Home সম্পাদকীয় মুছলিম সমাজৰ বিভাজন আৰু অসমীয়া জাতিসত্তা

মুছলিম সমাজৰ বিভাজন আৰু অসমীয়া জাতিসত্তা

333
0


২৯ নৱেম্বৰ, ড॰ জাকিৰুল আলম : ২০১১ চনৰ লোক পিয়ল তথ্য মতে অসমৰ জনসংখ্যা তিনিকোটি বাৰ লাখ পাঁচ হাজাৰ পাঁচশ ছয়সত্তৰ [৩,১২,০৫,৫৭৬] য’ত এক কোটি সাত লাখ মুছলিম সম্প্ৰদায় অৰ্থাৎ মুঠ জনসংখ্যাৰ ৩৪.২২ শতাংশ, খ্ৰীষ্টীয়ান এঘাৰ লাখ ছয়সষ্টি [৬৬] হাজাৰ অৰ্থাৎ মুঠ জনসংখ্যাৰ ৩.৭৪ণ, একেদৰে শিখ ঙ্ম.০৭ণ, বুদ্ধীজ ঙ্ম.১৮ণ, জৈন-ঙ্ম.০৮ণ অন্যান্য ঙ্ম.০৯ণ আৰু হিন্দু ৬১.৪৭ণ৷ অসম ভাৰতৰ ভিতৰত মুছলিমৰ জনসংখ্যাৰ শতাংশ ফালৰ পৰা ৩৪.২২ণ ৰে তৃতীয় স্থানত৷ প্ৰথম স্থানত কেন্দ্ৰীয় শাসিত অঞ্চল লাক্ষাদ্বীপ মুঠ জনসংখ্যাৰ ৯৬.৫৮ণ ই মুছলিম সম্প্ৰদায়ৰ জনসংখ্যাৰে প্ৰথম স্থানত আৰু জম্মু আৰু কাশ্মীৰৰ ৬৮.৩১ শতাংশৰে দ্বিতীয় স্থানত৷ আৰু উক্ত দুয়োখন ৰাজ্যই মুছলিম সম্প্ৰদায়ৰ গৰিষ্ঠতাই চালকৰ আসনত আছে৷ অসম যদিও তৃতীয় স্থানত এক তৃতীয়াংশ জনসংখ্যাৰে কিন্তু ৰাজনীতি আৰু অৰ্থনীতিত ই এক বিশদ প্ৰভাৱ বিস্তাৰ কৰিছে৷ অৰ্থৰ্াৎ প্ৰতিটো সংগৃহিত ৰাজহ টকাৰ ৩৪.২২ পইচা এই সম্প্ৰদায়ৰ পৰা আহৰণ কৰা হয়৷ এই সমগ্ৰ তথ্যখিনি শেহতীয়া লোকপিয়লৰ তথ্য মতেহে, ২০২১ চনৰ লোকপিয়লৰ তথ্য এক-দুই মাহ মান পাছত প্ৰকাশিত হ’ব৷ জনসংখ্যাৰ বৃদ্ধিৰ হাৰলৈ লক্ষ্য কৰি মুছলিমৰ এক কোটি সাত লাখ সংখ্যা নি(য় ২০২১ চনত এক কোটি বিশ লাখ মান হ’বগৈ পাৰে৷ এটা বৃহৎ মানৱ সম্পদ একোটা সম্প্ৰদায়ৰ পৰা প্ৰতিনিধিত্ব কৰা একমাত্ৰ সম্প্ৰদায়৷ যদিও ৬১.৪৭ণ হিন্দু সম্প্ৰদায়ৰ বুলি কোৱা হৈছে কিন্তু ইয়াতো ভিন্নতা আছে৷ এইকথা জ্যেষ্ঠ হিন্দু পণ্ডিত, লেখকসকলে সংবাদ মাধ্যমৰ দ্বাৰা প্ৰকাশ কৰি আহিছে৷ আনহাতে. আমি সাক্ষাৎকাৰ লওঁতে বা জানিব বিচৰা মতে বহুকেইজন হিন্দু পণ্ডিত তথা শিক্ষবিদ, লেখকসকলে স্পষ্ট কৰিছে যে হিন্দু বুলি ক’লে বহুতে নিজকে হিন্দু ধৰ্মৰ আওতাত নাহে, বাৰশ শতিকাত মোগলসকলে ভাৰতত শাসন কৰিবলৈ আৰম্ভ কৰাৰ আগতে সমগ্ৰ ভাৰতবৰ্ষ বিভিন্ন জাত-পাতত বিভক্ত হৈ এক নিশকতীয়া জাতিলৈ ৰূপান্তৰিত হৈছিল৷ যাৰ বাবে বহিঃদেশৰ পৰা আহি [কিন্তু আফগানিস্তান তেতিয়া অবিভক্ত ভাৰতৰ অংশীদাৰ আছিল] অনায়াসে ইয়াত শাসনভাৰ আৰম্ভ কৰিব পৰাটো তাৰে এটা প্ৰধান কাৰণ৷ মোগল শাসকে প্ৰথম ‘হিন্দুস্থান’ নাম দি নামকৰণ কৰিছিল৷ ই এটা পাৰ্চীয়ান শব্দ৷ তাৰ আগতে ভাৰতত হিন্দু