Home Main Stories ফলাফল পাব, চাকৰিও পাব — ৰাজ্যৰ পৰীক্ষাৰ্থী-অভিভাৱকক দিল্লীৰ পৰাই শেহতীয়া আশ্বস্ত...

ফলাফল পাব, চাকৰিও পাব — ৰাজ্যৰ পৰীক্ষাৰ্থী-অভিভাৱকক দিল্লীৰ পৰাই শেহতীয়া আশ্বস্ত কৰাৰ চেষ্টা মুখ্যমন্ত্ৰীৰ। কেৱল টেটৰ ক্ষেত্ৰত হ’ব সমস্যা

76
0

ষ্টাপ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ জুলাই : পৰীক্ষাত পাছ কৰিব, ফলাফল পাব, চাকৰিও পাব। হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাক লৈ দিল্লীত এই গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ মূল্যাংকনক লৈ শেহতীয়াকৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত আজি স্পষ্ট কৰি দি মুখ্যমন্ত্ৰীয়ে কয় যে এইবাৰ যিসকলে পৰীক্ষাত পাছ কৰিব তেওঁলোকে চাকৰি পোৱা-নোপোৱাটোক লৈ ভুল বুজাবুজি হৈছে। সকলোৱে চাকৰি পাব, কেৱল টেটৰ চাকৰিত এটা অসুবিধা আছে। নুবুজাকৈ বহু লোকে ভুলকৈ কৈ আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ আন কোনো চাকৰিত মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ নম্বৰৰ প্ৰয়োজন নাই । কেৱল টেট পৰীক্ষাত প্ৰয়োজন হয় মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ নম্বৰ। সেয়ে টেট চাকৰিৰ বাবে বিশেষভাৱে চিন্তা কৰিবলগীয়া হৈছে বুলি কয় মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে আৰু কয় যে বাঘবৰ-জনীয়াত পৰীক্ষাৰ্থীক ১০০ নম্বৰ দি দিব, গতিকে বিগত আৰু অনাগত সময়ত উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ কি হ’ব? অহাবছৰ পৰীক্ষা দিয়া, আগতে পৰীক্ষা দিয়া বেট্‌চৰ কি হ’ব? তেওঁ আকৌ কয় যে সকলোকে যদি যোগ্য কৰি দিয়া হয় তেনেহ’লে অনাগত ১০ বছৰত এইটো বেট্‌চৰ বাহিৰে কোনো বেট্‌চৰ পৰীক্ষাৰ্থীয়ে অসমত চাকৰি নাপাব। অসমৰ ৪ লাখ চাকৰি এইটো বেট্‌চৰ ৪ লাখ ল’ৰা-ছোৱালীয়েই পাই থাকিব। এনেক্ষেত্ৰত আগৰ আৰু পিছৰ বেট্‌চৰ পৰীক্ষাৰ্থীয়ে আদালতত গোচৰ তৰিলে অন্য এক সমস্যাৰহে সৃষ্টি হ’ব। কেৱল এই বৰ্ষৰ নহয়, আগৰ আৰু আগন্তুক বৰ্ষৰ পৰীক্ষাৰ্থীসকলৰো কথা বিবেচনা কৰি চৰকাৰে মূল্যায়ন নীতি প্ৰস্তুত কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কোনোবাই যদি পাৰে এতিয়াও ইয়াতকৈ ভাল পৰামৰ্শ দিবলৈ আহ্বান জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here