Home অসম বাংলাদেশৰ কোঁচ-ৰাজবংশী, ৰাভা- গাৰোসকলে যেতিয়াই মন যায় তেতিয়াই আহিব পাৰিব : ...

বাংলাদেশৰ কোঁচ-ৰাজবংশী, ৰাভা- গাৰোসকলে যেতিয়াই মন যায় তেতিয়াই আহিব পাৰিব : বঙাইগাঁৱত ‘কা’ সন্দৰ্ভত মন্ত্ৰী ৰণজিৎ দাসৰ ঘোষণা

168
0


গণ বাৰ্তা, বঙাইগাঁও, ২১ আগষ্ট ঃ
খিলঞ্জীয়া লোক ভাৰতলৈ অহাৰ ক্ষেত্ৰত কোনো ভিত্তিবৰ্ষ থাকিব নালাগে৷ বৰং যেতিয়াই আহিব খোজে তেতিয়াই তেওঁলোকৰ বাবে মুকলি থাকিব লাগে৷– এই মন্তব্য মন্ত্ৰী ৰঞ্জিত দাসৰ৷ শনিবাৰে বঙাইগাঁৱত বান-সাহায্য প্ৰদান অনুষ্ঠানত উপস্থিত থকাৰ পিছত সংবাদ মাধ্যমৰ আগত ‘কা’ সন্দৰ্ভত এই মন্তব্য কৰে৷ মন্ত্ৰী দাসে কয় যে ‘কা’ সন্দৰ্ভত বিজেপিৰ স্থিতি আৰম্ভণিৰ পৰাই স্পষ্ট৷ যিসকলে ‘কা’ৰ বিৰুদ্ধে আন্দোলন কৰিছে তেওঁলোকে গণতান্ত্ৰিকভাৱে আন্দোলন কৰাত আমাৰ কোনো আপত্তি নাই৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে যি ‘কা’ আনিছে তাক আমি পূৰ্ণ সমৰ্থন জনাইছোঁ৷ কিন্তু আগন্তুক দিনত বৰং মই আইনখনত কিছু সংশোধনৰ কথাহে ক’ম৷ ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অহা লোকসকলৰ বাবে যি সময়সীমা বান্ধি দিয়া আছে, সেই সময়সীমাত যিসকল খিলঞ্জীয়া লোক আছে তেওঁলোকৰ বাবে উঠাই দিব ক’ম৷ খিলঞ্জীয়া মানে কোঁচ-ৰাজবংশী আছে, গাৰো আছে, ৰাভা আছে৷ ইয়াৰ জৰিয়তে মই ইয়াকে ক’ব খুজিছোঁ যে বাংলাদেশত এতিয়াও আমাৰ খিলঞ্জীয়া বহু মানুহ আছে৷ কোঁচ-ৰাজবংশীসকল খিলঞ্জীয়া নহয় নেকি? সেইদৰে ৰাভা আৰু গাৰোসকল খিলঞ্জীয়া নহয় নেকি? গতিকে কাইলৈ যদি সেইসকল লোক আহিবলগীয়া হয় তেতিয়াহ’লে ক’ত আহিব? সেই সময়ত আমাৰ এটা ৰাজনৈতিক বিভাজন হৈছিল৷ আমি একে তেজৰে বংশধৰ৷ বাংলাদেশত থকা যিসকল কোঁচ-ৰাজবংশী আছে আৰু অসমত যিসকল কোঁচ-ৰাজবংশী আছে আমি একে বংশধৰ৷ গতিকে সেইসকলকতো মই অহাৰ কথায়ে ক’ম৷ তেওঁলোকৰ কাৰণে কোনোধৰণৰ সময়সীমা নিৰ্ধাৰণ কৰাৰ প্ৰয়োজন নাই৷ গতিকে আজি কোনে কি আন্দোলন কৰি আছে মোৰ ক’বলগীয়া একো নাই৷ কিন্তু আমি যেতিয়া ‘কা’ আন্দোলন হৈছিল, পঞ্চায়ত নিৰ্বাচন হৈছিল, আমাৰ বহু