Home Main Stories বিধানসভাত উত্থাপিত গো সুৰক্ষা বিধেয়ক, গো মাংস ভ‍ক্ষনত নিষেধাজ্ঞা নাই ১৪ বছৰৰ...

বিধানসভাত উত্থাপিত গো সুৰক্ষা বিধেয়ক, গো মাংস ভ‍ক্ষনত নিষেধাজ্ঞা নাই ১৪ বছৰৰ তলৰ গৰুৰ বধ নিষেধ

67
0

ৰাজ্যত গৰু সৰবৰাহ বন্ধ কৰাৰ বাবে সদনত বিধেয়ক উত্থাপন মুখ্যমন্ত্ৰীৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ জুলাই : ৰাজ্যত দীৰ্ঘদিনৰ পৰা চলি অহা গৰুৰ ক’লা বেহা ৰোধ কৰাৰ লগতে গৰুক সুৰক্ষা দিয়াৰ বাবে আজি বিধানসভাৰ প্ৰথমদিনাই বহুচৰ্চিত গো-সুৰক্ষা বিধেয়ক উত্থাপন কৰা হয়। দীৰ্ঘদিনৰ পৰা ৰাজ্যত অবাধে চলি অহা গো-হত্যা ৰোধ কৰাৰ বাবে এই নতুন বিধেয়ক উত্থাপন কৰা হয় বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত উত্থাপন কৰে। এতিয়াৰে পৰা বহিঃৰাজ্যৰ পৰা অসমৰ মাজেৰে আন ৰাজ্যলৈ গৰু সৰবৰাহ কৰিব নোৱাৰিব। তদুপৰি অসমৰ পৰা আন ৰাজ্য য’ত কচাইখানাসমূহ আইনৰ দ্বাৰা নিয়ন্ত্ৰিত নহয়, সেই ৰাজ্যলৈ গৰু পৰিবহণ কৰিব নোৱাৰিব। অৱশ্যে আজি উত্থাপিত বিধেয়ক অনুসৰি নিৰ্দিষ্ট কতৃপক্ষৰ পৰা উপযুক্ত অনুমতি-পত্ৰ লৈহে এনে গৰু পৰিবহণ কৰিব পাৰিব। আনহাতে যিকোনো স্থানত জধে-মধে গৰুৰ কচাই কৰিব নোৱাৰিব। তদুপৰি পশু আৰু পশুচিকিৎসা বিভাগে প্ৰদান কৰা প্ৰমাণ-পত্ৰ অবিহনে খাদ্যৰ বাবে গৰু বধ কৰিব নোৱাৰিব। এনে প্ৰমাণ-পত্ৰ পশুচিকিৎসা বিষয়াই প্ৰদান কৰিব। ১৪ বছৰৰ ওপৰৰ গৰুৰ বাবেহে এনে প্ৰমাণ-পত্ৰ জাৰি কৰিব পাৰিব। তদুপৰি দামুৰী, চেউৰী, গাইগৰু বধ কৰিব নোৱাৰিব। যিসমূহ গৰু ঘৰুৱা বা কৃষিৰ কাম-কাজৰ পৰা স্থায়ীভাৱে অনুপযোগী হৈছে বা দুৰ্ঘটনাবশতঃ আঘাতপ্ৰাপ্ত হৈ ঘুণীয়া হৈছে সেইসমূহ গৰু খাদ্যৰ বাবে বধ কৰাৰ বাবে প্ৰমাণ-পত্ৰ প্ৰদান কৰা হ’ব। কোনো মুক্ত স্থানত গৰুৰ কচাই কৰিব নোৱাৰিব। ইয়াৰ বাবে কেন্দ্ৰীয় বা ৰাজ্যৰ আইন অনুসৰি অনুমতিপ্ৰাপ্ত কচাইখানাতহে এনে গৰু বধ কৰিব পাৰিব। অৱশ্যে ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এই নিয়ম কিছু শিথিল কৰিব পাৰিব। কিন্তু ধৰ্মীয় ৰীতি-নীতিৰ আধাৰত কোৰবানী হ’লেও এই কোৰবানীত দামুৰী, চেউৰী আৰু গাইগৰু কোনো কাৰণতে বধ কৰিব নোৱাৰিব। আনহাতে ৰাজ্যত গৰুৰ বজাৰ নিয়ন্ত্ৰণ কৰাৰ বাবেও এই বিধেয়কত নিয়ম সংযোগ কৰা হৈছে। পঞ্জীয়নভুক্ত গৰুৰ বজাৰৰ পৰাহে গৰু ক্ৰয় আৰু বিক্ৰয় কৰিব