Home ৰাজনীতি মুখ্যমন্ত্ৰীয়ে নিজেই নাজানে কিমান দিন পদবীত থাকিব পাৰিব : ক্ষমতাকেন্দ্ৰীক হৈ পৰিছে...

মুখ্যমন্ত্ৰীয়ে নিজেই নাজানে কিমান দিন পদবীত থাকিব পাৰিব : ক্ষমতাকেন্দ্ৰীক হৈ পৰিছে দেশৰ ৰাজনীতি ৰাজস্থানত কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নিতিন গাডকাৰী

69
0


জয়পুৰ, ১৪ ছেপ্টেম্বৰ ; বিজেপিশাসিত ৰাজ্যত যোৱা ৬ মাহত প্তগৰাকী মুখ্যমন্ত্ৰী সলনি ঘটাৰ বিষয়টোক লৈয়ে কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতীন গাডকাৰীয়ে ৰাজস্থানৰ এখন সভাত কয় যে মুখ্যমন্ত্ৰীয়ে নিজেই নাজানে কিমান দিন পদবীত থাকিব পাৰিব৷ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি আৰু মুখ্যমন্ত্ৰী সঘনাই সলনি হোৱা বিষয়টোক কেন্দ্ৰ কৰি কোনো ব্যক্তিৰ নাম উচ্ছাৰণ নকৰাকৈ কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান পৰিস্থিতিত সকলো দুখী৷ বৰ্তমান পৰিস্থিতিত সকলোৰে সমস্যা আৰু সকলো দুখী বিধায়ক৷ বিধায়ক এই বাবে দুখী কিয়নো তেওঁ মন্ত্ৰী হ’বলৈ নাপালে৷ মন্ত্ৰী এই বাবে দুখী কিয়নো তেওঁ এটা ভাল বিভাগ নাপালে৷ আনহাতে, ভাল বিভাগ লাভ কৰাসকল এই বাবে দুখী কিয়নো তেওঁ মুখ্যমন্ত্ৰী হ’বলৈ নাপালে৷ যিসকল মুখ্যমন্ত্ৰী হৈছে সেইসকল এই বাবে দুখী কিয়নো তেওঁলোক কেতিয়ালৈ পদবীত থাকিব তাৰ কোনো নি(য়তা নাই৷ ৰাজস্থান বিধানসভাৰ দ্বাৰা আয়োজিত এক কাৰ্যসূচীত অংশ লৈ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি এই মন্তব্য কৰে কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীগৰাকীয়ে৷ তেওঁ কয়, ৰাজনীতিৰ মুখ্য উদ্দেশ্য হ’ব লাগে সাধাৰণ নাগৰিকৰ জীৱন সলনি কৰা৷ কিন্তু বৰ্তমান কেৱল ক্ষমতা দখলতহে নামি পৰিছে৷ অৰ্থাৎ ক্ষমতাকেন্দ্ৰিক হৈ পৰিছে দেশৰ বৰ্তমানৰ ৰাজনীতি৷ গণতন্ত্ৰৰ মূল লক্ষ্য হৈছে সমাজৰ অন্তিম ব্যক্তিজনক লাভৱান্বিত কৰা৷ উল্লেখ্য যে বিজেপিয়ে গুজৰাটকে ধৰি উত্তৰাখণ্ড, কৰ্নাটকত হঠাতে মুখ্যমন্ত্ৰী সলনি ঘটোইছে৷ উত্তৰাখণ্ডক প্ৰথমে ত্ৰিবেন্দ্ৰ সিং ৰাৱটৰ স্থানত তিৰথ সিং ৰাৱটত মুখ্যমন্ত্ৰী ৰূপে নিযুক্তি দিয়াৰ কে’বাদিনৰ পিছতেই হঠাতেই আকৌ তেওঁৰ স্থানত পুষ্কৰ সিং ধামিক নিযুক্তি দিছিল৷ একেদৰে কৰ্নাটকত য়েডিয়ুৰাপ্পাক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাই সেই স্থানত বাসৱৰাজ বোম্বইক মুখ্যমন্ত্ৰী ৰূপে নিযুক্তি দিয়া হৈছিল৷ শেহতীয়াকৈ গুজৰাটত বিজয় ৰূপানীৰ স্থানত ভূপেন্দ্ৰ পাটেলক মুখ্যমন্ত্ৰী ৰূপে নিযুক্তি দিয়া হৈছিল৷ একেদৰে ৰাজ্যৰ নিৰ্বাচনৰ সময়ছোৱাত সৰ্বানন্দ সোণোৱালক দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী নকৰি ড॰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী ৰূপে নিযুক্তি দিয়া হৈছিল৷ বিজেপিশাসিত ৰাজ্যসমূহত সঘনাই মুখ্যমন্ত্ৰী সাল-সলনিৰ ঘটনাক কেন্দ্ৰ কৰি কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীগৰাকীয়ে উপৰিউক্ত মন্তব্য উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here