Home অসম নিকা ভাৱমুৰ্ত্তিৰ চৰকাৰী কৰ্মচাৰীৰ চাকৰিৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধিৰ সিদ্ধান্ত: তেজপুৰত ৩৫ জিলাৰ...

নিকা ভাৱমুৰ্ত্তিৰ চৰকাৰী কৰ্মচাৰীৰ চাকৰিৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধিৰ সিদ্ধান্ত: তেজপুৰত ৩৫ জিলাৰ উপায়ুক্ত সন্মিলনত কামৰ খতিয়ানৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই

265
0


ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১২ জুন ঃ উঠি অহা প্ৰজন্মৰ মাজত জাতীয় বীৰ লাচিত বৰফুকন সন্দৰ্ভত সচেতনতা বৃদ্ধিৰ বাবে জাতীয় বীৰগৰাকীৰ চাৰিশ বছৰীয়া জয়ন্তী উপলক্ষে বৰ্ষজোৰা কাৰ্যক্ৰমৰ লগতে ৰাজ্যজুৰি লাচিত বৰফুকনৰ সম্পৰ্কত লিখনি প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব৷ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যুতিথিৰ দিনটো ‘লোক কল্যাণ দিৱস’ হিচাপে মন্ত্ৰী পীয়ূষ হাজৰিকাই কিছুদিন পূৰ্বে ঘোষণা কৰিছিল৷ লক্ষণীয় যে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ শেষৰটো বৰ্ষত নিৰ্বাচনকেন্দ্ৰিক আঁচনিখন প্ৰস্তুত কৰি ১৮.২০ লাখ পৰিয়ালক হিতাধিকাৰী হিচাপে নিৰ্বাচন কৰা হৈছিল৷ কিন্তু আঁচনিখনৰ যোগেদি বহুতো অযোগ্য পৰিয়ালেও ধন লাভ কৰি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ ভুৱা নথি-পত্ৰৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হিচাপে নাম সুমুৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ এনে অৱস্থাত ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক লৈ এক জৰীপ চলাব৷নিকা ভাৱমুৰ্ত্তিৰ চৰকাৰীপালন কৰাৰ লগতে প্ৰতিখন জিলাৰ পৰা তিনিগৰাকী দুৰ্নীতিমুক্ত আৰু দক্ষ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰীক নিৰ্বাচিত কৰি তেওঁলোকক সন্মানিত কৰাৰ লগতে চাকৰি কাৰ্যকাল এবছৰলৈ বৃদ্ধি কৰা হ’ব৷ আজি তেজপুৰত ৰাজ্য চৰকাৰৰ এই ঐতিহাসিক সিদ্ধান্ত ঘোষণা কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ উল্লেখ্য যে তেজপুৰত নৱনিৰ্মিত সন্মিলন কেন্দ্ৰত কালি মন্ত্ৰীসভাৰ কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে ৰাজ্যৰ ৩৫খন জিলাৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তসকলৰ সন্মিলন৷ পুৱা জ্ঝ বজাত অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই আদৰণী ভাষণ পাঠ কৰা এই উপায়ুক্ত সন্মিলনখনত অধ্যক্ষ হিচাপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ উপায়ুক্ত সন্মিলনত গ্ৰহণ কৰা এলানি সিদ্ধান্ত সাংবাদিকৰ আগত সদৰী কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আৰু কয় যে আজিৰ এই সন্মিলনত কে’বাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ ইয়াৰে এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ’ল– অহা আগষ্ট মাহৰ কোনো দিনত লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি অসমৰ প্ৰত্যেকগৰাকী মানুহে জাতীয় বীৰগৰাকীৰ ওপৰত এটা পেৰাগ্ৰাফ লিখিব৷ সাধাৰণতে ৰচনা লিখিবলৈ দিলে এলপি স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মাজতেই সীমাবদ্ধ হয়৷ আজি ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি প্ৰতিখন জিলাৰ জনসংখ্যাৰ নূন্যতম ত্ৰিশ শতাংশ ব্যক্তিয়ে লাচিত বৰফুকনৰ ওপৰত এটা পেৰাগ্ৰাফ হ’লেও যেন লিখে৷ লাগিলে এক লাইনেই হওক৷ কেঁচুৱাৰ পৰা জ্যেষ্ঠজনলৈকে সকলোৱেই লিখিব পাৰিব৷ যিয়ে যিমান জানে সিমানেই লিখাৰ পিছত নিৰ্ধাৰিত স্থানত তেওঁলোকে জমা দিব৷ তাত ঠিকনা আদি লিখা থাকিব তাৰ ওপৰত চৰকাৰে পিছত ধন্যবাদ আদি দিব৷ এইটো এটা জিলাভিত্তিক প্ৰতিযোগিতা, কোন উপায়ুক্তই কিমান মানুহৰ হতুৱাই লাচিত বৰফুকনৰ ওপৰত লিখোৱাব পাৰে৷ এনে প্ৰচেষ্টাৰ জৰিয়তে উঠি অহা প্ৰজন্মই জাতীয় বীৰ লাচিত বৰফুকনৰ বিষয়ে জানিব পাৰিব আৰু সচেতনতা নিৰ্মাণ হ’ব৷ অসমীয়া মাধ্যমৰ চৰকাৰী শিক্ষানুষ্ঠানৰ পৰীক্ষাৰ ফলাফল সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নোত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষকৰ লগতে সংবাদ মাধ্যমকো জগৰীয়া কৰে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বতে শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়ছোৱাত গ্ৰহণ কৰা পদক্ষেপৰ কথা স্মৰণ কৰি সাংবাদিকসকলক উদ্দেশ্যি কয় যে আপোনালোকে শিক্ষকসকলক এই প্ৰশ্ন কৰিব লাগিব৷ তেওঁলোকে আন্দোলন কৰিলে আপোনালোকে প্ৰচাৰ কৰে, মইতো আপোনালোককহে বহুত দোষ দিম এই ক্ষেত্ৰত৷ ক’ৰবাত যদি চৰকাৰে শিক্ষকসকলৰ ওপৰত অলপ কঠোৰ হ’ব খোজে বা প্ৰশাসকসকলৰ ওপৰত কঠোৰ হ’ব খোজে, তাতে আপোনালোকে মাজত আহি সোমাই দিয়ে৷ আপোনালোকে দুবছৰ যদি মাজত নোসোমাই তেন্তে একেবাৰে এশ শতাংশ ভাল ফল হ’ব ছাত্ৰ-ছাত্ৰীৰ৷ আপোনালোকে যদি কৈ দিয়ে দুবছৰ নোসোমাও বুলি৷ চৰকাৰে যদি অলপ চেনেহ-মৰম কৰিব পাৰে তেন্তে দুবছৰত পৰিৱৰ্তন দেখা পাব৷ মইতো আৰম্ভ কৰিছিলোৱেই৷ যিবোৰ শিক্ষানুষ্ঠানৰ শূন্য শতাংশ ফল হৈছিলে সেই শিক্ষানুষ্ঠানসমূহৰ প্ৰধান শিক্ষকক আমন্ত্ৰণ কৰি কথাও সুধিছিলোঁ৷ যিজনে মদ খাই তেওঁক ৰাজহুৱাকৈ স্বীকাৰো কৰোৱাইছিলোঁ৷ কিন্তু আপোনালোক মাজত সোমাই গ’ল- শিক্ষাগুৰুক অপমান কৰিলে, অমুক কৰিলে বুলি৷ সেয়ে ময়ো বাদ দি দিলোঁ৷ শিক্ষকসকলে শিক্ষকতাৰ বাহিৰে আন আন পেছাদাৰী কাৰ্যত জড়িত হৈ শিক্ষা প্ৰদানত গুৰুত্ব প্ৰদান নকৰাৰ বিষয়েও উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষকসকলক উদ্দেশ্যি কয়- দেওবাৰে ধৰ্ণা দিয়ক৷ একেই নিউজ হ’ব সোমবাৰে কিন্তু অন্তত ল’ৰা-ছোৱালীবোৰে পঢ়িব পাৰিব৷ এনেধৰণৰ সচেতনতা আমি ৰাজ্যখনত কৰিব পাৰিলে এই গণ্ডগোলবিলাক নহয় বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে৷ উপায়ুক্ত সন্মিলন সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰত্যেকখন জিলাৰ তৰফৰ পৰা এঘণ্টা সময় জিলাখনত চলি থকা গতিবিধি বা চৰকাৰী আঁচনিবোৰৰ কাৰ্যকৰী সম্পৰ্কত উপায়ুক্তসকলে উপস্থাপন কৰাৰ ব্যৱস্থা কৰা হৈছে৷ আজি নিশা প্ৰায় ডেৰ বজালৈকে এই সন্মিলন অব্যাহত থাকিব আৰু কাইলৈও এই সন্মিলন চলিব বুলি তেওঁ জানিবলৈ দিয়ে৷ আনহাতে, মন্ত্ৰী পীয়ূষ হাজৰিকাই উপায়ুক্ত সন্মিলন সম্পৰ্কত কয় যে আজি এই সন্মিলনত উপায়ুক্তসকলৰ স’তে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিখন জিলাৰ কাম-কাজৰ অগ্ৰগতি আৰু খতিয়ানৰ বুজ লৈ পৰ্যালোচনা কৰে৷ সন্মিলনত গ্ৰহণ কৰা আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত সম্পৰ্কত সদৰী কৰে মন্ত্ৰী হাজৰিকাই৷ তেওঁ কয়-আগন্তুক শিক্ষক দিৱসত প্ৰকৃত কৃতী শিক্ষকসকলে যাতে চৰকাৰী সন্মান লাভ কৰে তাৰ ওপৰতো আজি সন্মিলনখনত গুৰুত্ব আৰোপ কৰা হয়৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কোনোধৰণৰ ৰাজনৈতিক হেঁচা বা প্ৰভাৱ খটুৱাই অথবা উপায়ুক্তকে ধৰি বিষয়া-আমোলাৰ পচন্দৰ শিক্ষকক যাতে কৃতী শিক্ষক হিচাপে চৰকাৰীভাৱে সন্মনিত কৰা নহয় তাৰ বাবে উপায়ুক্তসকলক নিৰ্দেশ দিয়াৰ লগতে আগন্তুক শিক্ষক দিৱসবোৰত যাতে যোগ্য আৰু প্ৰকৃত কৃতী শিক্ষকসকলকহে যেন চৰকাৰী সন্মানৰ বাবে বাছনি কৰা হয় তাৰ ওপৰতো দৃষ্টি ৰাখিবলৈ আহ্বান জনায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here