Home Uncategorized দক্ষিণ শালমাৰা-মানকাচৰ জিলাত সংঘটিত হোৱা গাঁওবুঢ়া কেলেংকাৰীৰ তদন্ত আকৌ আৰম্ভ; দ্বিতীয় বাৰৰ...

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত সংঘটিত হোৱা গাঁওবুঢ়া কেলেংকাৰীৰ তদন্ত আকৌ আৰম্ভ; দ্বিতীয় বাৰৰ বাবে আজি পুনৰ উপস্থিত মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চৰ দল

150
0

মানকাচৰ,২৫ নৱেম্বৰ:- দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ গাওঁবুঢ়া নিযুক্তিত সংঘটিত বিয়াগোম  কেলেংকাৰী সন্দৰ্ভত হাটশিঙিমাৰীৰ উপায়ুক্তৰ কাৰ্য্যালয়ত আজি পুনৰ  তদন্তকাৰী দলে  আৰম্ভ কৰে।  যোৱা দহ দিন পূৰ্বে অৰ্থাৎ ১৫ নৱেম্বৰত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ তিনি জনীয়া দল এটাই গাওঁবুঢ়া কেলেংকাৰী সন্দৰ্ভত তদন্ত কৰিছিল আৰু প্ৰয়োজনীয় নথি পত্ৰ লৈ গৈছিল।লক্ষ্যনীয় যে  ২০১৮ চনত তদানীন্তন জিলা উপায়ুক্ত আতিকা চুলতানা আৰু অতিৰিক্ত উপায়ুক্ত ছইবুৰ ৰহমানৰ বিৰুদ্ধে বৃহৎ ধনৰ বিনিময়ত গাওঁবুঢ়া নিযুক্তি দিয়াৰ অভিযোগৰ তদন্ত কৰিব দলটোৱে। উপায়ুক্ত আতিকা চুলতানা আৰু অতিৰিক্ত উপায়ুক্ত ছইবুৰ ৰহমানৰ বিৰুদ্ধে মানকাচৰ ৰাজহ চক্ৰৰ ৭০ টা আৰু দক্ষিণ শালমাৰা ৰাজহ চক্ৰৰ ২৪ টাকে ধৰি মুঠ ৯৪ গৰাকী গাওঁবুঢ়া পদত নিযুক্তিৰ বাবদ প্ৰতি গৰাকী আবেদনকাৰীৰ পৰা ৫ লাখৰ পৰা ১২ লাখ টকালৈকে উৎকোচ লোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী শাখাত ভাৰতীয় দণ্ড বিধিৰ 120(B)/420/468/471 IPC R/W sec 13(1)(a) 13(2) pc  Act ৰ অধীনত 05/2021 নম্বৰৰ এটি গোচৰ ৰুজু হৈ আছে।ইপিনে জিলাখনত ভূমি আৱন্টনৰ নামতো তদানীন্তন উপায়ুক্ত আতিকা চুলতানা আৰু তদানীন্তন অতিৰিক্ত উপায়ুক্ত ছইবুৰ ৰহমান, ৰাজনৈতিক নেতা পালি একা‌ংশ জিলা পৰিষদৰ প্ৰতিনিধিয়ে  বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰ আন এক অভিযোগ উত্থাপিত হৈছে। উক্ত অভিযোগৰ ভিত্তিত মূখ্যমন্ত্ৰী ভিজিলেঞ্চ দলে ভূমি সংক্ৰান্তত তদন্ত চলাব বুলি বিশেষ সুত্ৰত জানিব পৰা গৈছে। ভূমি সংক্ৰান্তীয় তদন্তৰ কথা প্ৰচাৰ হোৱাত আবণ্টনৰ পৰা বঞ্চিত গৰাখহনীয়াত পতিত তথা ভূমিহীন হৈ পৰা আশ্ৰয়হীন লোকে উপায়ুক্তৰ কাৰ্য্যালয়ত ভীৰ কৰা পৰিলক্ষিত হৈছে।

ReplyReply allForward

LEAVE A REPLY

Please enter your comment!
Please enter your name here