Home নগাঁও অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে নগাঁৱৰ বাইপাছ, ইটোৰ পাছত সিটোকৈ ডকাইতিৰ ঘটনা

অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে নগাঁৱৰ বাইপাছ, ইটোৰ পাছত সিটোকৈ ডকাইতিৰ ঘটনা

110
0


ষ্টাফ ৰিৰ্পটাৰ, নগাঁও, ৩ অক্টোবৰ: অপৰাধ আৰু অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে নগাঁৱৰ  বাইপাছ। চুৰি-ডকাইতি আৰু ধন লুটৰ ঘটনাকে ধৰি বিভিন্ন অপৰাধজনিত ঘটনা প্ৰায়েই সংঘটিত হয়  বাইপাছত। ৩৬ নম্বৰ আৰু ৩৭ নম্বৰ চাৰি শাখাযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী উৰিয়াগাঁও-বৰঘাট বাইপাছত প্ৰায়ে সংঘটিত হৈ থকা অপৰাধজনিত ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে নগাঁওবাসী। আজিও নগাঁও বাইপাছত পুৱাই সংঘটিত হয় এক লোমহৰ্ষক ডকাইতি-কাণ্ড। নগাঁৱৰ ভোটাইগাঁৱৰ মহেন্দ্ৰ কাকতি নামৰ এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিয়ে পুৱাই স্কুটী লৈ নগাঁও বাইপাছৰে গৈ থকা অৱস্থাত বাইকত অহা দুজনীয়া ডকাইতৰ দলে তেওঁক আগভেটি ধৰে। তাৰ পিছতে তেওঁক গবা মাৰি ধৰি নিচাজাতীয় দ্ৰব্য খুৱাই নগদ ধন আৰু ম’বাইল ফোন কাঢ়ি লৈ যায়। আনহাতে, নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাত গুৰুতৰভাৱে অসুস্থ হৈ পৰা মহেন্দ্ৰ কাকতি নামৰ ব্যক্তিগৰাকী বহু সময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে সংজ্ঞাহীন হৈ পৰি ৰয়। কিছু সময় পিছত স্থানীয় লোকে ব্যক্তিগৰাকীক উদ্ধাৰ কৰি পৰিয়ালৰ লোকক খবৰ দিয়াত পৰিয়ালৰ লোকে আহি তেওঁক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। বৰ্তমান মহেন্দ্ৰ কাকতি নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে। ইতিমধ্যে ঘটনা সংক্ৰান্তত তেওঁৰ পুত্ৰই নগাঁৱৰ ইটাচালী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত কোনো এজন দুৰ্বৃত্তকে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে যোৱা ২৪ ছেপ্টেম্বৰতো পুৱতি নিশা নগাঁৱৰ বাইপাছৰ বৰঘাটত ১০-১২জনীয়া এটা সশস্ত্ৰ ডকাইটৰ দলে এজন কুৰিয়াৰ ছাৰ্ভিচৰ গাড়ী চালকক গুলীয়াই আহত কৰি লুট-পাত কৰিছিল। সিদিনা গুৱাহাটীৰ পৰা হাফলঙলৈ কুৰিয়াৰ সামগ্ৰী কঢ়িয়াই অনা এএছ- ২৫- ইচি-৬৫১৫ নম্বৰৰ বলেৰ’ পিক-আপ ভানখনক বৰঘাট বাইপাছত ১০-১২ জনীয়া ডকাইতৰ দলে আগভেটি ধৰি চালকৰ পৰা ধন বিচাৰে। বাহনখনৰ চালক সুমন দাসে ধন দিবলৈ অমান্তি হোৱাত ডকাইতৰ দলটোৱে চালক সুমন দাসক গুলীয়াই ধন, ম’বাইল আদি লুট কৰি লৈ যায়। চালক সুমন দাসৰ ডিঙিত গুলী লগাৰ ফলত তেওঁ অতি গুৰুতৰভাৱে আহত হয়। অৱশ্যে গাড়ীখনৰ হেণ্ডিমেনজন আঘাতপ্ৰাপ্ত নোহোৱাকৈ কথমপি ৰক্ষা পৰে। নগাঁৱৰ বৰঘাট বাইপাছ আৰক্ষী চকীৰ নাতিদূৰতে এইদৰে সঘনাই ডকাইতি-কাণ্ড সংঘটিত হৈ থকা কথাই নগাঁও আৰক্ষীৰ নিৰাপত্তাৰ দিশটোক লৈ প্ৰশ্ন উত্থাপিত হৈছে। উল্লেখ যে নগাঁও বাইপাছেৰে অবৈধ বাৰ্মীজ চুপাৰি, কয়লাভৰ্তি ট্ৰাক, চোৰাং কাঠ-বালিৰ গাড়ী প্ৰায়েই পাৰ হৈ যায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here