লাগিব। এখন জিলাত থকা এনে পঞ্জীয়নভুক্ত গৰুৰ বজাৰত বিক্ৰীৰ বাবে গৰু পৰিবহণৰ ক্ষেত্ৰত কোনো অনুমতিৰ প্ৰয়োজন নহ’ব। তদুপৰি ঘাঁহনিত গৰু চৰোৱা বা কৃষি আৰু পশুপালনৰ ক্ষেত্ৰত গৰু পৰিবহণৰ বাবে কোনো প্ৰমাণ-পত্ৰৰ প্ৰয়োজন নহ’ব। উল্লেখ্য যে এতিয়াৰে পৰা পঞ্জীয়নভুক্ত গৰু বজাৰ কমিটীসমূহে গৰুৰ বিক্ৰী আৰু ক্ৰয়ৰ সকলো প্ৰমাণ মজুত ৰাখিব লাগিব আৰু এখন পঞ্জীয়ন বহীত ইয়াক লিখি ৰাখিব লাগিব। যাতে প্ৰয়োজন সাপেক্ষে সংশ্লিষ্ট কতৃÇপক্ষই পৰ্যবেক্ষণ কৰিব পাৰে। গৰু বজাৰসমূহে এই অধিনিয়ম বা নীতি বৰ্তাই ৰাখিব নোৱাৰিলে পঞ্জীয়ন বাতিল কৰা হ’ব আৰু দায়বদ্ধ ব্যক্তিজনক দুনাই বজাৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব, লগতে জৰিমনা বিহা হ’ব। আনহাতে গো-মাংস ভক্ষণত কোনো নিষেধাজ্ঞা নাই যদিও গো-মাংস তথা গো-মাংসৰ পৰা উৎপন্ন খাদ্য বিক্ৰী কৰাৰ ক্ষেত্ৰত নিয়ম-নীতি নিৰ্ধাৰণ কৰা হৈছে। এতিয়াৰে পৰা বিভাগীয় কতৃÇপক্ষৰ পৰা অনুমতি-পত্ৰ লাভ কৰা স্থানতহে গো-মাংস বিক্ৰী আৰু ক্ৰয় কৰিব পাৰিব। তদুপৰি হিন্দু, জৈন, শিখ আৰু গো-মাংস নোখোৱা সম্প্ৰদায়ে বসবাস কৰা পাঁচ কিলোমিটাৰ জোৰা অঞ্চলত গো-মাংস বিক্ৰী কৰিব নোৱাৰিব, লগতে মন্দিৰ, সত্ৰকে আদি কৰি হিন্দু ধৰ্ম বা অন্যান্য ধৰ্মীয় অনুষ্ঠান, যি ধৰ্মত গো-মাংস নিষিদ্ধ, ইয়াৰ পাঁচ কিলোমিটাৰ অঞ্চলত গো-মাংস বিক্ৰী কৰিব নোৱাৰিব। চৰকাৰৰ পৰা অনুজ্ঞা-পত্ৰ লাভ কৰা কচাইখানা বা বিক্ৰী কেন্দ্ৰসমূহত আৰক্ষী বিষয়া আৰু পশুচিকিৎসা বিষয়াই প্ৰৱেশ কৰি তদন্ত নিৰীক্ষণ আৰু জব্দ কৰাৰ কতৃÇত্ব থাকিব। এই সকলো নীতি উলংঘা কৰিলে তিনি বছৰৰ পৰা আঠ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰুতিনি লাখৰ পৰা পাঁচ লাখ টকাৰ জৰিমনাৰ আইনসন্মত বিধি থাকিব। কাৰাদণ্ড আৰু জৰিমনা দুয়োটাই একেলগে প্ৰযোজ্য হ’ব। এই বিধেয়কৰ জৰিয়তে ১৯৫০ চনৰ অসম গৰু-ম’হ সংৰক্ষণ আইন যিখন ৰাজ্যত ১৯৫১ চনৰ ২৫ এপ্ৰিলৰ পৰা কাৰ্যকৰী হৈ আছে তাত ৰৈ যোৱা সুৰুঙাসমূহ আঁতৰ কৰাৰ বাবে ব্যৱস্থা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে। এই বিধেয়কৰ জৰিয়তে পূৰ্বৰ আইনত ৰৈ যোৱা ত্ৰুটিসমূহ আঁতৰ কৰি পশুধনৰ সুৰক্ষাৰ ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়াস কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here