ধৰ্ম বুলি নিৰ্দিষ্ট ধৰ্ম নাছিল৷ ইতিহাসবিদৰ মতে হিন্দুত্ব হৈছে বিভিন্ন ভাৰতীয় সংস্কৃতি আৰু প্ৰথাৰ সমাহৰ যাৰ মূলতে বৈদিক ধৰ্ম৷ আনহাতে ইন্দু অৰিয়ান আৰু হাৰপ্পা সংস্কৃতি আৰু সভ্যতাৰ সংমিশ্ৰন৷ যিয়ে মূলতে ব্ৰাহ্মণ ধৰ্মৰ সৃষ্টি কৰিছিল৷ আনহাতে হিন্দু ধৰ্ম মূলতে ইন্দাচ উপত্যাকাৰ সভ্যতাৰ ধৰ্মসমূহ [যি উপত্যাকা পুৰিণ ইজিপ্ত আৰু মেচ’প’থেমিয়া হৈ বৰ্তমানৰ উত্তৰপূৱ আফগানিস্তান আৰু পাকিস্তানলৈ বিয়পি আছে]; দ্ৰাবিড় সকলৰ প্ৰথাসমূহ [ভাৰত, পাকিস্তান, বাংলাদেশ, মালদ্বীপ, নেপাল, ভূটান আৰু শ্ৰীলংকাত মূলৰ]; স্থানীয় প্ৰথাসমূহ আৰু জনজাতীয় ধৰ্মসমূহৰ এক বৃহৎ সংমিশ্ৰনে যি সভ্যতা সংস্কৃতিৰ উদ্ভৱ কৰিছে তাকে হিন্দু বুলি ক্ৰমান্বয়ে আধুনিক সময়ত কোৱা হয়৷ অৰ্থাৎ ‘হিন্দু’ এটা ধৰ্মৰ পৰিৱৰ্তে এক সভ্যতা আৰু সংস্কৃতিক বুজোৱা হয়৷ কিয়নো এই ধৰ্মক হাজাৰ হাজাৰ আদিবাসী আৰু জনজাতীয় ধৰ্মক আৰু ব্ৰাহ্মণসকল যি ইন্দাচ উপত্যাকাৰ পৰা আহি তেওঁলোকৰ ধৰ্মকো ইয়াৰ লগতে একাকাৰ কৰা হ’ল ইয়ে আধুনিক হিন্দু ধৰ্ম বা সভ্যতা বুলি কোৱা হয়৷ কিয়নো পূৰ্বেতে ব্ৰাহ্মণ ধৰ্ম, সনাতন ধৰ্ম, বৈষ্ণৱ ধৰ্ম আদি কৰি গোষ্ঠী, জনগোষ্ঠী, অঞ্চল অনুযায়ী হাজাৰটা ধৰ্ম ভিন্ন ধৰণে সীমিত হৈ আছিল৷ বৈদিক যুগৰ শেহৰ পিনে সমাজখনক হিন্দু ধৰ্ম হিচাপে সকলোকে এক বা সমতা কৰাৰ পৰিৱৰ্তে চাৰিটা শ্ৰেণীত ভাগ কৰিছিল আৰু সেই মতে সেইসকলক সমাজত স্থান দিয়া হৈছিল৷ ব্ৰাহ্মণসকলক পুৰোহিত হিচাপে, যুদ্ধাসকলক ক্ষেত্ৰিয়, ব্যৱসায়ীসকলক বৈশ্য শ্ৰেণী আৰু শ্ৰমিকক শূদ্ৰ শ্ৰেণীত বিভাজন কৰা হৈছিল৷ সেই সময়ত সকলো শ্ৰেণীৰ মানুহে একেলগে উপাসনা স্থলীত গৈ ধৰ্ম পালন কৰিব পৰা নাছিল৷ আৰু কিছুমানক নিম্ন শ্ৰেণীৰ বুলি কৈ উপসনা স্থলীত আজীৱন যাব দিয়া নাছিল৷ যিটো প্ৰায় বিংশ শতিকালৈ প্ৰচলিত হৈ আছিল৷ সেয়ে এতিয়া সংবাদ মাধ্যমত বীৰদৰ্পে ঘোষণা কৰি অনুসূচিত জাতি আৰু জনজাতি বহুতে নিজকে হিন্দু ধৰ্মৰ নকৈ নিজৰ জাতি লগতে পূৰ্বৰ সভ্যতা-সংস্কৃতিৰ, ধৰ্মৰ বাহক হিচাপে দাবী কৰে৷
