Home Main Stories উপায়ুক্তক ধমক মুখ্যমন্ত্ৰীৰ: বান সাহায্য বিতৰণত গাফিলতি সহ্য নহ’ব , বান সমস্যাক...

উপায়ুক্তক ধমক মুখ্যমন্ত্ৰীৰ: বান সাহায্য বিতৰণত গাফিলতি সহ্য নহ’ব , বান সমস্যাক লৈ উপায়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্স

60
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ জুন: প্ৰলংয়কৰী বানে প্ৰায় ৯০ লাখ লোকক আক্ৰান্ত কৰাৰ পিছতে ৰাজ্যজুৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ভূটানৰ নদীবান্ধৰ পানীয়ে নামনি অসমত মহাসাগৰসদৃশ পৰিস্থিতি সৃষ্টি কৰাৰ পিছতে এতিয়া কেউপিনে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগাত পৰিছে৷ লক্ষণীয় যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উচিত সময়ত সাহায্য আৰু উদ্ধাৰকাৰ্য লাভ নকৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন জিলাৰ উপায়ুক্তসকলৰ লগত ভিডিঅ’ কনফাৰন্সেৰ যোগে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷ বৈঠক অনুষ্ঠিত হৈ থকাৰ সময়তে সাহায্য সামগ্ৰী উচিত সময়ত নোপোৱাৰ বাবে ক্ষুব্ধ হৈ পৰে মুখ্যমন্ত্ৰগৰাকী৷ আনকি কনফাৰেন্স চলি থকাৰ সময়তেই দৰঙৰ উপায়ুক্তক ধমক দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ বন্যাক্ৰান্তই দুই কিলো চাউলৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱাত তেওঁ কয় যে বন্যাক্ৰান্তই যদি প্ৰয়োজনতকৈ বেচি নিছে তাত বাধা দিব নালাগে৷ পঁুজিৰ অভাৱ হ’লে এছঅ’পিডিৰ পৰা ধন লৈ বন্যাৰ্তক সাহায্য প্ৰদান কৰাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে দিছে, কিন্তু বিলোৱাসকলে বিলাবলৈ ইচ্চা নকৰিলে নহ’ব৷ চৰকাৰে সাহায্য যোগান ধৰিব৷ তেওঁলোকে বিলাবহে লাগে৷ কোনো কাৰণতে সাহায্য সামগ্ৰী বিতৰণত পলম কৰা সহ্য কৰা নহ’ব৷ অকল শিবিৰতেই নহয়, বানত আবদ্ধ লোকৰ ঘৰত সামগ্ৰী দিব লাগিব৷ আজি-কালি বহুতেই ঘৰ এৰি শিবিৰলৈ আহিব নিবিচাৰে৷ ঘৰত যিহেতু পশুধন থাকে, মূল্যৱান সা-সামগ্ৰীৰ লগতে ধন-সোণ থাকে৷ সেয়ে বহুতেই ঘৰ এৰি আহিব নোখোজে৷ তেনে লোকক সাহায্য প্ৰদান কৰিবলৈ প্ৰয়োজন হ’লে অস্থায়ী বিতৰণ কেন্দ্ৰৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ প্ৰয়োজনত উপায়ুক্তই খাদ্য ৰান্ধি খুৱাব লাগিব বুলি কনফাৰেন্সত মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে বান ক্ষতিগ্ৰস্ত জিলাসমূহৰ উপায়ুক্তসকলক উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ কৰি তুলিবলৈ নিৰ্দেশ দিয়ে৷ এনডিআৰএফ, এছডিআৰএফৰ উপৰি প্ৰয়োজন সাপেক্ষে সেনাবাহিনীৰ সহায় লোৱাৰ ওপৰতো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে৷ মুখ্যমন্ত্ৰীয়ে বান ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য শিবিৰত পৰ্যাপ্ত পৰিমাণে খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে বান প্লাৱিত এলেকাৰ লোকসকলক বিতৰণ কেন্দ্ৰ স্থাপনৰ জৰিয়তে পৰ্যাপ্ত পৰিমাণৰ সাহায্য প্ৰদান কৰিবলৈ কয়৷ শিবিৰসমূহত যাতে শিশু খাদ্য পৰ্যাপ্ত পৰিমাণে উপলব্ধ হয় সেই দিশতো যথোচিত ব্যৱস্থা লোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে৷ সাহায্য শিবিৰসমূহত চিকিৎসা সেৱাৰ যাতে কোনোধৰণৰ অভাৱ নহয় তাৰে বাবে এএনএম, জিএনএম আদিকো অন্তৰ্ভুক্ত কৰি এটা চিকিৎসা গোট গঠন কৰি প্ৰয়োজনীয় চিকিৎসা ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে৷ প্ৰতিদিনে চিকিৎসকে যাতে সাহায্য শিবিৰত থকা আৱাসীসকলৰ প্ৰয়োজন অনুসৰি চিকিৎসা প্ৰদান কৰিব পাৰে তাৰ বাবে চিকিৎসকৰ উপস্থিতিও বাধ্যতামূলক কৰিবলৈ নিৰ্দেশ দিয়ে৷ আনহাতে বানপানীৰ পৰৱৰ্তী পৰ্যায়ত যাতে কোনোধৰণৰ ৰোগৰ দ্বাৰা জনসাধাৰণ আক্ৰান্ত নহয়, তাৰ বাবে প্ৰতিটো ৰাজহ চক্ৰৰ অধীনত চিকিৎসা শিবিৰ অনুষ্ঠিত কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে৷ বানপানীৰ ফলত গৃহ ক্ষতিগ্ৰস্ত হোৱা লোকসকলে যাতে শীঘ্ৰে গৃহ নিৰ্মাণ কৰিব পাৰে তাৰ বাবে তেনে লোকসকলৰ জৰীপ কৰি এখন তালিকা প্ৰস্তুত কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে৷ ৰাজ্য চৰকাৰে এই লোকসকলৰ ক্ষতিগ্ৰস্ত গৃহ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় পুঁজিও অতিশীঘ্ৰে মুকলি কৰি দিব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ আনহাতে মুখ্যমন্ত্ৰীয়ে পশুখাদ্য লাভ কৰাটো সুনিশ্চিত কৰাৰ দিশত যথোচিত পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে৷ বানপানীৰ পৰিস্থিতি উন্নত নোহোৱালৈকে অভিভাৱক মন্ত্ৰী আৰু সচিবসকলক সেই জিলাসমূহতে থাকিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে৷ আনহাতে, বানপানীৰ প্ৰাবল্য হ্ৰাস পোৱাৰ পিছত ভগা মথাউৰিসমূহ মেৰামতি কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক নিৰ্দেশ দিয়ে৷ ভিডিঅ’ কনফাৰেন্সিঙৰ সময়ত জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মুখ্য সচিব জিষ্ণু বৰুৱা, বিভিন্ন বিভাগৰ উচ্ছপদস্থ বিষয়া, সামৰিক বাহিনী, এনডিআৰএফ, এছডিআৰএফৰ বিষয়াসকল উপস্থিত থাকে৷ আনহাতে, ভাৰ্চুৱেল মাধ্যমৰ যোগেদি ৰাজ্য চৰকাৰৰ কে’বাগৰাকী মন্ত্ৰী, বায়ুসেনা, ৰে’লৱে বিভাগৰ শীৰ্ষ বিষয়াসকলেও অংশগ্ৰহণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here