Home Main Stories মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে

66
0

▪️ এই আঁচনিৰ জৰিয়তে হিতাধিকাৰীসকলে এক মৰ্যাদাসম্পন্ন জীৱন-যাপন কৰিবলৈ সক্ষম হ’ব : মুখ্যমন্ত্ৰী

▪️ ক’ভিডৰ ফলত স্বামীৰ মৃত্যু হোৱা বিধৱা মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে বিত্তীয় সাহায্য

গুৱাহাটী, ১০ জুন : ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালৰ প্ৰথম মাহপূৰ্তিৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনিখনৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। এই উপলক্ষে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ক’ভিড-১৯ত পিতৃ-মাতৃৰ মৃত্যু হোৱা কিছুসংখ্যক হিতাধিকাৰীক বিত্তীয় সাহায্যৰ ধনৰাশিৰ প্ৰথম মাহৰ সাহায্যৰ চেক, ম্যাদী জমাৰ প্ৰমাণ-পত্ৰ, একোটাকৈ লেপটপ আৰু উপহাৰৰ টোপোলা প্ৰদান কৰে। উল্লেখ্য যে এই আঁচনিৰ অধীনত প্ৰতিগৰাকী হিতাধিকাৰীৰ নামত ৰাজ্য চৰকাৰে বেংকত ৭,৮১,২০০ টকাৰ ধনৰাশি ম্যাদী জমা কৰিব। এই ম্যাদী ধনৰাশিৰ সুদৰ পৰা হিতাধিকাৰীগৰাকীয়ে ২৪ বছৰ নোহোৱা পৰ্যন্ত প্ৰতিমাহে ৩,৫০০ টকাৰ বিত্তীয় সাহায্য লাভ কৰিবলৈ সক্ষম হ’ব। হিতাধিকাৰীগৰাকীৰ ২৪ বছৰ সম্পূৰ্ণ হ’লে এই জমাকৃত ম্যাদী ধনৰাশিৰ মূলধন প্ৰতিগৰাকী হিতাধিকাৰীৰ নিজৰ একাউন্টলৈ হস্তান্তৰ কৰা হ’ব। কেন্দ্ৰৰ মোদী চৰকাৰৰ ৭ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে যোৱা ২৯ মে’ত মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই আঁচনিখন ঘোষণা কৰিছিল আৰু ঘোষণা কৰাৰ ১০ দিনৰ ভিতৰতে আজি এই আঁচনিখনৰ অধীনত হিতাধিকাৰীসকলক বিত্তীয় সাহায্য প্ৰদান কৰা হয়। ভাষণ প্ৰসংগত ড০ শৰ্মাই কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে প্ৰথম মাহ সম্পূৰ্ণ কৰাৰ এই শুভক্ষণত এই আঁচনিখনৰ আজি শুভাৰম্ভ কৰিছে। ক’ভিডৰ ফলত নিজৰ পিতৃ-মাতৃক হেৰুওৱা ল’ৰা-ছোৱালীসকললৈ চৰকাৰখনে কিছু সহায়ৰ হাত আগবঢ়াব পাৰি যথেষ্ট সুখী বুলিও তেওঁ কয়। এই আঁচনিখনে পিতৃ-মাতৃহীন এই হিতাধিকাৰীসকলক এক মৰ্যাদাসম্পন্ন জীৱন যাপন কৰি নিজৰ ভৱিষ্যৎ গঢ় দিয়াৰ দিশত বিশেষভাৱে উপকৃত কৰিব বুলিও তেওঁ কয়। এই আঁচনিখনৰ অধীনত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ২,০০০ টকাৰ সাহায্যসহ প্ৰতিটি শিশুক ৩,৫০০ টকাকৈ প্ৰতিমাহে প্ৰদান কৰিব। কোনো অভিভাৱক নোহোৱা ১০ বছৰ তলৰ শিশু আৰু বয়ঃসন্ধি কালৰ কন্যাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এই শিশুসকলক যিকোনো শিশু সেৱা প্ৰতিষ্ঠানত ভৰ্তি কৰিব আৰু তেওঁলোকৰ শিক্ষাব্যয়ৰ লগতে অন্যান্য খা-খৰচো বহন কৰিব। মাউৰা বয়ঃসন্ধি কালৰ কন্যাসকলৰ বাবে চৰকাৰে এক প্ৰতিষ্ঠিত প্ৰতিষ্ঠানত ৰখাৰ ব্যৱস্থা কৰিব, যাতে এই শিশুসকলৰ পৰিচৰ্যা আৰু সুৰক্ষা নিশ্চিত কৰিব পৰা যায়। তেনে এক আৱাসিক বিদ্যালয় হ’ল কস্তুৰবা গান্ধী বালিকা বিদ্যালয়। এই আঁচনিৰ অধীনত চৰকাৰে বিবাহৰ সময়তো বিMীয় সাহায্য প্ৰদান কৰিব। আঁচনিখনৰ অধীনত প্ৰতিগৰাকী ছোৱালীক বিবাহৰ সময়ত ‘অৰুন্ধতী’ আঁচনিৰ জৰিয়তে এক তোলাকৈ সোণৰ লগতে ৫০ হাজাৰ টকাৰ বিত্তীয় সাহায্য আগবঢ়াব। এই শিশুসকলৰ দক্ষতা তথা বৃত্তিগত প্ৰশিক্ষণৰ দিশত সহায়ক হোৱাকৈ চৰকাৰে বিদ্যালয়লৈ যোৱা অথবা মহাবিদ্যালয়লৈ যোৱা শিশুসকললৈ একোটিকৈ লেপটপ অথবা টেবলেট প্ৰদান কৰিব। আঁচনিখনে সামৰা সকলো ছাত্ৰ-ছাত্ৰীকে দক্ষতাভিত্তিক শিক্ষা আৰু দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। আনহাতে ক’ভিডত নিজৰ স্বামীক হেৰুওৱা বিধৱা মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী ড০ শৰ্মাই আন এখন আঁচনিৰ কথা আজি ঘোষণা কৰিছে। এই আঁচনিখনৰ অধীনত ৰাজ্য চৰকাৰে ক’ভিডত আক্ৰান্ত হৈ স্বামীৰ মৃত্যু হোৱা প্ৰতিগৰাকী মহিলালৈ এককালীন ২.৫ লাখ টকাকৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আগবঢ়াব। তদুপৰি এই বিধৱা মহিলাসকলে ‘অৰুণোদয়’ আঁচনিৰ সা-সুবিধা আৰু ‘ইন্দিৰা মিৰি বিধৱা পেঞ্চন আঁচনি’ৰ অধীনত বিধৱা পেঞ্চন লাভ কৰিবলৈ সক্ষম হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here