Home Editor's Pick মুখ্যমন্ত্ৰী মহোদয় সমীপেষু

মুখ্যমন্ত্ৰী মহোদয় সমীপেষু

187
0

খবিৰ আহমেদ

বাগ্মিতা এটা উচ্চমানৰ কলা। বাগ্মিতাৰ দ্বাৰা জনগণক মোহাৱিষ্ট কৰি নিজৰ ফলীয়া কৰিবলৈ সফল ৰাষ্ট্ৰনেতাসকলৰ হাতত ই এটা ডাঙৰ হাতিয়াৰ। এজন সফল ৰাজনৈতিক নেতা হিচাপে আপোনাৰো সেই বাগ্মিতা গুণ আছে। বিধানসভাৰ অধিৱেশনবোৰত দেখিছিলো কেনেদৰে আপুনি আপোনাৰ বাগ্মিতাৰ দ্বাৰা বিৰোধী দলৰ বিধায়কক ধৰাশায়ী কৰে।
আপুনি যেতিয়া কংগ্ৰেছৰ মন্ত্ৰীসভাত এগৰাকী প্ৰভাৱশালী মন্ত্ৰী আছিল তেতিয়া আপুনি আপোনাৰ বাগ্মিতা শক্তিৰ দ্বাৰা অসমৰ মুছলমানসকলক লৈ এটা ভিন্ন নেৰেটিভ তৈয়াৰ কৰিছিল। ‘গুজৰাটৰ পানীৰ পাইপেদি মুছলমানৰ তেজ চলে’ বুলি কোৱা আপোনাৰ বিখ্যাত উক্তিটো এতিয়াও কোনেও পাহৰা নাই। সময় সলনি হ’ল। আপুনি বিজেপি দলত যোগদান কৰিলে আৰু তাৰ পিছৰ পৰাই অসমৰ মুছলমানক লৈ আপোনাৰ নেৰেটিভ পৰিৱৰ্তন হৈ গ’ল। আপুনি প্ৰকাশ্যভাৱে অসমীয়া মিঞা জনগোষ্ঠীক টাৰ্গেট কৰি কথা ক’বলৈ ধৰিলে। আপুনি প্ৰকাশ্য জনসভাত ক’লে ‘আমাক চাচা-মামাৰ ভোট নালাগে’। দুহেজাৰ ঊনৈশ চনৰ চৌবিছ জানুৱাৰী তাৰিখত সৰুসজাই ষ্টেডিয়ামত আপুনি অৰ্ণমাই বৰা, টেট টিচাৰ, বৰপেটাৰ মইনবৰী আৰু কণৰা সত্ৰৰ  প্ৰসংগ টানি আনি যি জ্বালাময়ী ভাষণ দিছিল সেয়া আছিল আন এটা একপক্ষীয় বক্তব্য। তাৰ পিছত আপুনি লাহে লাহে অসমত সভ্যতাৰ যুঁজ দেখা পালে। আপুনি ক’লে যে ২০২১ চনৰ নিৰ্বাচন হ’ব ৩৫ শতাংশ আৰু ৬৫ শতাংশৰ মাজৰ যুঁজ। অসমৰ কিমানকেইখন জিলা আৰু কিমানকেইখন বিধানসভাৰ আসন আপোনালোকৰ হাতৰ পৰা গুচি গ’ল তাৰ হিচাপো আপুনি দিলে। আপুনি ৰাজহুৱাভাৱে কেমেৰাৰ সমুখত ক’লে, ‘মই মিঞাসকলক বেয়াকৈ কৈছো, আৰু বেছি বেয়াকৈ ক’ম।’ অতীজৰে পৰা অসমীয়া জাতীয় জীৱনত হিন্দু-মুছলমানকে আদি কৰি সকলোৱে একতাৰ ডোলেৰে বান্ধ খাই আছিল। কিন্তু এইবোৰ কথা কৈ অসমৰ সমাজ-জীৱনত আপুনি যি এটা ‘বাইনাৰী’ সৃষ্টি কৰিলে সেইটোৱে অসম আৰু অসমীয়া জাতিৰ কিমান ক্ষতি কৰিলে এবাৰ ভাবি চাবনে?  আপোনাৰ নিচিনা এজন জ্যেষ্ঠ আৰু বিচক্ষণ ৰাজনীতিকৰ পৰা কোনেও এনেধৰণৰ বিদ্বেষপূৰ্ণ বক্তব্য আশা নকৰে।
