Home উত্তৰ পূৰ্বাঞ্চল ডিএনএলএৰ বৰ্বৰ অত্যাচাৰ, নিহতৰ সংখ্যা তিনিজনলৈ বৃদ্ধি

ডিএনএলএৰ বৰ্বৰ অত্যাচাৰ, নিহতৰ সংখ্যা তিনিজনলৈ বৃদ্ধি

484
0


গণ বাৰ্তা, ডিফু, ৮ ডিচেম্বৰ: যোৱা ২৬ আগষ্টত ডিমা হাচাও জিলাত পাঁচজনকৈ নিৰীহ ট্ৰাকচালকক হত্যা কৰি চৰ্চালৈ অহা ডিমাছা নেচনেল লিবাৰেচন আৰ্মি [ডিএনএলএ] নামৰ উগ্ৰপন্থী সংগঠনটো পুনৰ চৰ্চালৈ আিহছে বৰ্বৰ হত্যাকাণ্ড সংঘটিত কৰি৷ সংগঠনটোৰ ডিমা হাচাও জিলাৰ মাইবাঙত থকা ডেজিগনেটেড কেম্পত অমানুষিক অত্যাচাৰ কৰাৰ ফলত কালি দুজন লোকৰ মৃত্যু হোৱাৰ পিছত চিকিৎসাধীন অৱস্থাত আজি আন এগৰাকী যুৱক নিহত হয়৷ আজি চিকিৎসাধীন অৱস্থাত নিহত হোৱা যুৱকজন হ’ল অপৰাজ লাংথাছা [২০]৷ এই ঘটনা সন্দৰ্ভত স্থানীয় লোক আৰু আৰক্ষীৰ মাজত ভাষ্যৰ অমিল দেখা পৰিলক্ষিত হৈছে৷ স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ আত্মসমৰ্পণকাৰী এটা দলে লাংটিঙৰ পৰা ১১গৰাকী যুৱকক অপহৰণ কৰি কেম্পলৈ লৈ আনি অমানুষিক অত্যাচাৰ চলাইছিল৷ অমানুষিক অত্যাচাৰৰ চলোৱাৰ ফলত কালি অমল গোস্বামী আৰু ৰামচৰণ লাংথাছা নামৰ দুজন যুৱকৰ মৃত্যু হৈছিল আৰু মৃতদেহ দুটা কেম্পটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰি আনিছিল৷ আৰক্ষীয়ে কেম্পটোৰ পৰা আহত অৱস্থাত আন আঠগৰাকী যুৱকক উদ্ধাৰ কৰি আনি চিকিৎসাৰ বাবে মাইবাং চিকিৎসালয়ত ভৰ্তি কৰিছিল৷ আহতসকল ক্ৰমে- নিৰিংদ বাথাৰী, যমুনাছাং হাচনু [চ্ছ], অবিনাশ থাউছেন [২২], দীপলাল দিব্ৰাগিদা [২০], জয়পৰজাৎ নুনিছা [১৯], মনদিছ লাংথাচা [৪০], ৰমেশ হাজেল [৩৮] আৰু ৰাজু আৰদাউ [২২] বুলি জানিব পৰা গৈছে৷ ইিপনে, চিকিৎসাধীন অৱস্থাত আজি আন গৰাকীৰ মৃত্যু ঘটে৷ আজি হাফলঙত অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱাই এখন সংবাদমেল সম্বোধন কৰি কয় যে উগ্ৰপন্থী সংগঠনটোৰ পাঁচগৰাকী আৰু এগৰাকী বাহিৰৰ লোকে কেম্পৰ বাহিৰলৈ গৈ লাংটিঙৰ পৰা ৬গৰাকী ব্যক্তিক উঠাই কেম্পলৈ লৈ আনে আৰু মাৰপিট কৰে৷ যাৰ ফলত দুগৰাকী যুৱকৰ মৃত্যু হয় আৰু আন চাৰিগৰাকীক গুৰুতৰৰূপে আহত অৱস্থাত উদ্ধাৰ কৰি আৰক্ষীয়ে চিকিৎসালয়ত ভৰ্তি কৰে৷ আনহাতে, ডিএনএলএৰ আন পাঁচগৰাকী কেডাৰকো কেম্পটোত আহত অৱস্থাত পাই উদ্ধাৰ কৰি চিকিৎসালয়লৈ অনা বুলি আৰক্ষী বিষয়াগৰাকীয়ে দাবী কৰে৷ অপৰাজ লাংথাছা সংগঠনটোৰ সদস্য বুলি আৰক্ষী বিষয়াগৰাকীয়ে দাবী কৰি কয় যে চিকিৎসাধীন যুৱককেইগৰাকীৰ অৱস্থা গুৰুতৰ আৰু তেওঁলোকে এতিয়া একো ক’ব পৰা অৱস্থাত নাই৷ সেয়ে ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই৷ আৰক্ষীয়ে তদন্ত অব্যাহত ৰখা বুলি তেওঁ জানিবলৈ দিয়ে৷ আনহাতে, আজি নিহত হোৱা অপৰাজ লাংথাছাৰ খুৰাকে সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়া মতে উগ্ৰপন্থী সংগঠনটোৰ সদস্যসকলে ১১গৰাকী ব্যক্তিক লোহা চোৰ কৰাৰ অপৰাধত লাংটিঙৰ পৰা ধৰি আনিছিল৷ অঞ্চলটোত বহু পুৰণি এখন জেচিবি পৰি আছিল আৰু গাঁৱৰ ৰাইজে সেইখন কাটি বিক্ৰী কৰিব বিচাৰিছিল, যাৰ বাবে ডিএনএলএ উগ্ৰপন্থীয়ে তেওঁলোকক ধৰি আনিছিল৷ এই ঘটনা ২১ নৱেম্বৰতেই সংঘটিত হোৱা বুলিও স্থানীয় গাঁওবাসীয়ে দাবী কৰিছে৷ উল্লেখনীয় যে যোৱা ২৮ অক্টোবৰত সংগঠনটোৰ অধ্যক্ষ ইতিকা ডিফুছাই কাৰ্বি আংলঙত আলোচনাৰ মেজলৈ আহিছিল৷ ২৮ অক্টোবৰত তেওঁক শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আলোচনালৈ আদৰি নিছিল৷ আনহাতে, ১৩ নৱেম্বৰত সংগঠনটোৰ সেনাধ্যক্ষ মুংশ্ৰী মুছৰাঙসহ ৪৬ সদস্যই ডিমা হাচাওৰ খেপ্ৰে নামৰ ঠাইত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং আৰু হীৰেন নাথৰ ওচৰত আত্মসমৰ্পণ কৰি মাইবাঙৰ ডেজিগনেটেড কেম্পত আছিল৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সংগঠনটোৰ পাঁচগৰাকী নেতা ক্ৰমে–জুদিচান হাফলংবাৰ ওৰফে আমেৰিকা, প্ৰীতমজিৎ জিগদুং ওৰফে গালাও, ডিফলজিৎ লাংথাছা ওৰফে দাওৰাজা, নৱজিৎ ফংল ওৰফে নাগাহোজা আৰু নতুনজয় নুনিছাক গ্ৰেপ্তাৰ কৰিছে৷ ঘটনাটোৰ ফলত সমগ্ৰ জিলাখনত এতিয়াও উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰি আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here