অসমৰ মুঠ ৬১.৪৭ণ জনসংখ্যাক হিন্দু ধৰ্ম বুলি ক’লেও প্ৰকৃত হিন্দু ধৰ্মৰ নহয়৷ যেনে বহুতো আহোম সম্প্ৰদায়ৰ লোকে হিন্দু ধৰ্ম বুলি নিলিখে বা নিজৰ ধৰ্মটো লিখে৷ বহুতো জনজাতীয় লোকে আধুনিক সময়ত একাত্ম হৈছে যদিও প্ৰকৃততে তেওঁলোকেও নিজৰ প্ৰথাগত ধৰ্মহে মানে, যেনে বহু বড়োসকলে নিজৰ পূৰ্বৰ ধৰ্মকে মানে৷ এই ৬১.৪৭ণ হিন্দু ধৰ্মৰ সংখ্যাটো এতিয়া কাগজে-পত্ৰইহে সীমাবদ্ধ, কাৰণ চৰকাৰী নথিপত্ৰ উল্লেখ কৰিবৰ কাৰণে বহুতে অশিক্ষিত হোৱা বাবে আজিও সেই চৰকাৰী কৰ্মচাৰীসকলে দায়িত্ব সামৰিবলে হিন্দু ধৰ্মৰ শাৰীত নাম ৰাখে৷ বাস্তৱত কিন্তু ইয়াৰ প্ৰতিচ্চবি ওলোতা৷ বহু জনজাতি, অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা সম্প্ৰদায় বহুসংখ্যক অশিক্ষিত হৈ থকা বাবে নিজৰ ধৰ্মৰ বিষয়ে সম্যক জ্ঞান নাই, কেৱল মাত্ৰ এক সমাজৰ সভ্যতা-সংস্কৃতি বুলি অনুসৰণ কৰে আৰু একতা হয়৷ একেদৰে মুছলিম সম্প্ৰদায়ৰ মাজতো হয়৷ যদিও ইয়াৰ পৰিমাণ অলপ কম হয় কিয়নো ইছলাম ধৰ্মত শিশু পৰ্যায়ৰ পৰা প্ৰতিটো মছজিদৰ মক্তৱত প্ৰাথমিক জ্ঞান দিয়া কঠোৰ নীতি- নিয়ম মানে, পিছে বৰ্তমানে ইয়াৰ শিথিলতা আহিছে৷ কিন্তু হিন্দু ধৰ্মত এনে ব্যৱস্থা নথকা বাবে নিজৰ ধৰ্মৰ প্ৰাথমিক নীতি নিয়মো জানিবলৈ সুবিধা নাপায়৷ সেয়ে মূৰোকত নিজৰ ধৰ্ম, পৰিসৰ, উদ্দেশ্য, কৰ্তব্যৰ আদিৰ প্ৰতি বিবুধিত পৰে৷ এই কথা আমি হিন্দু সম্প্ৰদায়ৰ মাজত ডাঙৰ-দীঘল হৈ সূক্ষ্মভাৱে অনুধাৱন কৰিছোঁ৷ সেয়ে ধৰ্মৰ মতে কেনেকৈ উপাসনা কৰিব লাগে সেই কথা নাজানি বলীউড, তলীউড, হলীউড আদিৰ উচ্ছ স্তৰৰ গানৰ তালে তালে নাচি, মদ খাই মাতাল হৈ ৰাস্তাই ৰাস্তাই হুলস্থূল কৰাই ধৰ্ম বুলি ভাবিবলৈ আধুনিক প্ৰজন্মই ভাবিব ধৰিছে৷ এই কথা এবাৰো চিন্তা কৰা নাই যে হিন্দু ধৰ্মৰ উৎপত্তিস্থল চাৰিবেদ, পুৰাণ, গীতা আদিত তিলমাত্ৰাও এনে আচৰণৰ কথা কোৱা নাই৷ অৰ্থাৎ হিন্দু ধৰ্মৰ পৰিৱৰ্তে অন্য এক আশোভ সংস্কৃতিয়ে ৰূপ ধাৰণ কৰিছে, যিদৰে অশিক্ষিত, মূৰ্খ মুছলিমখিনিয়েও একেদৰে অশুভ, ইছলামবিৰোধী আচৰণৰ ৰূপ লৈছে৷ যাৰ বাবে ৰাজনৈতিক-ব্যৱসায়ী লাভালাভৰ বাবে, শাসকীয় ক্ষমতা পাবৰ বাবে সহজে এই শ্ৰেণীটোক খুব কম সময়ৰ ভিতৰতে অতি-সাম্প্ৰদায়িক আৰু সমাজৰ ক্ষতিকাৰক জীৱলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছে৷ লক্ষ্যণীয়ভাৱে শেহতীয়া গৱেষণালৈ চালে পৰিস্ফূট হৈছে যে এনে অস্পষ্ট ধাৰণাৰ বাবে মাত্ৰ দুই বা তিনি শতাংশ ক্ষমতালোভী হিন্দুৰ [যিসকল ইজিপ্ত আৰু মেচ’প’ থেমিয়া’ পৰা আহি] উচ্ছ কুটনীতিৰ বাবে বাকী ৯৭ শতাংশ হিন্দুক বঞ্চিত প্ৰৱঞ্চিত কৰি ধৰ্মৰ নামত উত্তেজিত আৰু সংঘৰ্ষত লিপ্ত কৰাই শিক্ষা, অৰ্থনীতি, সংস্কৃতি, মূল ধৰ্মৰ পৰা আঁতৰাই সকলোধৰণৰ বিকাশত সম্পূৰ্ণ বাধা সৃষ্টি কৰি ষড়যন্ত্ৰ কৰি আহিছে, যাতে এই বিশেষ শ্ৰেণীটোৱে হিন্দু ধৰ্মৰ নামত সমাজক উত্তেজিত কৰি শাসনৰ জৰীডাল ধৰি ৰাখিব পাৰে৷ এনে বিশেষ শ্ৰেণীটোৱে মোগল আৰু ইংৰাজ আগমনৰ পূৰ্বৰ পৰাই জাতি-ভেদ প্ৰথাৰ বৈষম্যৰ দ্বাৰা শোষণ কৰি সমাজৰ আগস্থান বহি থকা স্বভাৱটোৰ বাবে ভাৰতীয় সমাজখন থান-বান হৈ আছিল৷ যিটো ইতিহাসৰ প্ৰতিটো পাতত উল্লেখ আছে, সেয়া আমি কোৱা নতুন কথা নহয়৷
সমগ্ৰ দিশৰ পৰা চালে অসমত সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰে হৈছে মুছলিম সম্প্ৰদায়৷ চাৰ্চাক কমিটিৰ ৰিপৰ্ট মতে মুছলিমৰ শিক্ষিত হাৰ মাত্ৰ ৪৮ণ অৰ্থাৎ অন্য সম্প্ৰদায়তকৈ বহু কম, কিন্তু অসমৰ কৃষি ক্ষেত্ৰত মুখ্য ভূমিকা এই সম্প্ৰদায়টোয়ে দেশৰ স্বাধীনতাৰ পূৰ্বৰ পৰাই মৌলানা ভাচানীৰ নেতৃত্বত কৃষি বিপ্লৱৰ সূচনা ১৯২৬ চনৰ পৰাই আৰম্ভ কৰিছিল৷ এই সম্প্ৰদায়টোৱে দীৰ্ঘদিন ধৰি নিম্ন পৰ্যায়ৰ জীৱন ধাৰণ কৰি অতি কষ্টৰে পলসুৱা মাটিৰ বাদেও নদীৰ পাৰৰ বা চৰ-চাপৰিৰ বালিৰ মাটিত সোণৰ গুটি গজোৱাৰ পৰা সমগ্ৰ অসমলৈ বিতৰণ কৰি প্ৰতিজন অসমীয়াক ভোগ কৰাৰ লৈকে যি কষ্ট কৰে তাৰ বিনিময়ত মাত্ৰ দুমুঠি দুবেলাহে যোগাৰ কৰিব পাৰে৷ মাত্ৰ ২ বা ৩ শতাংশ মুছলিমহে চহকী৷ অসমৰ মাছৰ খেতি; শাক পাচলিৰ খেতি, সৰিয়হৰ খেতি, ধানখেতি, বাদাম আদি সকলোধৰণৰ খেতি; ইটা ভাটাৰ শ্ৰমিক, মিস্ত্ৰী-যোগালী, হাঁহ-কুকুৰা, গৰু-ছাগলী পালন; আদি সকলো ক্ষেত্ৰতে কম মূল্যত অধিক শ্ৰমদান আৰু নিম্নতম লাভত উৎপাদিত সামগ্ৰীসমূহ দৰিদ্ৰ অসমীয়াক যোগান ধৰে৷ আজি সমগ্ৰ অসম মুছলিম বসতি প্ৰধান জিলাৰ বা ঠাইসমূহৰ খেতিৰ ওপৰত নিৰ্ভৰশীল৷ যাৰ বাবে খুব কম খৰচত অধিক পাচলি ক্ৰয় কৰিব পাৰিছিল৷ কিন্তু এইবাৰ চক্ৰান্ত কৰি মাত্ৰ মুছলিম বসতিস্থল চৰ-চাপৰিবোৰ উচ্চেদ কৰা বাবে নৱেম্বৰ শেষ হ’বৰ হ’ল৷ কিন্তু পাচলি প্ৰতি কেজি এশ, আশী, ষাঠি, পঞ্চাশৰ তলত নাই, য’ত যোৱা বছৰলৈকে প্ৰতিকেজিত পাঁচ টকাৰ পৰা পোন্ধৰ টকাৰ ভিতৰত আছিল৷ এইবাৰ ইয়াৰ মূল্য হ্ৰাস হোৱাৰ আশা নাই৷ যাৰ বাবে জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলো দৰিদ্ৰ অসমীয়া সকলেপ্ৰয়োজনীয় পুষ্ঠিকৰ খাদ্যৰ যোগাৰ কৰিব পৰা নাই৷ প্ৰায় পাঁচ শতাংশ চৰকাৰী চাকৰিয়াল আৰু দহ শতাংশ মান ধনী ব্যৱসায়ী, ঠিকাদাৰৰ বাদে বাকী ৮৫ শতাংশ দৰিদ্ৰ সীমাৰেখাৰ তলৰ, দৰিদ্ৰ আৰু মধ্যবিত্তৰ বাবে হাহাকাৰ হৈ পৰিছে৷ বিভিন্ন অনুসূচিত জাতি, জনজাতি, ভৈয়াম, পাহৰৰ লোকে মাত্ৰ ডেৰশ টকাৰ পৰা দুশ টকালৈ দৈনিক হাজিৰা কৰি চাৰি বা পাঁচজনীয়া পৰিয়ালৰ বাবে এশটকীয়া কেজিৰ পাচলি আনি দুই-সাজত দুশটকা মাত্ৰ পাচলিৰ নামত ব্যয় কৰাটো কল্পনা মাথোঁ৷ বাকীবোৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মিঠাতেল-চেনি, দাইল, চাউল আদিৰ কথা নক’লোৱেই৷ এই দৰিদ্ৰ অসমীয়া মুছলিম সম্প্ৰদায়ক চৰকাৰে নিজৰ ক্ষমতাৰ লালসাৰ বাবে যিমানে ষড়যন্ত্ৰ কৰি অন্যায় কৰি গৈ থাকিব সিমানে আন সম্প্ৰদায়ৰ বা হিন্দু সম্প্ৰদায়ৰ দৰিদ্ৰ অসমীয়াসকলো প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োধৰণে ভুক্তভোগী হ’ব লাগিব৷ হিন্দু-মুছলিমৰ নামত বিভাজন কৰি মাত্ৰ এমুঠি শাসকীয় আৰু ব্যৱসায়ীক ধনিক শ্ৰেণীয়ে সমাজত লাহ-বিলাসত জীয়াই থাকিব, বাকী সকলো উভয় সম্প্ৰদায়ৰ দুখীয়াৰ মৰণ অনিবাৰ্য, যিটো আমি বিগত দশকত দেখি আহিছোঁ৷ হিন্দু-মুছলিম ব্যৱহাৰ মাত্ৰ ক্ষমতাৰ বাবে, তাৰ পাছত দৰিদ্ৰসকলক এই ধনী ৰাজনৈতিক, ধৰ্মৰ ব্লেকমেইলকাৰীসকলে চিনি পায়নে বা এমুঠি অন্নৰ যোগান ধৰে নে? মাত্ৰ দৰিদ্ৰতা আৰু অশিক্ষিততাৰ বাবে উভয়ে একো হেৰুৱালৈ নথকা বাবে ধৰ্মৰ জয় হৈছে বুলি ভাবি মূৰ্খৰ দৰে আত্মসন্তুষ্টি লৈ থকা হয়৷
পূৰ্বতে সকলোধৰণৰ সংগঠন, সমাজ, বুদ্ধিজীৱী, আৰু সংবাদ মাধ্যম সততে চৰকাৰ প্ৰতি পদক্ষেপৰ প্ৰতি শেনচকু ৰাখি অলপ ভুল হ’লেই সমালোচনা, সাৱধান বাণী, আন্দোলন, তীব্ৰ ৰূপত বাতৰি পৰিৱেশন কৰা হৈছিল৷ কিন্তু বৰ্তমানে এই সকলোবোৰৰ বেছি শতাংশই বুজাবুজিত আহি নিশ্চুপ বা এখন বিপৰীত প্ৰতিচ্ছবি প্ৰতিষ্ঠা কৰিবলৈ অহৰহ প্ৰচেষ্টা কৰি আহিছে, যাৰ বাবে এই একাংশ দালালসকল, ঠিকাদাৰ, ব্যৱসায়ীক, চৰকাৰী চাকৰিয়াল, মন্ত্ৰী, বিধায়ক, সংসদ আদিসকলৰ বাদে প্ৰায় ৮৫ শতাংশ মুঠ জনসংখ্যাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ, দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীটো জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৱে এই সাম্প্ৰদায়িক, জাতিগত বৈষম্যতাৰ আৰু পুঁজিপতিৰ আঁচোৰত ছিন্ন-ভিন্ন হৈ এক অস্থিৰ সমাজৰ সৃষ্টি হৈছে৷ একোটা ঘৰ থিয় হৈ থাকিবলৈ নিম্নতম চাৰিটা বা তাতোধিক খুঁটাৰ প্ৰয়োজন তেনেদৰে সমগ্ৰ বিশ্বতে একোখন সমাজত বিভিন্ন জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে গঠন হয়৷ আৰু যদি সমাজৰ একোটা সম্প্ৰদায় বা ধৰ্মালম্বী বা ভাষীক লোক বিপদত