নিৰ্বাচনৰ আগত আমি ভাবিছিলো আপুনি নিৰ্বাচনত জয়ী হোৱাৰ কাৰণে অথবা কোনোবা পক্ষক সন্তুষ্ট কৰাৰ কাৰণেই এইবোৰ উত্তেজিত ভাষণ দিছিল। তাৰ পিছত ভাবিছিলো যে নিৰ্বাচনত যিহেতু আপোনালোকৰ দল জয়ী হ’ল আৰু আপুনি মুখ্যমন্ত্ৰী হ’ল গতিকে এতিয়া অন্ততঃ আপুনি মুখ্যমন্ত্ৰীৰ চকীখনৰ মৰ্যাদা ৰক্ষা কৰি বক্তব্যবোৰ ৰাখিব।  কিন্তু দুৰ্ভাগ্যবশতঃ সেয়া আমি দেখিবলৈ পোৱা নাই। মুখ্যমন্ত্ৰীৰ চকীত বহিয়েই আপুনি নাগৰিৰকপঞ্জীৰ পুনৰীক্ষণৰ কথা ক’লে। অসম চুক্তিক আধাৰ কৰি উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত, সকলো জাতি-জনগোষ্ঠীক ঐকমত্যত উপনীত কৰাই আৰু সুদীৰ্ঘ দহটা বছৰৰ অন্তত নাগৰিকপঞ্জীৰ এটা ফলাফল ওলাল। কিন্তু আপুনি পোনছাটেই সেই নাগৰিকপঞ্জী নাকচ কৰি দিলে। ১৯৮৫ চনৰ পৰা ২০১৬ চনলৈকে আপুনি অসম চুক্তি মানিলে, আপুনি অসম চুক্তি ৰূপায়ণৰ মন্ত্ৰীও আছিল। আৰু এতিয়া সেই চুক্তি নস্যাৎ কৰি আপুনি ক’ব খোজে যে কেৱল মুছলমানৰ বাবে ভিত্তিবৰ্ষ হ’ব লাগে ১৯৫১, বাকী অন্যান্যসকলৰ বাবে সেই ভিত্তিবৰ্ষ হ’ব ২০১৪ চনৰ ৩১ ডিচেম্বৰ। দৃষ্টিভংগীৰ এই  এই আমূল পৰিৱৰ্তন (Paradigm shift) আপোনাৰ বিবেকে মানি লয়নে?
দ্বিতীয়তে আহিল উচ্ছেদৰ কথা। কোনোবাই যদি চৰকাৰী মাটিত অনধিকাৰ প্ৰৱেশ কৰিছে তেনেহ’লে উচ্ছেদ কৰক। কিন্তু তাৰ আগত এইটো কিয় চোৱা নহয় যে উচ্ছেদ হ’বলগীয়া সেই মানুহখিনি বিদেশী নে ভাৰতীয়? যদি ভাৰতীয় হয় তেনেহ’লে চৰকাৰৰ কোনো দায়-দায়িত্ব নাই নেকি? এই ঘোৰ বাৰিষাৰ বতৰত আৰু কোৰোনা কালৰ লকডাউন চলি থকাৰ সময়ত অসহায় মানুহবোৰক উেচ্ছদ কৰি কেঁচুৱা, স্কুলীয়া ল’ৰা-ছোৱালী, আনকি আলৰ বুঢ়া মানুহবোৰকো মুকলি আকাশৰ তললৈ ঠেলি দিয়া কাৰ্য কোনো মংগলকামী ৰাষ্ট্ৰই কৰিব পাৰেনে? ইমান দিনে কাজিৰঙা, মায়ং, হোজাই, বৰপেটাৰ কাৱৈমাৰী আৰু ছিপাঝাৰত যি উেচ্ছদ হ’ল তাত এজনো বিদেশী মানুহ পালেনে? যদি পাইছে তেনেহ’লে সেইসকল মানুহৰ নাম ৰাজহুৱা কৰিবলৈ অনুৰোধ কৰিলোঁ। আৰু যদি পোৱা নাই তেনেহ’লে কেৱল একাংশ ধৰ্মীয় সংখ্যালঘুক লক্ষ্য কৰি এই অমানৱীয় উচ্ছেদ অভিযান কিয়?
