Home Main Stories ১৮ ঊৰ্দ্ধৰ সকলো ব্যক্তিলৈ বিনামূলীয়াকৈ ভেকচিন প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে, দেশবাসীক সম্বোধন...

১৮ ঊৰ্দ্ধৰ সকলো ব্যক্তিলৈ বিনামূলীয়াকৈ ভেকচিন প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে, দেশবাসীক সম্বোধন কৰি ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ

105
0

নৱেম্বৰলৈ দৰিদ্ৰসকলে পাই থাকিব বিনামূলীয়া অতিৰিক্ত ৰেচন

নতুন দিল্লী, ৭ জুন : ক’ভিড ভেকচিনৰ নামত এতিয়াৰে পৰা ৰাজ্য চৰকাৰসমূহে আৰু এটকাও খৰচ কৰিব নালাগে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক বিনামূলীয়াকৈ ক’ভিড ভেকচিন বিতৰণ কৰিব বুলি আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশবাসীক সন্ধিয়া ৫ বজাত সম্বোধন কৰি প্ৰায় ৩২ মিনিট জোৰা ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ১৮-৪৪ বছৰ বয়সৰ সকলো ব্যক্তিৰ বাবে ২১ জুনৰ পৰা বিনামূলীয়া ভেকচিন বিতৰণ কাৰ্য আৰম্ভ কৰিব। ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনটোৰ পৰাই ১৮ ঊধৰ্বৰ ব্যক্তিৰ বাবে বিনামূলীয়া ভেকচিন বিতৰণ কাৰ্য কেন্দ্ৰীয় চৰকাৰে চলাব বুলি ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ৪৫ ঊধৰ্বৰ ব্যক্তিসকলৰ বাবে বিনামূলীয়া ভেকচিন বিতৰণৰ কাৰ্যসূচী চলাই আছে। যোৱা ১ মে’ৰ পৰা সমগ্ৰ দেশত ১৮-৪৪ বছৰ বয়সৰ ব্যক্তিসকলৰ ওপৰত ভেকচিন প্ৰয়োগ কাৰ্য আৰম্ভ হৈ আছে। ১৮-৪৪ বছৰ বয়সৰ ব্যক্তিসকলৰ বাবে ভেকচিন নিৰ্মাতা কোম্পানীসমূহৰ পৰা ৰাজ্য চৰকাৰসমূহে নিজাববীয়াকৈ ক্ৰয় কৰি ভেকচিন বিতৰণ কৰিবলগীয়া হৈছে। ইয়াৰ ফলত বহু বেমেজালিৰ সৃষ্টি হৈছে। যাৰ বাবে এতিয়া কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক ভেকচিন বিতৰণ কৰিব বুলি আজি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে। তেওঁ এই কথাও কৈছে যে ৰাজ্য চৰকাৰসমূহক বিনামূলীয়াকৈ ভেকচিন বিতৰণ কৰা হ’ব। যাতে প্ৰতিগৰাকী দেশৰ নাগৰিকে ভেকচিন লাভ কৰে। তেওঁ কয় যে ভেকচিন নিৰ্মাতা কোম্পানীসমূহৰ পৰা কেন্দ্ৰীয় চৰকাৰে ৭৫ শতাংশ ভেকচিন ক্ৰয় কৰি ৰাজ্য চৰকাৰসমূহক বিনামূলীয়াকৈ বিতৰণ কৰা হ’ব। আৰু ২৫ শতাংশ ভেকচিন ব্যক্তিগত চিকিৎসা খণ্ডসমূহে ক্ৰয় কৰিব পাৰিব। যিসকল ব্যক্তিয়ে বিনামূলীয়া ভেকচিন ল’ব নিবিচাৰে সেইসকলে ব্যক্তিগত হাস্পতালত গৈ ভেকচিন ক্ৰয় কৰি ল’ব পাৰিব। ইয়াৰ বাবেও ভেকচিনৰ নিৰিখ ধৰি দিয়া হৈছে। ভেকচিনৰ বান্ধি দিয়া মূল্যতকৈ ১৫০ টকাতকৈ অধিক ব্যক্তিগত চিকিৎসালয়ে ল’ব নোৱাৰিব। অৰ্থাৎ ভেকচিনৰ ক্ষেত্ৰত ব্যক্তিগত চিকিৎসালয়সমূহে নিজাববীয়াকৈ অধিক পৰিমাণৰ মাচুল ল’ব নোৱাৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি ভাষণৰ আৰম্ভণি কালত কয় যে বিগত ১০০ বছৰত অহা এইটোৱে ভয়াৱহ মহামাৰী। এনে মহামাৰীক আধুনিক বিশ্বই কেতিয়াও দেখা নাছিল আৰু কেতিয়াও অনুভৱ কৰা নাছিল। এই বিশ্বস্তৰীয় মহামাৰীৰ বিৰুদ্ধে ভাৰতে যুঁজিবলৈ সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। সকলোৱে একত্ৰিত হৈ এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিছে। মহামাৰীৰ দ্বিতীয়টো লহৰে ভাৰতত দেখা দিয়াৰ পিছত এপ্ৰিল আৰু মে’ মাহত দেশৰ মেডিকেলত অক্সিজেনৰ চাহিদা অপকল্পনীয়ভাৱে