীব্ৰ খহনীয়া আৰম্ভ হৈছে।আজি ঘাটটো বহু অংশ জিঅ’ বেগ সহ খহনীয়াই উটাই নিয়ে।মাজুলীৰ সুৰক্ষাৰ বাবে আৱন্টন দিছিল ২৩৭ কোটি টকা।এই বৃহৎ পৰিমাণৰ পূজিৰে ব্ৰহ্মপুত্ৰ বৰ্ডে ২৭ কি:মি: বেংক ৰিবেন্টমেন্ট আৰু ৪১ খন আৰ.চি.চি পাৰ্কুপাইন নিৰ্মাণৰ বাবে ১৭৮ কোটি টকা নিবিদা আহ্বান কৰি টি: কে: ইঞ্জিনীয়াৰিং কনচৰটিয়াম নামৰ অৰুণাচলৰ ব্যক্তিগত কোম্পানীক নীতিগত ভাৱে কাম কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল।কিন্তু নদীৰ ওপৰত কোনো জ্ঞান নথকা এটা অপৰিপক্ক কোম্পানীক মাজুলীৰ সুৰক্ষাৰ ঠিকা দিয়াৰ ফলতেই মাজুলীৰ সুৰক্ষাৰ বাবে অহা ধন পানীত পৰাৰ উপক্ৰম ঘটিছে।২০১৮ চনৰ ১০ ফেব্ৰুৱাৰী মাহত কামৰ আৰম্ভ হোৱা সময়মতে শেষ কৰিব নোৱাৰিলে মাজুলীৰ সুৰক্ষাৰ দায়িত্বত থকা কোম্পানীটোৱে।তাৰ বিপৰীতে মাজুলীৰ চাৰিওফালে খহনীয়া অব্যাহত আছে। উল্লেখযোগ্য কোটি টকীয়া আঁচনিৰ অন্তৰ্ভুক্ত উক্ত অংশত পূৰ্বেও খহনীয়া লগাত কেইটামান জিঅ’বেগ দি কাম আধৰুৱা কৰি ৰাখিছিল কোম্পানীটোৱে।যোৱা নিশা পূৰ্বৰ খহনীয়াৰ সমীপতে ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াই বহু অংশ উটাই লৈ যায়।যাৰ ফলত এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসী।কমলাবাৰী ঘটলৈ যোৱা ফেভাৰ ব্লকেৰে নিৰ্মাণ কৰা পথলৈ প্ৰায় দহ ,পোন্ধৰ মিটাৰ মানহে বাকী।আজিৰ দৰে খহনীয়া চলি থাকিলে পথটোলৈ তীব্ৰ ভাবুকি আহি পৰাৰ লগতে সমীপৰ গাঁও সমূহৰ লগতে ঐতিহাসিক আউনীআটী সত্ৰ,নতুন কমলাবাৰী সত্ৰৰ লগতে কমলাবাৰী অঞ্চললৈ ভাবুকি আহি পৰিব।আজি এক অংশ উটাই নিয়াৰ পাছ জিঅ’ বেগ সংস্থাপিত কৰি খহনীয়া ৰোধ কৰাৰ চেষ্টা কৰিছে যদিও কিমানদূৰ খহনীয়া ৰোধত ফলপ্ৰসূ হয় সময়তহে লক্ষণীয় হব।২০০৪ বৰ্ষৰ পৰা মাজুলীৰ সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ বৰ্ডে মাজুলীক সুৰক্ষিত কৰিবলৈ সক্ষম নোহোৱাৰ পাছতো কিয় বাৰে বাৰে মাজুলী সুৰক্ষা দায়িত্ব দি থকা হৈছে বুলি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰলৈ মাজুলীবাসীয়ে প্ৰশ্ন তোলা লগতে শীঘ্ৰে কমলাবাৰী ঘাটত চলি থকা খহনীয়া প্ৰতিৰোধ কৰিবলৈ মাজুলী সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ বৰ্ড আৰু খহনীয়া প্ৰতিৰোধৰ ঠিকা লাভ কৰা টি: কে: কোম্পানীক দাবী জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here