Home অসম শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৮০ খন আই চি ইউ বিচনাৰ সেৱা আনুষ্ঠানিকভাৱে...

শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৮০ খন আই চি ইউ বিচনাৰ সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে

67
0


গুৱাহাটী, ১৮ ছেপ্তেম্বৰ : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত শিশুৰ বাবে ৪০টা আই চি ইউ আৰু প্ৰাপ্তবয়স্কৰ বাবে ৪০টা আই চি ইউ জনসাধাৰণৰ সেৱাত  উৎসৰ্গিত কৰে। মুখ্যমন্ত্ৰীয়ে  লগতে নিৰ্মাণকাৰ্য চলি থকা ৫০০খন বিছনাযুক্ত হাস্পতালো পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। এই উপলক্ষে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠাত ভাষণ দি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ক’ভিডৰ পূৰ্বে চিকিৎসা মহাবিদ্যালয়খনত আই চি ইউৰ সংখ্যা ১৪টা আছিল। আজি সংযোগিত হোৱা আই  চি ইউ বিছনাকে ধৰি ইয়াত বৰ্তমান ১৮০টালৈ আই চি ইউ বিছনাৰ সংখ্যা বৃদ্ধি পাইছে। শিলচৰ মহাবিদ্যালয় চিকিৎসালয়খনক  আৰু ৪০খন আই চি ইউ বিছনা  প্ৰদানৰ বাবে ক’ল ইণ্ডিয়া লিমিটেডৰ সৈতে বুজাবুজিৰ চুক্তি হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ক’ল ইণ্ডিয়া লিমিটেডে শিলচৰ মহাবিদ্যালয়ত আৰু ৪০খন আই চি ইউ বিচনা প্ৰদান কৰিব। তেওঁ লগতে কয় যে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত  নতুনকৈ ৫০০খন বিছনাযুক্ত চিকিৎসালয়ৰ কাম চলি আছে।  অহা দুবছৰৰ ভিতৰত ইয়াৰ কাম সম্পূৰ্ণ হৈ উঠিব। শিলচৰ কৰ্কট হাস্পতালৰ নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে অক্সিজেন মজুতকৰণৰ সামৰ্থ ৬০০ মে¿ট্ৰকটনলৈ বৃদ্ধি হৈছে। আনহাতে, ঔষধ যোগান প্ৰক্ৰিয়া সংহতকৰণ, স্বাস্থ্যখণ্ডত মানৱ শক্তি বৃদ্ধিৰ বাবে নতুন কৰ্মচাৰী নিযুক্তিৰে স্বাস্থ্যখণ্ডই  বিশেষ অগ্ৰগতি লাভ কৰিছে। স্বাস্থ্যখণ্ডৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰাৰ বাবে ক’ভিড পৰিস্থিতিৰ সঠিকভাৱে মোকাবিলা কৰাৰ দিশত ৰাজ্য চৰকাৰ সক্ষম হৈছে। ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তৰ জনসাধাৰণে আজি চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহত উপযুক্ত তথা উন্নত চিকিৎসা লাভ কৰিব পৰা যায় বুলি ইতিমধ্যে পতিয়ন গৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।  শিলচৰত আঞ্চলিক ফৰেনছিক  গৱেষণাগাৰ স্থাপনৰ বাবে অনুমোদন জনোৱা হৈছে বুলিও তেওঁ কয়। আজিৰ অনুষ্ঠানত সাংসদ ডাঃ ৰাজদীপ ৰয় আৰু বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যইও ভাষণ প্ৰদান কৰে। অনুষ্ঠানত সাংসদ কৃপানাথ মাল্লা, পল্লৱ লোচন দাস, কেইবাগৰাকী বিধায়ক, স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকলৰ লগতে চিকিৎসা মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ অধ্যাপক তথা চিকিৎসকসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here