বৃদ্ধি পাইছিল। ভাৰতৰ ইতিহাসত কেতিয়াও ইমান মেডিকেলত অক্সিজেনৰ প্ৰয়োজন অনুভৱ হোৱা নাছিল। মেডিকেলত অক্সিজেনৰ চাহিদা পূৰণ কৰাৰ বাবে ভাৰতে যুদ্ধগতিত কাম কৰে আৰু চৰকাৰে সকলো প্ৰশাসনযন্ত্ৰ এই যুদ্ধত নামি পৰে। যোৱা ৫০-৬০ বছৰৰ ইতিহাস যদি লক্ষ্য কৰা যায় তেন্তে ভাৰতে বিদেশৰ পৰা অক্সিজেন লাভ কৰিবলৈ কেইবা দশকৰো প্ৰয়োজন হৈছিল। বিদেশত অক্সিজেনৰ কাম পূৰ্ণ হোৱাৰ পিছতো আমাৰ দেশত অক্সিজেনৰ কাম আৰম্ভ হোৱা নাছিল। ইয়াৰ উপৰি আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু এটা ঘোষণা কৰি কয় যে দীপাৱলীলৈ দৰিদ্ৰসকলে কেন্দ্ৰীয় চৰকাৰৰ পৰা অতিৰিক্ত ৰেচন লাভ কৰি থাকিব। তেওঁ কয় যে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন আঁচনি দীপাৱলীলৈ বৃদ্ধি কৰা হৈছে। অৰ্থাৎ নৱেম্বৰ মাহলৈ এই আঁচনিৰ সুবিধা দেশৰ ৮০ কোটি দৰিদ্ৰই লাভ কৰি থাকিব। বিগত বৰ্ষত এই আঁচনিৰ আধাৰত প্ৰায় ৮ মাহ ধৰি দেশৰ ৮০ কোটি দৰিদ্ৰ জনগণক কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়াকৈ অতিৰিক্ত ৰেচন প্ৰদান কৰি আছিল। প্ৰতিগৰাকী ব্যক্তিক পাঁচ কিলোগ্ৰামকৈ চাউল অথবা ঘেঁহু বিতৰণ কৰি আছিল। পুনৰায় দ্বিতীয়টো লহৰৰ সময়ছোৱাত এই আঁচনিৰ আধাৰত মে’ আৰু জুন মাহত ৮০ কোটি জনগণক বিনামূলীয়াকৈ ৰেচন বিতৰণৰ ঘোষণা কৰিছিল। এতিয়া ইয়াৰ সময়সীমা দীপাৱলীলৈ বৃদ্ধি কৰা হৈছে। তেওঁ লগতে আজি কয় যে বৰ্তমানৰ সময়ছোৱাত বিশ্বজুৰি ভেকচিনৰ যি চাহিদা বৃদ্ধি পাবলৈ ধৰিছে তাৰ তুলনাত ভেকচিন উৎপাদন কৰা কোম্পানী বহু কম বুলি উল্লেখ কৰি কয় যে ভাৰতে বিশ্বৰ আন ভেকচিন কোম্পানীসমূহৰ সৈতেও ক’ভিড ভেকচিনৰ বাবে আলোচনা চলাই আছে। তেওঁ কয়- যদি ভাৰতৰ হাতত স্বদেশী ভেকচিন কোম্পানী নাথাকিলহেঁতেন, তেন্তে ভাৰতৰ দৰে এখন বিশাল দেশত কি হ’লহেঁতেন সেয়া এক কল্পনাৰ বিষয়। ভাৰতে এটা বছৰৰ ভিতৰত এটা নহয়, দুটা মেড ইন ইণ্ডিয়া ভেকচিন মুকলি কৰিছে। ভাৰতৰ বৈজ্ঞানিকসকলে এইটো দেখুৱাই দিছে যে বিশ্বৰ উন্নত দেশসমূহৰ তুলনাত ভাৰত কোনো ক্ষেত্ৰত কম নহয়। আজিৰ দিনটোলৈ সমগ্ৰ দেশত ২৩ কোটিতকৈও অধিক ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ উপৰি তেওঁ কয় যে বৰ্তমান সময়ত ভেকচিনৰ বাবে চৰকাৰে যি ধৰণৰ পৰিশ্ৰম কৰি আছে তাৰ পৰা এটা কথা প্ৰতিপন্ন হয় যে আগন্তুক দিনত ভেকচিনৰ চাহিদা বৃদ্ধি পাব আৰু অধিক লোকে ভেকচিন লাভ কৰিব পাৰিব। ভাৰতত বৰ্তমান ৭টা কোম্পানীয়ে বিভিন্ন প্ৰকাৰৰ ভেকচিন উৎপাদন কৰি আছে। তিনিটা আৰু ভেকচিনৰ ট্ৰায়েল এডভান্স ষ্টেজত চলি আছে বুলি আজি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ উপৰি কোৰোনা মহামাৰীৰ সময়ছোৱাত দেশবাসীক কোৰোনাৰ প্ৰট’কলসমূহ পালন কৰিবলৈ পুনৰ দোহাৰিছে। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে আজি কয় যে ৰাজ্য চৰকাৰৰ হাতত ২৫ শতাংশ টিকাকৰণৰ যি কাম আছিল সেয়া এতিয়া কেন্দ্ৰই নিজৰ হাতলৈ আনিছে। ২৫ শতাংশ ভেকচিন ব্যক্তিগত হাস্পতালসমূহে ক্ৰয় কৰি থকা প্ৰক্ৰিয়া চলি থাকিব বুলি উল্লেখ কৰাৰ উপৰি তেওঁ কয় যে এটা ভেকচিনৰ মূল্য নিৰ্দ্ধাৰিত মূল্যতকৈ ১৫০ টকাতকৈ অধিক ল’ব নোৱাৰিব। ইয়াৰ প্ৰতি দৃষ্টি ৰখাৰ দায়িত্ব ৰাজ্য চৰকাৰৰ হাততেই থাকিব বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here