Home Main Stories VIDEO | গণি গণি এক লাখ চাকৰি সদনত স্পস্ট কৰিলে মুখ্যমন্ত্ৰীয়ে ◾️...

VIDEO | গণি গণি এক লাখ চাকৰি সদনত স্পস্ট কৰিলে মুখ্যমন্ত্ৰীয়ে ◾️ মাফ কৰা হ’ব মাইক্ৰ’ ফাইনেন্সৰ ঋণ-সুদ ◾️ নতুন প্ৰজন্মক শান্তিৰ অসম দিয়াৰ বাবে পৰেশ বৰুৱাক আগবাঢ়ি আহিবলৈ আহবান ◾️ অখিল গগৈৰ মানসিক চিকিৎসা চলি আছে

32
0

ষ্টাপ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৪ মে’ : ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱত আলোচনা আগবঢ়াই বিৰোধীয়ে কৰা প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ এবাৰ স্পষ্ট কৰে যে ৰাজ্যত তেওঁ গণি গণি ১ লাখ যুৱকক নিযুুক্তি প্ৰদান কৰিব আৰু সেই অনুষ্ঠানত বিৰোধী দলপতিকো অতিথি হিচাপে আমন্ত্ৰণ কৰিব। ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বিগত পাঁচ বছৰত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত যি বিকাশৰ ভেটি তৈয়াৰ কৰা হৈছিল তাক ত্বৰান্বিত কৰাৰ বাবে নতুন চৰকাৰে কাম কৰিব। ৰাজ্যত প্ৰথমবাৰৰ বাবে এখন অকংগ্ৰেছী চৰকাৰে একেৰাহে দ্বিতীয়বাৰৰ বাবে দায়িত্ব লাভ কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যি মূল্যবোধৰ ৰাজনীতি গঢ়ি তুলিছে তাক আগুৱাই নিব নতুন চৰকাৰে। বিৰোধী দলৰ আগ্ৰহক সন্মান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিধানসভাত তাত্ত্বিক যুক্তিৰে শাসক-বিৰোধীয়ে গঠনমূলক সমালোচনা কৰিলে ৰাজ্যখন বহুখিনি আগবাঢ়ি যাব। ৰিতুল শইকীয়াক মুকলি কৰি দিয়াৰ বাবে বিধানসভাৰ মজিয়াৰ পৰা আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক ধন্যবাদ জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এখন শান্তিৰ অসম অসমবাসীৰ অধিকাৰ, নতুন প্ৰজন্মক এখন শান্তিৰ অসম দিবলৈ হ’লে আলফা আৰু চৰকাৰ দুয়োটা পক্ষই আলোচনাৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব। আনহাতে অখিল গগৈৰ সন্দৰ্ভত তেওঁ কয় যে অসুস্থ লোক এজনক বিধানসভাত আহিবলৈ দিলে সেইটো উচিত নহ’ব। সম্প্ৰতি অখিল গগৈৰ মানসিক চিকিৎসা চলি আছে বুলি তেওঁ উল্লেখ কৰি বিধানসভাৰ প্ৰথমদিনা তেওঁ আহিয়েই সকলো ক’ভিড নীতি উলংঘা কৰি সকলোকে উৎসাহেৰে লগ কৰিছিল আৰু এইটোৱেই তেওঁৰ মানসিক ৰোগ বুলি চিকিৎসকসকলে তেওঁক জানিবলৈ দিছে। আনহাতে ক’ভিড ভেকচিনৰ কথা উল্লেখ কৰি তেওঁ কয় যে জুলাই মাহত পৰ্যাপ্ত পৰিমাণে টিকাকৰণ কৰিব পৰা যাব। সম্প্ৰতি ৰাজ্যত সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে। অক্সিজেনকে আদি কৰি সকলো ঔষধ ৰাজ্যত আছে। আনকি অসমত প্ৰস্তুত কৰা ৰেমডিছিভায়াৰ বহিঃৰাজ্যলৈ ৰপ্তানি কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহকো অক্সিজেনকে আদি কৰি অসমেই সহায় কৰি আছে। আনহাতে এনআৰচিৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আৰজিআয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত এনআৰচি প্ৰস্তুত কৰিছিল, য’ত আসোঁৱাহ থকা বুলি ৰাজ্য চৰকাৰে সন্দেহ প্ৰকাশ কৰিছে আৰু নিৰ্বাচনী প্ৰস্তুতি অনুসৰিয়েই পুনৰীক্ষণৰ বাবে আবেদন জনাইছে বুলি তেওঁ উল্লেখ কৰে। আনহাতে গো-সুৰক্ষাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বিভিন্ন ধৰ্মাৱলম্বী লোক একগোট হোৱা স্থানত গো-মাংস বিক্ৰী কৰাটো কোনো কাৰণতে উচিত নহয়। ফাঁচী বজাৰ বা গান্ধীবস্তিত কোনো কাৰণতে মদিনা হোটেল হ’ব নোৱাৰে। অৱশ্যে যিবিলাক অঞ্চলত নিৰ্দিষ্ট ধৰ্মাৱলম্বী লোক থাকে তাত গো-মাংস ভক্ষণ কৰাত আপত্তি নাথাকিব। একেদৰে মাদ্ৰাছা কোনো কাৰণত পুনৰ মুকলি নহয় বুলি তেওঁ উল্লেখ কৰে। আনহাতে সত্ৰৰ মাটি বেদখল কৰাৰ সন্দৰ্ভত তেওঁ উল্লেখ কৰে যে যদি বেদখল হৈছে তেন্তে শাসক-বিৰোধী উভয়ে ইয়াক বেদখলমুক্ত কৰাৰ বাবে ওলাই আহিব লাগে। যিদৰে সত্ৰৰ মাটি বেদখলমুক্ত হ’ব লাগে, ঠিক তেনেদৰে মছজিদৰ মাটিও দখল কৰা উচিত নহয় বুলি তেওঁ উল্লেখ কৰে। আনহাতে মাইক্ৰ’ফাইনেন্সৰ ঋণ আৰু সুদ মাফ তেওঁৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি, যাক তেওঁ আখৰে আখৰে পালন কৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here