তৃতীয়তে, জনসংখ্যা বৃদ্ধি হোৱাটো কোনেও নিবিচাৰে। অসমৰ মিঞাসকলেও নিবিচাৰে। অতিমাত্ৰা জনসংখ্যা বৃদ্ধিয়ে যে মিঞা জনগোষ্ঠীৰ ভৱিষ্যৎ প্ৰজন্মলৈ অশনি সংকেত কঢ়িয়াই আনি আছে সেই কথা তেওঁলোকেও বুজি পায়। এই জনগোষ্ঠীৰ যিবিলাক মানুহ শিক্ষা, স্বাস্থ্য আৰু যাতায়াতৰ সুবিধা থকা ঠাইত বাস কৰে তেওঁলোকৰ মাজত বাল্যবিবাহ, বহুবিবাহ বা অধিক সন্তান জন্ম দিয়া অথবা অপৰাধ-প্ৰৱণতা সমূলি নোহোৱা হৈছে। আনহাতে এইবোৰ সুবিধা নথকা চৰ-চাপৰিৰ দৰে দুৰ্গম ঠাইত যিসকল মানুহ বসবাস কৰে তেওঁলোকৰ মাজত এই কু-সংস্কাৰবোৰ আছে যদিও তাৰ সংখ্যা খুবেই নগণ্য। গতিকে অতি নগণ্যসংখ্যক মানুহৰ কাৰণে সমগ্ৰ জনগোষ্ঠীটোক দায়ী কৰা কথাটো মুঠেই সমীচীন নহয়। জনসংখ্যা নীতি গ্ৰহণ কৰিছে কৰক, নীতিগতভাৱে আমি তাক পূৰ্ণ  সমৰ্থন কৰোঁ। কিন্তু এখন গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ দেশত নিয়ম এটা সকলোৰে বাবে প্ৰযোজ্য হ’ব লাগে। খেনোক দেখি ৰান্ধে বাঢ়ে, খেনোক দেখি দুৱাৰ বান্ধে— কথাটো তেনেকুৱা হোৱা নাই জানো?
চতুৰ্থতে, অসমৰ সংখ্যালঘু মুছলমানসকলৰ সাৰ্বিক উন্নয়নৰ নামত আলোচনা সভা পাতি আপুনি তাতো সংখ্যালঘুসকলক ভাগ ভাগ কৰি পেলালে। আপুনি খিলঞ্জীয়া মুছলমানখিনিক অসমীয়া মুছলমান বুলি ক’লে বাকীখিনিক অসমীয়া মুছলমান বুলি নক’লে। কিয় নক’লে? বংগীয় মূলৰ মিঞা জনগোষ্ঠীৰ মানুহখিনি অসমীয়া মুছলমান নহয় নেকি? আপোনাৰ ফালৰ পৰা কথাবোৰ স্পষ্ট কৰিলে ভাল হয়। হয়, তেওঁলোকৰ ঘৰুৱা কথিত ভাষা আৰু সংস্কৃতিৰ মাজত এতিয়াও কিছু পাৰ্থক্য আছে, কিন্তু সামগ্ৰিকভাৱে অসমীয়াকৰণৰ কাম আজি বহু দূৰলৈকে আগুৱাই গৈছে। দৰাচলতে মিঞা জনগোষ্ঠীৰ ভয় দেখুৱাই আপোনালোকে অসমৰ সকলো জাতি-জনজাতিক একত্ৰিত কৰি আছে কেৱল শাসনৰ গাদী লাভৰ আশাত। খিলঞ্জীয়া অসমীয়া মুছলমানসকলকো এই মিঞাবিৰোধী ঐক্যমঞ্চলৈ আনিব লাগে আৰু তাৰ কাৰণেই আপোনাৰ এই আলাপ-আলোচনা। কিন্তু ভাবি চাওক, এই কথা অতি ভয়ংকৰ। চাপৰিলে মেঘ নাযায়। চিৰদিন-চিৰকাল মিঞা জনগোষ্ঠীৰ মানুহবোৰেও অসমীয়া মানুহৰ লগত সহাৱস্থান কৰিবই লাগিব এইখন অসমতে। সেই কথা ভাবি এওঁলোকৰ প্ৰতিও সমভাব, সমদৃষ্টি দিলে ভাল হয়।
