ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ ছেপ্টেম্বৰ : ৰাজ্যখনৰ সাৰ বিতৰণ ব্যৱস্থাটো অধিক সুশৃংখলিত কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কৃষিমন্ত্ৰী অতুল বৰাৰ উপস্থিতিত বিভিএফচিএল, আইএফএফচিঅ’ ইত্যাদিকে ধৰি সাৰ উৎপাদন আৰু বিতৰণ প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিসকলৰ সৈতে এক বৈঠকত মিলিত হয়। ৰাজ্যখনৰ বৰ্তমানৰ সাৰৰ বিতৰণৰ ব্যৱস্থাটোৰ বুজ লৈ মুখ্যমন্ত্ৰীয়ে সাৰৰ চাহিদা আৰু যোগানৰ বিশ্লেষণৰ ভিত্তিত ফলপ্ৰসূ হোৱাকৈ ডিলাৰশ্বিপ প্ৰদান আৰু ৰে’ল ষ্টেচনত ৰেক পইণ্ট স্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰেক পইণ্ট গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে চিনাক্ত কৰিবলগীয়া স্থানসমূহ অহা সাত দিনৰ ভিতৰত পৰিদৰ্শন কৰি প্ৰয়োজন সাপেক্ষে ইয়াৰ উন্নয়ন সাধনৰ বাবে পৰামৰ্শ আগবঢ়াবলৈও মুখ্যমন্ত্ৰীয়ে প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিসকলক কয়। মুখ্যমন্ত্ৰীয়ে কৃষি বিভাগক খুচুৰা বিক্ৰী কেন্দ্ৰসমূহলৈ কোম্পানীসমূহৰ দ্বাৰা সাৰৰ বিতৰণ নিৰীক্ষণ কৰাৰ বাবে এক সংহত অনলাইন প্ৰণালী বিকশিত কৰিবলৈও নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে এতিয়াৰে পৰা জিলা কৃষি বিষয়াসকলে সাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা তালিকা অনুসৰি চৰকাৰে সাৰৰ আবণ্টন কৰিব আৰু সেইমতে প্ৰতিষ্ঠানসমূহে জিলাসমূহত সাৰ বিতৰণ কৰিব লাগিব। তেওঁ বিভাগটোক সাৰ বিতৰণ সম্পৰ্কীয় সকলো সমস্যা সমাধান কৰিবলৈ প্ৰতিমাহে ৰাজ্যিক পৰ্যায়ৰ সাৰ বিতৰণ সভা অনুষ্ঠিত কৰিবলৈও নিৰ্দেশ দিয়ে।
Home অসম সাৰ উৎপাদনকাৰী প্ৰতিষ্ঠানসমূহৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক : সাৰৰ চাহিদা আৰু যোগানৰ বিশ্লেষণৰ...