Home Main Stories আকাশ মাৰ্গেৰে কাছাৰ জিলাৰ বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে: উদ্ধাৰ আৰু সাহায্য...

আকাশ মাৰ্গেৰে কাছাৰ জিলাৰ বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে: উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰতৰ কৰিবলৈ নিৰ্দেশ

72
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ জুন ঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি আকাশ মাৰ্গেৰে শিলচৰকে ধৰি কাছাৰ জিলাৰ বিভিন্ন প্ৰান্তৰ বান পৰিস্থিতি আৰু ইয়াৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়৷ আকাশ মাৰ্গেৰে পৰিদৰ্শন কৰাৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে সাংসদ ডাঃ ৰাজদীপ ৰয়, উপায়ুক্ত, আৰক্ষী অধীক্ষক, ডিআইজি [দক্ষিণ মণ্ডল] উপস্থিত থাকে৷ ইয়াৰ পিছতে কাছাৰ জিলাৰ বান পৰিস্থিতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উচ্ছপদস্থ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়৷ জিলা উপায়ুক্তগৰাকীয়ে সাম্প্ৰতিক বানপানীত হোৱা ক্ষয়-ক্ষতি আৰু প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৰাজি সম্পৰ্কত মুখ্যমন্ত্ৰীক অৱগত কৰে৷ মুখ্যমন্ত্ৰীয়ে শিলচৰ চহৰৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বান প্লাৱিত প্ৰতিটো ৱাৰ্ডতে উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰতৰ কৰি তুলিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে প্ৰতিটো ৱাৰ্ডৰে বানপীড়িত লোকসকলে যাতে উপযুক্ত সাহায্য লাভ কৰিব পাৰে তাৰ বাবে ৱাৰ্ড পৰ্যায়ত আঁচনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে৷ এই আঁচনি স্থানীয় জনসাধাৰণৰ সহযোগত ৰূপায়িত কৰিবলৈও মুখ্যমন্ত্ৰীয়ে কয়৷ জিলাখনত যাতে প্ৰয়োজনীয় কোনোধৰণৰ খাদ্যৰ নাটনি নহয়, সেই দিশত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে বিমানৰ জৰিয়তে খাদ্য সৰবৰাহ কৰাৰ বাবেও উচ্ছপদস্থ বিষয়াসকলক নিৰ্দেশ দিয়ে৷ জিলাখনত প্ৰশাসনিক শক্তি বৃদ্ধি কৰি উদ্ধাৰ আৰু সাহায্য অভিযান যাতে সূচাৰুৰূপে পৰিচালনা কৰিব পৰা যায় তাৰ বাবে দহগৰাকী বিষয়াক কাছাৰ জিলালৈ আহিবলৈ নিৰ্দেশ দিয়া হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ চহৰখনৰ প্ৰতিটো প্ৰান্ততে যাতে বিদ্যুৎ উপলব্ধ কৰিব পৰা যায় তাৰ বাবে এপিডিচিএলৰ শীৰ্ষ বিষয়াসকলক তৎকালে যথোচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে৷ ইয়াৰ পিছতে সাংবাদিকৰ সৈতে হোৱা কথোপকথনৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে জিলাখনৰ অভূতপূৰ্ব বান পৰিস্থিতি মোকাবিলা কৰাৰ বাবে জিলা প্ৰশাসনৰ সহযোগত ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ জনসাধাৰণে যাতে বিদ্যুৎ লাভ কৰিব পাৰে তাৰ বাবে গুৱাহাটীৰ পৰা অভিযন্তা অনাৰো ব্যৱস্থা কৰা হৈছে বুলি তেওঁ কয়৷ খোৱাপানীৰ সমস্যা লাঘৱ কৰাৰ বাবে চৰকাৰে কাইলৈৰ পৰা দৈনিক এক লাখ লিটাৰ পানী অনাৰ ব্যৱস্থা কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ আজিৰ এই বৈঠকত পৰিবহণমন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ ৰাজদীপ ৰয়, বিধায়কদ্বয় ক্ৰমে দ্বীপায়ন চক্ৰৱৰ্তী আৰু কৌশিক ৰায়, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, এনডিআৰ এফ, এছডিআৰ এফৰ বিষয়া আৰু জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here