Home অসম কোচবিহাৰৰ মধুপুৰ সত্ৰৰ সাংস্কৃতিক কেন্দ্ৰ গোহালী ঘৰলৈ পৰিণত: সত্ৰীয়া সংস্কৃতি প্ৰচাৰত অচলা...

কোচবিহাৰৰ মধুপুৰ সত্ৰৰ সাংস্কৃতিক কেন্দ্ৰ গোহালী ঘৰলৈ পৰিণত: সত্ৰীয়া সংস্কৃতি প্ৰচাৰত অচলা অৱস্থা

96
0


গণ বাৰ্তা বিশেষ, বৰপেটাৰোড, ১৯ জুন ঃ অসমৰ বাৰেবৰণীয়া ঐতিহ্যপূৰ্ণ কৃষ্টি-সংস্কৃতি আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰু মাধৱদেৱৰ লগতে বিভিন্নজন আতাপুৰুষৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্য আগত ৰাখি আৰু অসমৰ বাহিৰত পশ্চিমবংগৰ কোচবিহাৰ অঞ্চলত বসবাস কৰা বৈষ্ণৱ ধৰ্মৰ অলেখ আৰু অনেক অনুগামীৰ মাজত সত্ৰীয়া সংস্কৃতি প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণ কৰাৰ লক্ষ্য আগত লৈ অসম চৰকাৰে ১৯৮৯ চনতেই বৈষ্ণৱ ধৰ্মৰ পীঠস্থান মধুপুৰ সত্ৰত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনত ‘মধুপুৰ সাংস্কৃতিক কেন্দ্ৰ’ স্থাপন কৰা হৈছিল৷ আশা কৰা হৈছিল এই কেন্দ্ৰটোৰ জৰিয়তে উত্তৰবংগৰ বিভিন্ন স্থানত স্থাপিত দহখন সত্ৰৰ সাংস্কৃতিক উত্তৰণৰ লগতে সমগ্ৰ উত্তৰবংগত অসমত আপুৰুগীয়া সত্ৰীয়া সংস্কৃতি আৰু সোণসেৰীয়া লোক-সংস্কৃতিসমূহ ব্যাপক হাৰত প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰা হ’ব৷ ইয়াৰ উপৰিও বহিঃৰাজ্যখনৰ লোকসকলৰ মাজত মহাপুৰুষ দুজনাৰ জীৱন পৰিক্ৰমাৰ ওপৰত এক অধ্যায়ৰ পৰিৱেশ গঢ়ি তোলাত কেন্দ্ৰটোৱে সহযোগিতা আগবঢ়াব৷ কিন্তু অতি দুখ আৰু আ(ৰ্যকৰ বিষয় যে বৰ্তমানৰ মধুপুৰ সাংস্কৃতিক কেন্দ্ৰৰ কাৰ্যালয়টো এক জৰাজীৰ্ণ পৰিৱেশত চলি আছে৷ কটন বিশ্ববিদ্যালয়ৰ নবীন লেখক-লেখিকা সমিতিৰ সাহিত্য সম্পাদিকা ৰবিনা বায়নে অলপতে মধুপুৰ সত্ৰ ভ্ৰমণ কৰা সময়ত কেন্দ্ৰটোৰ এনে দুৰৱস্থাৰ বিষয়ে দৃষ্টিগোচৰ হয়৷ সমিতিৰ সাহিত্য সম্পাদিকা ৰবিনা বায়নে প্ৰকাশ কৰা মতে, কেন্দ্ৰটো অতি সম্প্ৰতি এক গোহালি ঘৰ হিচাপে ব্যৱহাৰ কৰা হৈছে৷ কেন্দ্ৰটোৰ চৌহদটো গৰুৰ খাদ্য প্ৰস্তুতকৰণৰ স্থান হিচাপে ব্যৱহাৰ কৰা হৈছে৷ গৰুৰ বাবে প্ৰয়োজন হোৱা ঘাঁহ আৰু খেৰেৰে কেন্দ্ৰটোৰ চাৰিওফাল পৰিপূৰ্ণ কৰা হৈছে৷ কাৰ্যালয়টোৰ ভিতৰ অংশ এজাক বৰষুণতেই পানীৰে উপচি পৰে৷ সত্ৰৰ বিভিন্ন সামগ্ৰী আৰু আচবাবেৰে সমগ্ৰ কাৰ্যালয় চৌহদটো আৱৰি ৰখা হৈছে৷ প্ৰাপ্ত তথ্য মতে, কেন্দ্ৰটোৰ কৰ্মচাৰীসকলে মধুপুৰ সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তক কেন্দ্ৰটোত জমা কৰি ৰখা সত্ৰৰ সামগ্ৰীসমূহ আঁতৰ কৰা আৰু গোহালি হিচাপে ব্যৱহাৰ নকৰিবলৈ কে’বাবাৰো অনুৰোধ জনোৱা হৈছিল৷ কিন্তু সত্ৰাধিকাৰগৰাকীয়ে নিজ মইমতালিৰে এটা চৰকাৰী কাৰ্যালয়ৰ সামগ্ৰী থোৱা গৃহ আৰু গোহালি হিচাপে ব্যৱহাৰ কৰা কাৰ্য অব্যাহত ৰাখিছে৷ অসমীয়া জাতিৰ আৱেগ-অনুভূতি জড়িত হৈ থকা মধুপুৰ সত্ৰৰ দৰে সত্ৰ এখনৰ সত্ৰাধিকাৰ এগৰাকীয়ে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰৰ বাবে স্থাপন কৰা সাংস্কৃতিক কেন্দ্ৰটোত সৃষ্টি কৰা এনে পৰিৱেশ-পৰিস্থিতি অসমীয়া জাতিৰ ভৱিষ্যতৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে৷ জানিব পৰা মতে অসম চৰকাৰে সাংস্কৃতিক কেন্দ্ৰটোৰ বাবে এটা ভৱন নিৰ্মাণ কৰিছে যদিও কোনো এক অজ্ঞান কাৰণত নতুন ভৱনটোলৈ কেন্দ্ৰটো স্থানান্তৰ কৰা হোৱা নাই৷ কটন বিশ্ববিদ্যালয়ৰ নবীন লেখক-লেখিকা সমিতিৰ সাহিত্য সম্পাদিকাগৰাকীয়ে অসম চৰকাৰক এক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ৩ান জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here