Home Main Stories ৰাজ্যৰ ক’ভিড পৰিস্থিতি পৰ্যালোচনা কৰিলে মুখ্যমন্ত্ৰীয়ে

ৰাজ্যৰ ক’ভিড পৰিস্থিতি পৰ্যালোচনা কৰিলে মুখ্যমন্ত্ৰীয়ে

31
0

ৰাজ্যৰ প্ৰতিখন মেডিকেল কলেজ হাস্পতাল আৰু জিলা চিকিৎসালয়ত শিশুৰ বাবে ইনচিভ কেয়াৰ ইউনিট স্থাপন কৰিব ৰাজ্য চৰকাৰে : মুখ্যমন্ত্ৰী

দিছপুৰ, ২৫ মে’ : আজি জনতা ভৱনস্থিত কাৰ্যালয়ত ৰাজ্যৰ ক’ভিড পৰিস্থিতি পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিশুৰ বাবে ক’ভিড কেয়াৰ আন্তঃগাঁথনি শক্তিশালীকৰণৰ লগতে ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু জিলা চিকিৎসালয়ত শিশুৰ বাবে আছুতীয়া ইনটেনচিভ কেয়াৰ ইউনিট স্থাপন কৰাৰ বাবে স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে।
বৈঠকত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনত শিশুৰ বাবে ক’ভিড আন্তঃগাঁথনি শক্তিশালীকৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৩০ টা আই চি ইউ স্থাপন কৰাৰ লগতে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ২০ টাকৈ আই চি ইউ স্থাপন কৰা হ’ব। তদুপৰি, ৰাজ্যৰ অন্যান্য মেডিকেল কলেজ হাস্পতালত ১৫ টাকৈ এনে আই চি ইউ স্থাপন কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত শিশুৰ বাবে ১৫ টা ইনটেনচিভ কেয়াৰ ইউনিটৰ লগতে সকলো জিলা হাস্পতালত ৫ টাকৈ ইনটেনচিভ কেয়াৰ ইউনিট স্থাপন কৰি চিকিৎসালয়সমূহৰ আন্তঃগাঁথনি আৰু অধিক শক্তিশালী কৰি তোলা হ’ব।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বৰ্তমানে থকা আই চি ইউ বিচনা প্ৰয়োজন সাপেক্ষে শিশুৰ বাবে আই চি ইউ বিচনা হিচাপে গঢ়ি তোলা হ’ব আৰু ইয়াৰ জৰিয়তে স্বাস্থ্য সেৱা অধিক ফলপ্ৰসূ কৰি তোলাৰ বিশেষ পদক্ষেপ লোৱা হ’ব। মুখ্যমন্ত্ৰীয়ে কয় যে শিশুৰ বাবে ইনটেনচিভ কেয়াৰ ইউনিট অধিক শক্তিশালীকৰণৰ বাবে টেকনিচিয়ান আৰু নাৰ্ছৰ সংখ্যা বৃদ্ধি কৰা হ’ব। এই উদ্দেশ্যে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষক প্ৰশিক্ষণৰ ব্যৱস্থা আৰম্ভ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে স্বাস্থ্য বিভাগৰ প্ৰধান সচিবগৰাকীক বৰ্তমান বিভিন্ন চিকিৎসা মহাবিদ্যালয় হাস্পতালত খালী হৈ থকা আই চি ইউ টেকনিচিয়ানৰ পদসমূহ শীঘ্ৰে পূৰণ কৰাৰ বাবে নিৰ্দেশ দিয়ে। ইয়াৰ বাবে প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত একোগৰাকীকৈ ন’ডেল বিষয়া নিয়োগ কৰি তেওঁলোকৰ জৰিয়তে প্ৰশিক্ষণৰ পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ বাবেও নিৰ্দেশ দিয়ে।
ৰাজ্যখনৰ ক’ভিড চিকিৎসা ব্যৱস্থাপনা অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমৰ মিছন সঞ্চালকগৰাকীক সমগ্ৰ ৰাজ্যখনতে টিকাকৰণৰ প্ৰক্ৰিয়াটো অধিক দ্ৰুত কৰাৰ বাবেও নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে সান্ধ্য আইন কঠোৰভাৱে বলৱৎ কৰাৰ লগতে কণ্টেইনমেণ্ট এলেকাত প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
আজিৰ এই বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমৰ মিছন সঞ্চালক লক্ষ্মনন এছ প্ৰমুখ্যে শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here