Home Main Stories দুৰ্বল আন্তঃগাঁথনিৰে চলিছে দেশৰ ন্যায় ব্যৱস্থা:২৬ শতাংশ ন্যায়ালয়ত নাই মহিলাৰ পৃথক শৌচাগাৰ,...

দুৰ্বল আন্তঃগাঁথনিৰে চলিছে দেশৰ ন্যায় ব্যৱস্থা:২৬ শতাংশ ন্যায়ালয়ত নাই মহিলাৰ পৃথক শৌচাগাৰ, ১৬ শতাংশ ন্যায়ালয়ত নাই পুৰুষৰ বাবে শৌচাগাৰ,

241
0

মুম্বাই, ২৩ অক্টোবৰ : দুৰ্বল আন্তঃগাঁঠনিৰে দেশৰ ন্যায়ালয়সমূহত কাম-কাজ চলি আছে। আন্তঃগাঁঠনিৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছে দেশৰ ন্যায়ালয়সমূহে। ন্যায়ালয়সমূহৰ দুৰ্বল আন্তঃগাঁঠনিক লৈ চিন্তিত হৈছে মুখ্য ন্যায়াধীশ এন ভি ৰামান্না। তেওঁ আজি কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৰ উপস্থিতিত দেশৰ ন্যায়লয়সমূহৰ দুৰ্বল আন্তঃগাঁঠনিক লৈ ব্যক্ত কৰে। মুম্বাই উচ্চ ন্যায়ালয়ৰ ঔৰাংগাবাদ বেন্সৰ নতুন এনেক্স ভৱন উদ্বোধন সমাৰোহত অংশ লৈ মুখ্য ন্যায়াধীশগৰাকীয়ে মুকলিভাৱে দেশৰ ন্যায়ালয়সমূহ কেনে পৰিস্থিতিৰি মাজেৰে চলি আছে সেই কথা ব্যক্ত কৰে। তেওঁ কয় যে দেশৰ কেৱল ৫ শতাংশ ন্যায়ালয়তহে চিকিৎসাৰ ব্যৱস্থা আছে। ২৬ শতাংশ ন্যায়ালয়ত নাই মহিলাৰ বাবে পৃথক শৌচাগাৰ, ১৬ শতাংশ ন্যায়ালয়ত নাই পুৰুষৰ শৌচাগাৰ, ৫০ শতাংশ ন্যায়ালয়ৰ চৌহদত নাই গ্ৰন্থাগাৰ আৰু ৪৬ শতাংশ ন্যায়ালয়ৰ চৌহদত নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা।  ভৱন উদ্বোধনী অনুষ্ঠানত ভাষণ দি মুখ্য ন্যায়াধীশগৰাকীয়ে আইন মন্ত্ৰীক সংসদৰ শীতকালীন অধিৱেশনত ৰাষ্ট্ৰীয় ন্যায়িক আন্তঃগাঁঠনি স্থাপনৰ প্ৰস্তাৱ অনাটো নিশ্চিত কৰিবলৈ আহবান জনায়। কিয়নো, দুৰ্বল আন্তঃগাঁঠনিৰ মাজেৰেই দেশৰ ন্যায়ালয়ৰ কাম-কাজসমূহ চলি আছে। সেইবাবে এই প্ৰস্তাৱ অনাটো নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় আইন মন্ত্ৰীগৰাকীক আহবান জনাইছে মুখ্য ন্যায়াধীশগৰাকীয়ে। তেওঁ কয় যে ভাৰতৰ আদালতৰ ন্যায়িক আন্তঃগাঁঠনি সদায় অৱমূল্যায়ণ কৰি অহা হৈছে।

এই মানসিকতাৰ বাবেই ভাৰতৰ আদালতসমূহে এতিয়াও দুৰ্বল আন্তঃগাঁঠনিৰ সৈতে কাম কৰি আছে। যাৰ ফলত কাম কৰাত বহু বাধা আহি পৰে বুলি উল্লেখ কৰে। মুখ্য ন্যায়াধীশগৰাকীয়ে ন্যায়াপালিকাৰ সৈতে সম্পৰ্কিত সঠিক আন্তঃগাঁঠনিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ আৰু কয় যে যদি ন্যায়িক ব্যৱস্থাৰ পৰা পৃথক ফলাফল বিচাৰে তেন্তে এই সাম্প্ৰতিক পৰিস্থিতিত কাম কৰি থাকিব নোৱাৰি। তেওঁ কয় যে ন্যায়ালয়ৰ আন্তঃগাঁঠনিৰ সৈতে জড়িত এটা প্ৰস্তাৱ কেন্দ্ৰীয় আইন মন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে। আশা কৰা হৈছে যে ইয়াৰ প্ৰতিক্ৰিয়া সুফল হ’ব। ভাৰতৰ আদালতসমূহে সাংবিধানিক অধিকাৰৰ নিশ্চিয়তা নিশ্চিত কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে কেতিয়াবা বহুজনে আদালতৰ কাষ চাপিবলৈ ইচ্ছুক নহয়। কিন্তু এতিয়া সময় আহি পৰিছে যে আমি এই ধাৰণাটো আঁতৰাব লাগিব। ন্যায়পালিকাৰ ওপৰত বিশ্বাস হৈছে গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ শক্তি। উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে আইন মন্ত্ৰীৰ উপস্থিতিত দ্বিতীয়বাৰলৈ ন্যায়পালিকাৰ বিষয়টো উত্থাপন কৰে।  এই অনুষ্ঠানটেই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে মহাৰাষ্ট্ৰত ৪৮ লাখতকৈ অধিক গোচৰ শুনানি নোহোৱাকৈ পৰি আছে। ইয়াৰে ২১ হাজাৰ গোচৰ তিনিটা দশক পুৰণি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here