Home Uncategorized যোৰহাটৰ ম’হবন্ধাস্থিত চ্যুকাফা সমন্বয় ক্ষেত্ৰ বৰ্তমানলৈকে নহ’ল সম্পূৰ্ণ

যোৰহাটৰ ম’হবন্ধাস্থিত চ্যুকাফা সমন্বয় ক্ষেত্ৰ বৰ্তমানলৈকে নহ’ল সম্পূৰ্ণ

118
0

পংকজ কুমাৰ দাস,পশ্চিম যোৰহাট, ২৪ জুন : যোৰহাটৰ পশ্চিমে ৰাষ্ট্ৰীয় পথৰ কাষত ম’হবন্ধা তিনিআলিৰ সমীপত তৰুণ গগৈৰ মুখ্যমন্ত্ৰীত্বৰ শেহতীয়া কাৰ্যকালত শুভাৰম্ভ কৰা স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰ বৰ্তমানো পূৰ্ণাঙ্গ ৰূপত সম্পূৰ্ণ নহ’ল। আগ্ৰহেৰে দৰ্শনৰ বাবে নিতৌ অহা লোকসকল বিফল মনোৰথেৰে উভতিবলগীয়া হয়। কোটিৰ ঘৰত ধন খৰচ কৰি বৃহৎ এলেকাত চ্যুকাফা সমন্বয় ক্ষেত্ৰ নিৰ্মাণৰ পৰিকল্পনাৰে শুভাৰম্ভ কৰিছিল সেইসময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। অঞ্চলটোৰ ভালেসংখ্যক লোকৰ কৃষি ভূমি অধিগ্ৰহণ কৰি নিৰ্মাণ কাৰ্য কৰা হৈছিল যদিও বৰ্তমানলৈকে আঁচনি আৰু নক্সা মতে কোনো এটা কামেই সম্পূৰ্ণ নহ’ল। চৌহদত স্থায়ী বেৰা দিয়া হৈছিল যদিও ভালেকেইটা স্থানত দেৱাল খহিল। বৰ্তমান টিঙত বাঁহ বান্ধি যোৰা-তাপলি মাৰিহে ৰখা হৈছে। প্ৰেক্ষাগৃহটো বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাত কোনো এটা কাৰ্যসূচীয়েই সুকলমে বৰ্তমানলৈকে সম্পন্ন কৰিব পৰা নাই। সংগ্ৰহালয়টোত নাই পৰ্যাপ্ত সামগ্ৰী। দৰ্শনাৰ্থীসকলৰ যান-বাহন ৰাখিবৰ বাবে ৰাষ্ট্ৰীয় পথৰ কাষত ভূমি ৰখা হৈছিল যদিও বৰ্তমানলৈকে টিনৰ চালি এখনো নিৰ্মাণ কৰিব নোৱাৰিলে। সমন্বয় ক্ষেত্ৰ পৰিচালনাৰ বাবে ৰাজ্যিক পৰ্যায়ৰ ব্যক্তিসকলক লৈ এখন সমিতি গঠন কৰা হৈছিল যদিও বিষয়ববীয়াসকল কেৱল সভা-সমিতিত অংশগ্ৰহণ কৰিবৰ বাবেহে আহে। যোৰহাট জিলাৰ কেইগৰাকীমান ব্যক্তি জড়িত আছে যদিও তেওঁলোকো নিজক প্ৰচাৰ কৰাতহে অধিক ব্যস্ত থকা দেখা যায়। চ্যুকাফা সমন্বয় ক্ষেত্ৰত বৰ্তমানলৈকে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ ভালেকেইটা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে যদিও উপস্থিতিৰ সংখ্যা আশা ব্যঞ্জক নহয়। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰীত্বৰ কাৰ্যকালত দলীয় কাৰ্যসূচী, চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে আহি চ্যুকাফা সমন্বয় ক্ষেত্ৰৰ কাম-কাজ সম্পূৰ্ণ কৰা হ’ব বুলি ৰাজহুৱাকৈ ঘোষণা কৰাৰ পাছতো কাৰ্যত ৰূপায়ণ নহ’ল। বিগত কাৰ্যকালৰ সাংস্কৃতিক মন্ত্ৰীয়ে কেইবাবাৰো চ্যুকাফা সমন্বয় ক্ষেত্ৰ পৰিদৰ্শন কৰিছিলহি। বৰ্তমানৰ সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী বিমল বৰাইও দায়িত্ব লাভ কৰিয়েই চ্যুকাফা সমন্বয় ক্ষেত্ৰ পৰিদৰ্শন কৰি গ’লহি। মন্ত্ৰীগৰাকীয়েও সম্পূৰ্ণ কৰাৰ আশ্বাস প্ৰদান কৰিলে জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলৰ সন্মুখত। অলেখ সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকা আৰু বৰ্তমানো আভ্যন্তৰীণ বহু কাম সম্পন্ন নোহোৱা চ্যুকাফা সমন্বয় ক্ষেত্ৰ কিন্তু জড়িত থকা কেইগৰাকীমান ব্যক্তিৰ সোণৰ কণী পৰা হাঁহ বুলিহে ৰাইজে অভিযোগ কৰিছে। বৰ্তমান চৰকাৰৰ প্ৰতি স্থানীয় ৰাইজৰ আহ্বান- “মুখ্যমন্ত্ৰী তৰুণ গগৈ সপোনৰ স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰ নক্সা অনুযায়ী শীঘ্ৰে সম্পূৰ্ণ কৰক। দৰ্শনাৰ্থীৰ বাবে সকলো সুবিধা প্ৰদান কৰক। সমন্বয় ক্ষেত্ৰৰ সৈতে অঞ্চলটোৰ নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা ব্যক্তিসকলক অন্তৰ্ভুক্ত কৰক।”

LEAVE A REPLY

Please enter your comment!
Please enter your name here