Home স্থানীয় বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যুক লৈ চাঞ্চল্য

বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যুক লৈ চাঞ্চল্য

378
0


সঞ্জয় সৰকাৰ, কাজলগাঁও, ১৭ অক্টোবৰ:
পুনৰ বহিঃৰাজ্যত অসমৰ এজন যুৱকৰ ৰহস্যজনক মৃত্যুৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ একেলগে কৰ্মৰত তথা একেটা ৰুমত ভাৰাতীয়া হিচাপে থকা পশ্চিমবংগৰ যুৱক মুকুল নাথে পৰিয়ালক চিৰাং জিলাৰ বিজনীৰ যুৱকজনৰ এই দুখজনক খবৰটো জনায়৷ বহিঃৰাজ্যত পুনৰ শ্ৰমিক হিচাপে কৰ্মৰত অসমৰ যুৱকৰ মৃত্যুৰ এই খবৰে জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বাতাবাৰী নিৱাসী যোগেন ৰায়ৰ একমাত্ৰ পুত্ৰ স্বপন ৰায়ৰ মৃতদেহ উদ্ধাৰ হয় বহিঃৰাজ্যত৷ পোন্ধৰ বছৰে তেলেংগনাৰ ছেকেন্দ্ৰাবাদত পাঞ্জুৱানী কুৰকুৰি কোম্পানীত কৰ্মৰত স্বপন ৰায়ে ভাৰাঘৰত চিপ লৈ আত্মহত্যা কৰা বুলি পৰিয়ালৰ লোকক লগৰীয়াই অৱগত কৰে৷ একেলগে কৰ্মৰত তথা একেটা ৰুমত ভাৰাতীয়া হিচাপে থকা পশ্চিমবংগৰ যুৱক মুকুল নাথে পৰিয়ালক এই খবৰ সদৰী কৰাৰ পিছতে হাহাকাৰ লাগে পৰিয়ালটোত৷ পিতৃ-মাতৃ কান্দোনত ভাগি পৰে৷ ইপিনে, পৰিয়ালৰ লোকে স্বপন ৰায়ৰ আত্মহত্যাৰ ঘটনাক সহজভাৱে ল’ব পৰা নাই৷ পৰিয়াল আৰু স্থানীয় লোকে কোনোবাই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে৷ আনহাতে, অসম চৰকাৰ আৰু তেলেংগানা চৰকাৰক মৃতদেহ ঘৰলৈ লৈ অহাৰ বাবে সহায় কৰিবলৈ আহ৩ান জনায় স্থানীয় লোকৰ লগতে পৰিয়ালৰ লোকে৷ পৰিয়ালৰ তৰফৰ পৰা ঘটনাটোৰ উচিত তদন্তৰ বাবে বিজনী থানাত এখন এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here