Home স্থানীয় যোৰহাটৰ আচিয়ানাত সম্পন্ন হয় কভিড ভেকচিন প্ৰদান কাৰ্য্যসূচী

যোৰহাটৰ আচিয়ানাত সম্পন্ন হয় কভিড ভেকচিন প্ৰদান কাৰ্য্যসূচী

134
0

ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট ,২৪ মে : ম’বাইল ফোনৰ যোগেদি বুকিং নকৰাকৈ বা স্মাৰ্ট ফোন নথকা লোকসকলৰ সুবিধাৰ্থে যোৰহাটৰ চেণ্ট্ৰেল ক্লাৱৰ তৎপৰতাত আৰু জিলা বিজেপিৰ সাধাৰণ সম্পাদকৰ লগতে জিলা প্ৰশাসনৰ সহযোগত আজি যোৰহাটৰ আচিয়ানাত ৪৫ বছৰৰ ওপৰৰ প্ৰায় ১৮০ গৰাকী লোকক কভিড নীতি নিয়ম অনুসৰি ৰেপিড এন্টিজেন টেষ্ট কৰোৱাই কভিড১৯ ৰ টিকাকৰণ কৰা হয় । উল্লেখ্য এই এই শিবিৰৰ দ্বাৰা স্মাৰ্ট ফোন চলাবলৈ নজনা ৪৫ বছৰৰ ওপৰৰ লোকসকল উপকৃত হোৱা বুলি কেইবাজনো লোকে উল্লেখ কৰে । উক্ত টীকাকৰণ শিবিৰটো আৰম্ভণিতে জিলা বিজেপিৰ সম্পাদক ঈশ্বৰ প্ৰসন্ন বৰদলৈৰ লগতে যোৰহাট চেণ্ট্ৰেল ক্লাৱৰ সম্পাদক তৌফিকুল হুছেইন , নবাব নাচিৰ হুছেইনকে আদি কৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকি উক্ত শিবিৰটো শুভাৰম্ভ কৰে । এই টিকাকৰণ শিবিৰটো সুচাৰুভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত যোৰহাট চেণ্ট্ৰেল ক্লাৱৰ লগতে নতুন বালিবাটৰ কেইবাজনো যুৱকে সহযোগিতা আগবঢ়ায় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here