Home Main Stories ক’ভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনা অনুসৰণ কৰি সুৰক্ষিত দুৰ্গোৎসৱ উদ্‌যাপনৰ আহবান মুখ্যমন্ত্ৰীৰ

ক’ভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনা অনুসৰণ কৰি সুৰক্ষিত দুৰ্গোৎসৱ উদ্‌যাপনৰ আহবান মুখ্যমন্ত্ৰীৰ

48
0

গুৱাহাটী, ১১ অক্টোবৰ ঃ শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এক শুভেচ্ছাবাণীত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বিশ্বৰ ভিতৰতে প্ৰাচীন ভাৰতীয় সভ্যতা-সংস্কৃতিৰ মূল উপাদান হ’ল আধ্যাত্মিক জীৱন দৰ্শন। অতীজৰে পৰা ভাৰতীয় সমাজ জীৱন শক্তিশালী আধ্যাত্মিক ধ্যান-ধাৰণাৰে পৰিচালিত হৈ মূল্যবোধ তথা মানৱতাবোধৰ আধাৰত প্ৰতিষ্ঠিত এখন প্ৰগতিশীল সমাজ হিচাপে পৰিচিত হৈ আহিছে। আমাৰ আধ্যাত্মিক জীৱন পৰিক্ৰমাত উৎসৱ-পাৰ্বণসমূহে সদায়ে ইতিবাচক অৰিহণা যোগাই আহিছে। শৰৎ কাল অতি বিতোপন। এই শৰৎ কালত অনুষ্ঠিত শাৰদীয় দুৰ্গোৎসৱ কেৱল এটা ধৰ্মীয় উৎসৱেই  নহয়, ই হ’ল প্ৰেম, ভাতৃত্ববোধ তথা অন্যান্য মানৱীয় অনুভূতিৰে সমৃদ্ধ এক মহামিলনৰ উৎসৱ। এই উৎসৱ হ’ল অপশক্তি নাশেৰে সত্যক প্ৰতিষ্ঠা কৰা এক যুগজয়ী উৎসৱ। প্ৰকৃতিৰ এই উৎসৱমুখৰ তথা বিনন্দীয়া পৰিৱেশে সমাজত শান্তি-সম্প্ৰীতি গঢ়াৰ পথো সুদৃঢ় কৰে। মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে শাৰদীয় দুৰ্গোৎসৱে আমাৰ মাজত বৰ্তি থকা শান্তি, সম্প্ৰীতি, প্ৰেম তথা  ভাতৃত্ববোধৰ এনাজৰীডাল অধিক সুদৃঢ় কৰাৰ দিশত সকলোকে ঐক্যবদ্ধভাৱে কাম কৰাৰ বাবে অনুপ্ৰাণিত কৰিব।

    আনহাতে, মুখ্যমন্ত্ৰীয়ে ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে জাৰি কৰা নীতি-নিৰ্দেশনা অনুসৰণ কৰি শৃংখলাবদ্ধভাৱে শাৰদীয় দুৰ্যোগৎসৱ উদ্‌যাপনৰ বাবে অসমবাসীক আহ্বান জনাইছে। এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে সাম্প্ৰতিক সময়ত ক’ভিড-১৯ সংক্ৰমণ কিছু স্তিমিত হৈছে যদিও ইয়াৰ বিভীষিকা সম্পূৰ্ণৰূপে আঁতৰি যোৱা নাই। ৰাজহুৱা স্থানত মাস্ক পৰিধানৰ লগতে সান্ধ্য আইনৰ আগতে সকলো কাৰ্যসূচী সামৰিবৰ বাবেও মুখ্যমন্ত্ৰীয়ে পূজা সমিতিসমূহ আৰু ৰাইজলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীয়ে লগতে এতিয়াও ভেকচিনৰ দুয়োটা পালি গ্ৰহণ নকৰাসকলক ভেকচিন গ্ৰহণৰ বাবে আগবাঢ়ি আহি নিজকে সুৰক্ষিত কৰিবলৈ আহ্বান জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here