পৰে বা থানবান হ’বলৈ ষড়যন্ত্ৰ কৰা হয় তেনেহ’লে ইহঁতৰ লগতে সমগ্ৰ সমাজ কম্পিত হয় যিদৰে একোটা ঘৰৰ খুঁটা ভাঙিবলৈ প্ৰচেষ্টা কৰিলে ঘৰটো কম্পিত হয় বা ভাঙিবলৈ আৰম্ভ হয়৷ হিন্দু সম্প্ৰদায়ৰ প্ৰতি অন্যায় অবিচাৰ হ’লে মুছলিম বা আনসকলে বেলেগৰ সমস্যা বুলি অৱহেলা বা সংকীৰ্ণ আৰু নিঃকৃষ্ট মানসিকতাৰ পৰিচয় দি তৃপ্তি অনুভৱ কৰো; একেদৰে মুছলিম সম্প্ৰদায়ৰ প্ৰতি অন্যায় অবিচাৰ হ’লে একে মানসিকতাৰ পৰিচয় দিওঁ, একেদৰে বড়োলেণ্ডত সংঘৰ্ষত মৃত্যু হোৱাসকলৰপ্ৰতি আমি একেদৰে মানসিকতাৰ পৰিচয় দি নিজকে পৃথক কৰি ৰখিছিলোঁ, নেলীৰ দিন দুপৰত প্ৰায় পোন্ধৰ শ লোকক হত্যা কৰোঁতে, হিন্দু বেঙ্গুলী, বিহাৰী আৰু মাৰো¸ৱাৰী সম্প্ৰদায়ক অত্যাচাৰ আৰু হত্যা কৰোঁতেও আমাৰ প্ৰতিক্ৰিয়া একেধৰণৰ৷ এনে মানসিকতাই ভয়ঙ্কৰ ৰূপলৈ দিনে দিনে অসমীয়া সমাজখন গ্ৰাস কৰি দিনে দিনে বৃহৎ অসমীয়া জাতি ভাঙোনমুখী হৈ সংকীৰ্ণ পৰ্যায়লৈ গৈ স্বয়ং অসমতে অসমীয়া সমাজ ক্ৰমান্বয়ে এলাগী হৈ পৰিছে, আৰু ষড়যন্ত্ৰৰ দ্বাৰা অসমীয়া জাতিৰ অতি কম সময়ৰ ভিতৰতে গ্ৰাস কৰি অসমক বিভিন্ন উপ-জাতি, গোষ্ঠী আৰু বহিৰাগত জাতিৰ সংস্কৃতিৰ মাজতে আবদ্ধ কৰাৰ কিন্তু পৰিকল্পনা আৰম্ভ হৈছে৷ বৰ্তমান অসমৰ বিভিন্ন ভাষিক সম্প্ৰদায়, গোষ্ঠী, ধৰ্মাৱলম্বীৰ মাজৰ সংঘাতে তাৰে এক অস্থিৰ প্ৰতিচ্চবি প্ৰতিফলিত কৰিছে৷ একেদৰে চৰ-চাপৰিত কেইবাহাজাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ অসমীয়া সকলক কৰ’ণাৰ মহামাৰী সময়ত তাকো লক’ডাউন চলি থকা আৰু বানপানীৰ সময়ত কণ কণ শিশু, কেঁচুৱা, বৃদ্ধ, গৰ্ভৱতী, পৰীক্ষা চলি থকা ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি অমানৱীয় আৰু মানৱ অধিকাৰ ভংগ কৰি এদিনৰ ভিতৰত জাননী দি দিন দুপৰতে চল্লিশ-পঞ্চাশ বছৰ পুৰিণ ঘৰ-দুৱাৰ-বাৰী আদি নিমিষতে বিলীন কৰি আমি সকলোৱে হৰ্ষউল্লাস কৰিছোঁ৷ উজনিৰ অসমৰ আৰু বৰাক উপত্যকাৰ মুছলিমখিনিয়ে ভাবিছোঁ নামনি অসমৰ মুছলমি সম্প্ৰদায়ক উচ্ছেদ কৰিছে আমাৰ কিডালনো হ’ল? অন্য সম্প্ৰদায়ৰ মানুহে ভাবিছো বেলেগ সম্প্ৰদায়, আমাৰ কিডালনো হ’ল? এনেদৰে ভাবি থাকোঁতে একে বিষম আমাৰ নিজৰ ক্ষেত্ৰত হোৱাতহে আমি হুৱা-দুৱাখন লগাওঁ৷ যেতিয়া আমি আমাৰ সম্প্ৰদায়ৰ মাজত মিলাপ্ৰিতি থাকিবলৈ নিম্নতম চৰিত্ৰ নাথাকে তেন্তে সমাজত থকা বিভিন্ন সম্প্ৰদায়ৰ সমাজত কেনেকৈ একেডাল ডোলেৰে বন্ধ খাই থকাৰ চৰিত্ৰ থাকিব?
