Home স্থানীয় প্ৰবীন নাট্য শিল্পী প্ৰসন্ন দেৱ শৰ্মাৰ মৃত্যু : বাঁহজানীত শোকৰ ছাঁ

প্ৰবীন নাট্য শিল্পী প্ৰসন্ন দেৱ শৰ্মাৰ মৃত্যু : বাঁহজানীত শোকৰ ছাঁ

176
0

গণ বাৰ্তা ,বাঁহজানী,১৪ মাৰ্চঃ– নলবাৰী জিলাৰ বাঁহজানীৰ অন্তৰ্গত বুদ্ৰুকুছি খৈৰাপাৰা গাওঁ নিবাসী তথা প্ৰবীন নাট্য শিল্পী,সমাজসেৱক প্ৰসন্ন দেৱ শৰ্মাই বাৰ্ধক্যজনিত ৰোগত আক্ৰন্ত হৈ আজি নিচেই ৰাতিপুৱা ৫-৪৫ বজাত নিজ বাসভৱনত মৃত্যু হয়।মৃত্যুৰ সময়ত তেওঁৰ বয়স ৮৮ বছৰ হৈছিল এসময়ত মহিলাৰ ভাওঁত অভিনয় কৰি দৰ্শকৰ মাজত এক আলোড়নৰ সৃষ্টি কৰা প্ৰসন্ন দেৱ শৰ্মাৰ আজি ৰাতিপুৱা মৃত্যু হোৱাৰ খৱৰ বিয়পি পৰাৰ লগে লগে বিভিন্ন অনুষ্ঠান,দল,সংগঠনৰ লগতে ভালেমান গুণমুগ্ধই তেওঁৰ চোতালত উপস্থিত হৈ নশ্বৰ দেহত পুস্পাঞ্জলীৰে শ্ৰদ্ধা জনাই। ১৯৩৪ চনত জন্ম গ্ৰহন কৰা প্ৰসন্ন দেৱ শৰ্মাই পঞ্চাশৰ দশকতে বাঁহজানীৰ মুগকুছিত গোবিন্দ হালৈৰ প্ৰযোজনাত গঠিত যাত্ৰাদল ” মুগকুছি মিলন নাট্য সমিতি ” ৰ জড়িয়তে নাট্য শিল্পত জড়িত হৈ পিছলৈ কেইবাটাও যাত্রা গানৰ লগত জড়িত হৈ আছিল । মৃত্যুৰ কেইবছৰ মান আগলৈ প্ৰায় চল্লিশখনৰো অধিক নাটকত  অভিনয় কৰাৰ লগতে কেইবাখনো নাট পৰিচালনা কৰিছিল। নাট্য শিল্পী গৰাকীয়ে চিতোৰ উদ্ধাৰ,সীতা হৰণ, সমাধি, গৰাখহনীয়া, সম্ৰাট ছাহজাহান, শতিকাৰ বাণ, শিখা, সম্ৰাট বাহৰাম, লাচিত বৰফুকন, মানুহ, উল্কাৰ জুই, কিয়, বন্দীৰ সন্তান, ৰূপ হল অভিশাপকে ধৰি প্ৰায় চল্লিশখনমান নাটকত অভিনয় কৰিছিল। ইয়াৰ উপৰি শৰ্মা এগৰাকী নাট পৰিচালকো আছিল। শৰ্মাই অভিমান,উৰুখা পজা,সমাধান,অভিনন্দন আদি কেইবাখনো নাটক পৰিচালনা কৰাৰ লগতে এই নাটকেইখনতো নিজে অভিনয়ো কৰিছিল। যি সময়ত অসমৰ যাত্ৰা পাৰ্টীত মহিলাক অভিনয় কৰিব বাধা দিছিল সেইসময়ত পুৰুষ সকলে মহিলাৰ ভাওঁত অভিনয় কৰিছিল।সেইদৰ এইগৰাকী নাট্য শিল্পী প্ৰসন্ন শৰ্মাইও বাঁহজানীৰ লগতে সমগ্ৰ নলবাৰী জিলাত বিভিন্ন যাত্ৰাপাৰ্টীত কেইবাখনো নাটকত মহিলাৰ অভিনয় কৰি দৰ্শকৰ মাজত এক আলোড়নৰ সৃষ্টি কৰিছিল। কিন্ত অতি দুখৰ বিষয় এই গৰাকী প্ৰবীন নাট্য শিল্পীয়ে জীৱিত কালত চৰকাৰীভাবে কোনোধৰনৰ সহায় সাহাৰ্য নেপালে।মাত্ৰ শিল্পীগৰাকীক অসম নাট্য সন্মিলন,দক্ষিণ নলবাৰী সাহিত্য সভা,বাঁহজানী আঞ্চলিক ছাত্ৰ সন্থাই ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাইছিল।শৰ্মা এগৰাকী বিশিষ্ট সমাজসেৱকো আছিল। তেওঁ অঞ্চলটোৰ দক্ষিণ নলবাৰী মহাবিদ্যালয়,নিত্যানন্দ হাইস্কুল,বুদ্ৰুকুছি শ্ৰীশ্ৰীমহাবিষ্ণু যজ্ঞ মহোৎসৱ,বুদ্ৰুকুছি আদৰ্শ সংস্কৃত টোল,বুদ্ৰুকুছি খাদী চ’ক সাৰ্বজনীন ৰঙালী বিহু সন্মিলন,বগলচৰোড সাৰ্বজনীন শ্ৰীশ্ৰীদুৰ্গা পূজা সমিতি,দক্ষিণ নলবাৰী সাহিত্য সভাকে ধৰি অঞ্চলটোৰ ভালেমান ধৰ্মীয় আৰু সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানত জড়িত থাকি সেৱা আগবঢ়াই আহিছিল।নাট্য শিল্পী গৰাকীৰ মৃত্যুত উক্ত অনুষ্ঠান সমূহৰ লগতে দক্ষিণ নলবাৰী প্ৰেছ ক্লাৱ বাঁহজানী,সেউজী সাহিত্য কানন,বাঁহজানী আঞ্চলিক ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বাঁহজানী আঞ্চলিক সমিতি,কাব্যালোচনী ‘গজালি’ প্ৰকাশন গোষ্ঠীকে ধৰি ভালেমান অনুষ্ঠানৰ লগতে ব্যাক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জনায়। মৃত্যুৰ সময়ত তেওঁ পত্নী,চাৰিজন পুত্ৰ,দুগৰাকী বোৱাৰী,নাতি-নাতিনীসহ অনেক আত্মীয়ক এৰি থৈ যায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here