
ৰশ্মিৰেখা সাউদ কলিতা
গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ১১ মে’ : মঙ্গলবাৰে ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যলয়ৰ সভাকক্ষত জিলা উপায়ুক্ত পল্লব গোপাল ঝাৰ সভাপতিত্বত চহৰখনৰ শাক পাচলি আৰু ফল মূলৰ পাইকাৰী ব্যৱসায়ী তথা বজাৰ সন্থাৰ প্ৰতিনিধি সকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে যে বৰ্তমান পৰিস্থিতিত বজাৰ সমূহত বিভিন্ন লোকে ভিৰ কৰি বজাৰ কৰিবলৈ অহাতো অতি বিপদজনক।কাৰণ ইয়াৰ পৰা কোভিডৰ সংক্ৰমণ বৃদ্ধি হব পাৰে।সেয়েহে ৰাইজ এনে কাৰ্যৰ পৰা আঁতৰত থকাটো অতি প্ৰয়োজনীয় কথা । এই ক্ষেত্ৰত জিলা প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে আৰু এনে ধৰণৰ কাৰ্য প্ৰশাসনৰ দৃষ্টি গোচৰ হ’লে আইন অনুযায়ী কঠোৰ ব্যবস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে। সেয়েহে ব্যৱসায়ী সকলক এই ক্ষেত্ৰত অধিক সজাগ সচেতন হবলৈ উপায়ুক্ত গৰাকীয়ে কয় আৰু যাতে বজাৰ সমূহত কোনো লোকে অযথা ভিৰ কৰিব নোৱাৰে তাৰ প্ৰতি ব্যৱসায়ী সকলে নজৰ ৰাখিব লাগিব বুলি তেওঁ উল্লেখ কৰে ।এই ক্ষেত্ৰত ব্যৱসায়ী সকলক প্ৰশাসনৰ তৰফৰ পৰা বজাৰৰ পৰিবৰ্তে ঘৰে ঘৰে গৈ শাক – পাচলি বা ফল- মূল বিক্ৰীৰ ওপৰত গুৰুত্ব দিয়ে। কাৰণ ইয়াৰ দ্বাৰা জনসমাগম বা ভিৰ পৰিহাৰ কৰিব পৰা যাব । ইয়াৰোপৰি বৰ্তমান সকলো ব্যৱসায়ীয়ে যাতে গ্ৰাহকৰ পৰা যি কোনো বস্তুৰ বিনিময়ত উচিত মূল্য গ্ৰহণ কৰে আৰু যাতে মূল্য বৃদ্ধি হব নোৱাৰে এই প্ৰশাসনে চোকা দৃষ্টি ৰাখিছে বুলি উপায়ুক্ত গৰাকীয়ে মন্তব্য কৰে।