অসমৰ এক কোটি সাত লাখ৷ বৰ্তমান প্ৰায় এক কোটি বিশ লাখ মান মুছলিম জনসংখ্যা থকাৰ পাছতো [মুঠ জনসংখ্যাৰ ৩৪.২২ শতাংশ] যি ৰাজ্যৰ মুঠ ১২৬ বিধানসভা সমষ্টিৰ ভিতৰত প্ৰায় পঞ্চাশখন আসনত মুছলিম সম্প্ৰদায় সংখ্যাগৰিষ্ঠ বা জিকাব পৰা পূৰ্ণ সামৰ্থ থকাৰ পাছতো নিজৰ অশিক্ষিত, সংকীৰ্ণ, এলেহুৱা, আধুনিক সমাজ-ব্যৱস্থাৰ লগত একাত্ম হ’ব নোৱাৰা মানসিকতাৰ বাবে নিজৰ মানৱ সম্পদৰ মূল্য বুজি উঠা নাই৷ যাৰ বাবে ৰাজনৈতিক দলসমূহে মাত্ৰ ভোটৰ স্বাৰ্থত নিজৰ দৰে ব্যৱহাৰ কৰি মৃত্যুমুখলৈ গঁতিয়াই দিয়ে৷ যদি একগোট হৈ পৰিকল্পনাৰ মতে শক্তিশালী ৰূপত নিৰ্দিষ্ট মানৱ সম্পদৰ মূল্য নিৰ্ধাৰণ কৰি চৰকাৰ লগত চুক্তি কৰিব পাৰিলেহে এই পাছপৰা অশিক্ষিত, দুৰ্বল সম্প্ৰদায়ৰ কিছু বিকাশ হ’ব৷ একোখন সমাজৰ বিভিন্ন দিশৰ বিকাশৰ বাবে সময়ে সময়ে বিভিন্ন জাতীয় সংগঠনৰ আৱিৰ্ভাব হয়৷ একেদৰে অসমৰ মুছলিম সম্প্ৰদায়ৰ বহুকেইটা সংগঠন আছে, কিন্তু প্ৰায়বোৰৰ স্থিতি দুৰ্বল আৰু চৰকাৰে গুৰুত্ব প্ৰদান নকৰে, কাৰণ বিভিন্ন সংগঠন, সমিতিৰ মাজত মিলাপ্ৰীতি নাই, অধ্যয়ন নাই, দূৰদৃষ্টি নহয়৷ নিজৰ ব্যক্তিগত চাহিদাৰ বাবে মাত্ৰ দল-সংগঠন খুলি সস্তীয়া বজাৰ চলাই আছে৷ যাৰ বাবে মানৱ সম্পদ থকাৰ পাছতো লক্ষ্যহীন, উদ্দেশ্যহীন, পৰিকল্পনাহীন সম্প্ৰদায়টোক কোনে গুৰুত্ব দিব? যিসকল উচ্ছশিক্ষিত, ধনীশ্ৰেণী, উচ্ছ পদবীত অধিস্থিত লোকসকলেও নিজৰ পৰিয়ালৰ বাহিৰে বেলেগৰ কথা চিন্তা কৰিবলৈ আহৰি নাই৷ আমি নামতহে মুছলমান বা গৰু খোৱা মুছলিমহে, ইছলাম ধৰ্মৰ নীতি-নিয়ম পঞ্চাশ শতাংশও অনুসৰণ কৰিব পৰা হ’লেও আজিৰ দৰে অসমীয়া মুছলিমখিনিৰ অৱস্থান ৰাস্তাত মৰি থকা কুকুৰ- মেকুৰীৰ দৰে ইতৰ প্ৰাণীৰ দৰে নহ’লহেঁতেন৷ মুছলিমৰ নামত বজাৰ চলাই থকা দল-সংগঠন, সমিতিবোৰেও ইছলাম ধৰ্মৰ নীতি-নিয়ম মানি চলে জানো৷ লোকে বেয়া পাব, বা অধ্যয়নৰ অভাৱত, মূৰ্খতাৰ উল্লাসত প্ৰয়োজনীয় জ্ঞান অৰ্জন নকৰিয়ে মূৰ্খৰ দৰে হুলস্থূল কৰি থকা বাবে দিনে দিনে এটা নিঃকিন সম্প্ৰদায়লৈ গমন কৰি আনৰ পৰা সহানুভূতি বা সমৰ্থন পাবলৈ সক্ষম হোৱা নাই৷ যাৰ বাবে ভোটৰ স্বাৰ্থত এইসকলক কম মূল্যত কিনি বিভিন্ন ৰাজনৈতিক দলে, বিভিন্ন সাম্প্ৰদায়িক সংগঠন প্ৰায় সত্তৰখন আসনৰলৈকে বিধানসভাত প্ৰভাৱ পেলোৱাৰ সমৰ্থ থকাৰ পাছতো বিভাজিত কৰি এই সম্প্ৰদায়ৰ ভোটৰ মূল্য দিনে দিনে হ্ৰাস পাইছে, যাৰ বাবে