কাৰ্যকৰ্তাক অত্যাচাৰ কৰিছিল৷ বহুতৰ ঘৰ জ্বলাই দিছিল, বিধায়কৰ ঘৰ জ্বলাই দিছিল৷ লক্ষেশ্বৰ মৰাণৰ দৰে সভাপতিক মাৰপিট কৰিছিল৷ কিন্তু তাৰ পিছতো পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে প্ৰথম স্থান পাইছোঁ৷ পৰৱৰ্তী সময়ত লোকসভা নিৰ্বাচন আহিল আৰু নিৰ্বাচনত পূৰ্বৰ সাতখনৰ সলনি নখন আসন লাভ কৰোঁ৷ গতিকে অসমৰ ৰাইজে আজি ‘ কা’ৰ যি প্ৰাসংগিকতা সেয়া বুজি উঠিছে কাৰণে প্ৰতিটো নিৰ্বাচনতে বিজেপিক ভোট দি আহিছে৷ গণতান্ত্ৰিকভাৱে কোনে কি আন্দোলন কৰে তাত মোৰ ক’বলগীয়া একো নাই৷ বৰং আমি ক’ম যে ‘কা’ প্ৰৱৰ্তন হ’ব লাগিব আৰু প্ৰৱৰ্তন হোৱাৰ পিছতো বাংলাদেশত থকা কোঁচ-ৰাজবংশী, ৰাভা, গাৰো, বড়োসকলৰ কাৰণে অহাৰ ক্ষেত্ৰত অনাদি অনন্ত কাললৈ কোনো সময়সীমা দিব নালাগে৷ কাৰণ তেওঁলোক আমাৰে বংশধৰ৷ তেওঁলোক যেতিয়াই আহিব বিচাৰে অৰ্থাৎ যদি দুহাজাৰ বছৰ পিছতো যদি আহিব বিচাৰে তেতিয়াও তেওঁলোকৰ ক্ষেত্ৰত মুকলি ৰাখিব লাগে৷ এইটো মই ভৱিষ্যতে ক’ম৷ এখন আগতে গৃহীত হৈ যাওক৷ যদি মই কেতিয়াবা সাংসদ হৈ যাওঁ বা কেতিয়া সুযোগ সুবিধা পাওঁ৷ এতিয়ালৈ যিখিনি আছে তাত মোৰ সমৰ্থন আছে৷ আগন্তুক দিনত মই এইখন পুনৰ সংশোধন কৰাৰ কথা ক’ম বুলিও কয় মন্ত্ৰী দাসে৷ আনহাতে, কংগ্ৰেছ বিধায়কৰ বিজেপিলৈ আগমন সন্দৰ্ভত কয় যে কংগ্ৰেছীসকলৰ এতিয়া স্থান নাই৷ কংগ্ৰেছীসকলে বিজেপিত কিয় আহি আছে? স্থান নাই বাবে আহি আছে৷ তেওঁলোকে দেখিছে যে কংগ্ৰেছ এতিয়া শূন্য৷ গতিকে ক’ৰবাত গৈতো আশ্ৰয় ল’ব লাগিব৷ ৰাজনীতি কৰিব লাগিব, ৰাইজৰ সেৱা কৰিব লাগিব৷ হয়তো সেৱা কৰাৰ মানসিকতা আছে৷ বিজেপিত আহিলেতো একো নাপায়৷ কংগ্ৰেছত থাকোঁতে বহু কিবাকিবি পাইছিল৷ বিজেপিত আউটগয়িঙহে আছে ইনকামিং নাই৷ গতিকে নতুনকৈ যিসকলে আহিব বিচাৰিছে আগতে চিন্তা কৰা ভাল৷ কাৰণ কংগ্ৰেছৰ যিটো ইনকামিং ছীষ্টেম আছিল আমাৰ ইয়াত আউটগয়িং ছীষ্টেম৷ আউটগয়িং ছীষ্টেমত যদি কোনোবা আহিব খোজে মোৰ তাত কি ক’বলগীয়া আছে বুলি তীৰ্যক মন্তব্য কৰে মন্ত্ৰী ৰঞ্জিত দাসে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here