শেহতীয়াকৈ আপুনি এই সমাজৰ শিক্ষকসকল আৰু ছাত্ৰ-ছাত্ৰীকো তাচ্ছিল্য কৰাৰ পৰা বাদ নাৰাখিলে। ৩।৭।২০২১ তাৰিখত আপুনি ক’লে যে মেট্ৰিক পৰীক্ষাৰ বহীত বাঘবৰ আৰু জনীয়া সমষ্টিৰ শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক এশৰ ভিতৰত এশ নম্বৰেই দিব। এনেকুৱা বক্তব্যৰ দ্বাৰা আপুনি শিক্ষক সমাজক লজ্জানত কৰিছে, ফুলকুমলীয়া ছাত্ৰ-ছাত্ৰীৰ মনতো মচিব নোৱাৰা দুখ দিছে। এজন মুখ্যমন্ত্ৰীৰ মুখেৰে এনেকুৱা বিদ্বেষপূৰ্ণ কথা শোভা পায় নেকি? আপুনি সেই সমষ্টি দুটাৰো মুখ্যমন্ত্ৰী নহয় নেকি? সেই সমষ্টিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মূল্যায়নৰ নিয়মাৱলী বেলেগ নেকি? ইয়াৰ দ্বাৰা আপুনি এই সমষ্টি দুটাৰ  শিক্ষা ব্যৱস্থাৰ ওপৰত চিৰদিনৰ বাবে কালিমা সানি দিলে।
এখন দেশৰ শাসনব্যৱস্থা নিৰ্ভৰ কৰে দেশৰ সংখ্যালঘুসকলৰ আৰ্থিক, সামাজিক আৰু মানসিক অৱস্থাৰ ওপৰত। বিগত চাৰিটা দহকত অসমৰ প্ৰায় আশী লাখ মানুহে কিমান অশান্তি আৰু অনিশ্চয়তা লৈ জীয়াই আছে আপুনি এবাৰ ভাবি চাইছেনে? সকলো মানুহক চিৰদিনৰ বাবে জানো বঞ্চিত কৰি ৰাখিব পাৰি? আব্ৰাহাম লিংকনে কৈছিল : You can befool all people for some days, some people for all days but you can`t befool all people for all for all days.
শেষত কওঁ, আপোনাৰ বাগ্মিতা আৰু প্ৰশাসনিক দক্ষতাক কিছু গঠনমূলক কামত ব্যৱহাৰ কৰক। এই আশী লাখ মানুহক হিচাপৰ বাহিৰত ৰাখি আপুনি যিমানেই পৰিকল্পনা অথবা উচ্চাকাংক্ষী আঁচনি তৈয়াৰ নকৰে কিয়, অসম আগুৱাই নাযায়, যাব নোৱাৰে। গালি পৰা, ঘৃণা কৰা আৰু বিদ্বেষৰ বীজ ছটিওৱাৰ বিপৰীতে এই মানুহখিনিৰ স্বাস্থ্য, শিক্ষা, যাতায়াত আৰু কৰ্মসংস্থাপনৰ কথাও ভাবক।   আপোনাৰ বাগ্মিতাৰে বঞ্চিত অথচ অপৰিসীম প্ৰাণশক্তিৰে বলীয়ান এই মিঞা মানুহখিনিক নতুন অসম গঢ়াৰ বাবে উদ্‌গনি দিয়ক। চাব অহা দহ বছৰৰ ভিতৰত এওঁলোকে অসমখনক ভাৰতৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যলৈ পৰিৱৰ্তন কৰি আপোনাৰ সপোন বাস্তৱত ৰূপায়ণ কৰিছে। 

( লেখকৰ ফোন নম্বৰ: 9954033111 )

LEAVE A REPLY

Please enter your comment!
Please enter your name here