এতিয়া যিকোনো সময়ত যিকোনো কঠোৰ আইন এই সম্প্ৰদায়ক লক্ষ্য কৰি অনায়সে আইন প্ৰণয়ন কৰিব পৰা হৈছে৷ দিনে দিনে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হৈছে যেনিবা এই সম্প্ৰদায়টো কোনোবাটো ৰাস্তাত পৰি থকা কুকুৰ-মেকুৰীতকৈ উচ্ছস্তৰৰ নহয়৷ দিনে দিনে অপ্ৰাসংগিকভাৱে কিছুমান সাম্প্ৰদায়িক সংগঠন আৰু ব্যক্তিসকলে এই সম্প্ৰদায়ক লক্ষ্য কৰি তুচ্ছ-তাচ্ছিল্য কৰি থাকিলেও ইহঁতৰ বিৰুদ্ধে মাত মতা দল-সংগঠন বা বুদ্ধিজীৱী নাই, লগতে প্ৰশাসনৰ পৰাও কোনোধৰণৰ পদক্ষেপ লোৱা দেখা নাই, বৰঞ্চ প্ৰতিযোগিতাহে হৈছে, যিয়ে যিমান আক্ৰমণ কৰিব সিয়ে সমাজত বা ৰজাঘৰত সিমান ডাঙৰ আসন দিয়া হয়৷ আমাৰ শিক্ষিত মূৰ্খ মুছলিমসকলে নিজৰ দায়বদ্ধতা আনলৈ ঠেলি ঠেলি বা নিজৰ তথাকথিত পদমৰ্যাদা বৰ্তাই ৰাখিবলৈ বা সুবিধাবাদী চৰিত্ৰ ৰূপায়ণ কৰি থাকোঁতে পানী উঠি নিজৰ মূৰৰ ওপৰ পাইছেহি ধৰিবই পৰা নাই! আৰু অশিক্ষিত মুছলিমসকলে এলেহুৱা স্বভাৱৰ বাবে ভাবে নামাজ পঢ়ি দোৱা কৰিলে মাত্ৰ চব নিজেই নিজেই ঠিক হৈ যাব বুলি, এনে হোৱা হ’লে ধৰ্মগুৰু, নবী কৰিম হজৰত মোহম্মদ [ছঃ] য়ে সমগ্ৰ জীৱন কঠোৰ ব্যৱহাৰিক ৰূপত জীৱন-যাপন নকৰিলে হয়৷ অসমীয়া মুছলিম সমাজ উজনি অসম, নামনি অসম আৰু বৰাক উপত্যকা এই তিনিটা ভাগত ভিন্ন ধৰণে বিভাজিত হৈ দুৰ্বল হৈ আছে৷ উজনিৰ অসমৰ মুছলিমখিনিয়ে ভাবোঁ নামনি বা বৰাকৰ মানুহখিনি বাংলা মূলৰ, নামনিখিনিৰ ৰাজনৈতিক ক্ষমতা বেছি থকাৰ বাবে উজনিৰ মুছলিমক গুৰুত্ব প্ৰদান নকৰে, যোগাযোগ আৰু পৰিৱেশ আৰু ভাষাৰ বাবে বৰাকৰ মুছলমানৰ লগত উজনিৰখিনিয়ে সংপৃক্ত হ’ব পৰা নাই বা নামনিৰখিনিৰ লগত৷ এনেদৰে সৰু সৰু কথাত বিভাজিত হৈ থকা বাবে আজিৰ অসমীয়া মুছলিম সম্প্ৰদায় অসমীয়া জাতিৰ বাবে বোজা হৈ পৰিছে৷ সকলো দিশলৈ লক্ষ্য ৰাখি এতিয়া যদি সকলো এক নহয় তেতিয়া অসমীয়া জাতিৰ এই ৩৪.২২ণ সম্প্ৰদায়টোৰ বাবে সমগ্ৰ অসমীয়া জাতিটো দুৰ্বল হৈ পৰিব৷
যাৰ সুবাদত বিভিন্ন সাম্প্ৰদায়িক সংগঠন আৰু ৰাজনৈতিক দলবোৰে এই সম্প্ৰদায়ৰ দল- সংগঠনবোৰৰ দ্বাৰা সহজ-সৰল মুছলিমসকলক বিপথে পৰিচালিত কৰি নিজ মানৱ সম্পদৰ মূল্য আৰু অস্তিত্বৰ বিষয়ে পাহৰাই ৰাখিবলৈ প্ৰচেষ্টা কৰিছে৷
[বহুকেইখন প্ৰাসংগিক গৱেষণা পুথি, ইতিহাসৰ পুথি, চৰকাৰী তথ্য আৰু দলিলৰ সহায় লৈ৷]

LEAVE A REPLY

Please enter your comment!
Please enter your name here