Home Main Stories ডিমাছা কছাৰী ৰাজ্যৰ অন্তিম ৰাজধানী খাচপুৰ পৰিদৰ্শন কৰি স্থাপত্য কলাৰ বুজ ল’লে...

ডিমাছা কছাৰী ৰাজ্যৰ অন্তিম ৰাজধানী খাচপুৰ পৰিদৰ্শন কৰি স্থাপত্য কলাৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে : খাচপুৰত ১০০ বিঘা ভূমি সামৰি ঐতিহ্যপূৰ্ণ ৰাজধানীখনক পৰ্যটকৰ আকষৰ্ণস্থলীলৈ ৰূপান্তৰৰ বাবে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব এক প্ৰকল্প

57
0



ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৯ ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি শিলচৰ আৱৰ্ত ভৱন চৌহদত নিৰ্মাণ কৰা ডিমাছা কছাৰী সাম্ৰাজ্যৰ শেষৰগৰাকী ৰজা শ্ৰীশ্ৰীশ্ৰী গোবিন্দ চন্দ্ৰ নাৰায়ণ হাছনুৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ডিমাছা কছাৰী ৰজাসকলে বৰাক-ব্ৰহ্মপুত্ৰ দুয়োটা উপত্যকাতে বহু বছৰ ধৰি শাসন চলাইছিল৷ ইয়াৰে শেষৰগৰাকী ৰজা হ’ল শ্ৰীশ্ৰী গোবিন্দ চন্দ্ৰ নাৰায়ণ হাছনু৷ এইগৰাকী মহান ৰজাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ পাই তেওঁ অতিশয় আনন্দিত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ এই প্ৰতিমূৰ্তি নিৰ্মাণত বিশেষ উদ্যোগ লোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে বৰ্মন ডিমাছা কছাৰী উন্নয়ন পৰিষদক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ ভাষা, সংস্কৃতি, ধৰ্ম আৰু বিশ্বাসক সংৰক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰে দৃঢ়তাৰে পদক্ষেপ চলাইছে৷ ক্ষুদ্ৰ জাতি-জনগোষ্ঠীসমূহৰ ভাষা, সংস্কৃতি কিদৰে সংৰক্ষণ কৰিব পৰা যায় সেই দিশত ৰাজ্য চৰকাৰে ইতিমধ্যে প্ৰয়াস আৰম্ভ কৰিছে৷ তেওঁ কয় যে ডিমাছা কছাৰীসকল হোজাই, ধনশিৰিকে ধৰি বিভিন্ন ঠাইত সিঁচৰতি হৈ আছে৷ বিভিন্ন ঠাইত থকা জনগোষ্ঠীসমূহৰ উন্নয়নৰ ওপৰত ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব৷ বৰ্মন ডিমাছাসকলৰ ঐতিহ্য সংৰক্ষণৰ বাবেও ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি তেওঁ কয়৷ আজিৰ এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, সাংসদদ্বয় ক্ৰমে– ডাঃ ৰাজদীপ ৰয়, পল্লৱ লোচন দাস, বিধায়কদ্বয় ক্ৰমে–দীপায়ন চক্ৰৱৰ্তী আৰু কৌশিক ৰয়, বৰ্মন ডিমাছা কছাৰী উন্নয়ন পৰিষদৰ অধ্যক্ষ ৰূপেশ খেৰচাকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷ আনহাতে, মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজি কাছাৰ জিলাৰ উদাৰবন্দস্থিত ডিমাছা কছাৰী ৰাজ্যৰ অন্তিমখন ৰাজধানী খাচপুৰত উপস্থিত হৈ তাত থকা স্থাপত্যশৈলী পৰিদৰ্শন কৰে৷ ইয়াৰ পিছতে অনুষ্ঠিত এক ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে খাচপুৰত ১০০ বিঘা ভূমি সামৰি এটা প্ৰকল্প ৰূপায়ণ কৰা হ’ব যাতে এই ঐতিহ্যপূৰ্ণ ৰাজধানীখন পুনৰ উজলি উঠাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ স্থলীলৈ ৰূপান্তৰিত হয়৷ ৰাজ্য চৰকাৰে খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ ভাষা, সাহিত্য, সংস্কৃতি সুৰক্ষিত কৰাৰ বাবে খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি নামৰ এক সুকীয়া বিভাগ সৃষ্টি কৰিছে৷ এই বিভাগৰ জৰিয়তে ডিমাছা কছাৰীসকলৰ ঐতিহাসিক সমল, সংস্কৃতি, ভাষা ইত্যাদি সুৰক্ষিত কৰা হ’ব৷ তেওঁ লগতে কয় যে বৰ্মন ডিমাছা কছাৰী উন্নয়ন পৰিষদখন অধিক শক্তিশালী কৰা হ’ব, যাতে এই জনগোষ্ঠীটোৰ আৰ্থ-সামাজিক ৰূপান্তৰ ক্ষিপ্ৰতৰ কৰি তুলিব পৰা যায়৷ মুখ্যমন্ত্ৰীয়ে পয়লাপুলৰ পৰা মদুৰা হৈ ৰেডজল সংযোগী পথছোৱাৰ উন্নীতকৰণ কৰা হ’ব বুলি কয়৷ বিধায়ক মিহিৰকান্তি সোমে আদৰণী ভাষণ প্ৰদান কৰা আজিৰ এই অনুষ্ঠানত সাংসদ ডাঃ ৰাজদীপ ৰয়েও ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংস্কৃতিক, পৰ্যটন ইত্যাদি বিভাগৰ মন্ত্ৰী বিমল বৰা, সাংসদ পল্লৱ লোচন দাস, বিধায়কদ্বয় দীপায়ন চক্ৰৱৰ্তী, কৌশিক ৰয়ৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷ আনহাতে, মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজি কাছাৰ জিলাৰ ভুৱন পাহাৰত অৱস্থিত ভুৱন তীৰ্থত উপস্থিত হৈ ৰাজ্যবাসীৰ কুশল-মংগল কামনা কৰি সেৱা লয়৷ ভুৱন তীৰ্থত অনুষ্ঠিত অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভুৱন তীৰ্থ হ’ল এক ঐতিহাসিক তীৰ্থস্থান৷ এই তীৰ্থস্থানখনৰ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ৷ চৰকাৰে স্থানীয় জনসাধাৰণৰ সহযোগত ভুৱন তীৰ্থক এক গুৰুত্বপূৰ্ণ ধৰ্মীয় পৰ্যটনৰ স্থলী হিচাপে গঢ়ি তোলাৰ দিশত পদক্ষেপ গ্ৰহণ কৰিব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে ভুৱন তীৰ্থ দৰ্শনৰ সময়ত পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, সাংসদদ্বয় ক্ৰমে ডাঃ ৰাজদীপ ৰয়, পল্লৱ লোচন দাসৰ লগতে বহুকেইগৰাকী বিধায়ক উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here