Home Main Stories ইছলামৰ দৃষ্টিত মহামাৰী : কৰণীয় আৰু বৰ্জনীয়

ইছলামৰ দৃষ্টিত মহামাৰী : কৰণীয় আৰু বৰ্জনীয়

39
0

✍️ মৌলানা মুস্তাক আহমদ আনফৰ

বিশ্ব নিয়ন্তা মহান আল্লাহে নিৰ্ধাৰণ কৰা বিধিনুযায়ী প্ৰকৃতিৰ প্ৰতিক্ৰিয়া নবী তথা অলী সকলে অনুভৱ কৰাৰ লগতে এজন সাধাৰণ লোকেও অনুভৱ কৰিব পাৰে । সেয়ে যেতিয়া বিশ্বত কোনো মহামাৰীয়ে ব্যাপক ৰূপ ধাৰণ কৰে, তেতিয়া সেইটোৱে মহাপুৰুষ নবী, অলী, ৰজা-প্ৰজা, ধনী-দুখীয়াকে আদি কৰি বাছ-বিচাৰ নকৰাকৈ সকলোকে সাঙুৰি লয় । গতিকে এই কথা ভৱা যে  মই এজন ভাল আৰু সত মানুহ, মোৰ মাজত তাকৱা আৰু আল্লাহৰ ওপৰত ভৰষা ও বিশ্বাস অতি দৃঢ় । সেয়ে মই এনে মাৰাত্মক মহামাৰীত আক্ৰান্ত নহওঁ । এয়া দৰাচলতে মহান আল্লাহৰ বিধি নুবুজা বা কম বুজাৰ প্ৰতিফল ।

    বৰ্তমান ক’ৰোনা নামৰ যি মহামাৰীয়ে গোটেই বিশ্বক গ্ৰাস কৰি লৈছে আৰু যাৰ বাবে বিশ্ববাসী আতংকত ভুগি আছে, ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ইছলামে আমাক কি শিক্ষা দিছে বা কোন বাটে চলিবলৈ কৈছে বা কোন পন্থা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে ?

    সৰ্বজনবিদিত যে, ব্যক্তিগত জীৱনৰ পৰা আৰম্ভ কৰি সামাজিক জীৱনৰ সকলো দিশকে সামৰি মহানবী মুহাম্মদ (ছঃ) য়ে নীতি-নিৰ্দেশনা ব্যক্ত কৰি গৈছে । পৱিত্ৰ কোৰআনত বুনিয়াদী নীতি-মালা উল্লেখ কৰা হৈছে আৰু আল্লাহৰ নবী (ছঃ) য়ে নিজৰ কথা, কৰ্ম আৰু উত্তম চৰিত্ৰৰ দ্বাৰা তাৰ স্পষ্ট ব্যাখ্যা কৰি গৈছে । এই নীতি-নিৰ্দেশনাৰ ওপৰত আমল কৰি কিয়ামত পৰ্যন্ত পৃথিৱীলৈ আহিব লগীয়া মানৱ জাতীৰ বাবে আদৰ্শ এৰি গৈছে । তাৰ ভিতৰতে মহামাৰী সম্পৰ্কে প্ৰদান কৰি যোৱা নিয়মাৱলী অন্তৰ্ভূক্ত ।

    ১। মহামাৰী (ক’ৰোনা) ৰোগত আক্ৰান্ত ব্যক্তিৰ বাবে জোমআ আৰু জামাতত উপস্থিত হোৱাৰ উপৰি  ঘৰৰ পৰা ওলোৱা ও বৈধ নহয়, কিয়নো নবী ছল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে- মহামাৰীত আক্ৰান্ত ব্যক্তিক সুস্থ ব্যক্তিৰ কাষত উপস্থিত কৰা নাযাব । (বুখাৰী হাঃ-৫৩২৮, মুছলিম হাঃ-৪১১৭) 

ইমাম নবৱীয়ে ইয়াৰ ব্যাখ্যা কৰি কয়- ইয়াৰ বাবে যদি আল্লাহৰ হুকুমত সুস্থ ব্যক্তি আক্ৰান্ত হৈ যায় তেন্তে সি তাৰ ভাগ্যৰ প্ৰতি বিশ্বাস নকৰি সেই ব্যক্তিক দোষাৰোপ কৰিব, ফলত এওঁৰ ঈমান বিনষ্ট হৈ যাব ।

    ২। যদি তোমালোকে কোনো ঠাইত মহামাৰী বিয়পি পৰাৰ খবৰ পোৱা তেন্তে তোমালোক তালৈ নাযাবা আৰু যদি মহামাৰীয়ে তুমি অৱস্থান কৰা ঠাইত দেখা দিয়ে, তেন্তে সেই ঠাইৰ পৰা পলায়ন নকৰিবা । (বুখাৰী হাঃ-৫২৮৭, মুছলিম হাঃ- ৪১১১) এয়াই হৈছে “ISOLATION” ইয়াক আৰবীত “কাৰানথীনা” অৰ্থাৎ “QUARANTINE” কোৱা হয় । আজিৰ পৰা প্ৰায় ১৫ শ বছৰ পূৰ্বে মহানবী মুহাম্মদ (ছঃ) য়ে মহামাৰীয়ে দেখা দিলে আমি কৰিব লগীয়া বুনীয়াদী নীতি-মালা আৰু বৈজ্ঞানিক দৃষ্টিভংগী অতি স্পষ্টভাৱে বৰ্ণনা কৰি গৈছে ।

    উল্লেখ্য যে, ছাহাবা সকলৰ যুগতো এনে মহামাৰীয়ে দেখা দিছিল আৰু বহুতো উচ্চ পৰ্যায়ৰ ছাহাবাই মৃত্যুবৰণ কৰিছিল । উমৰ (ৰাঃ) খলিফা হৈ থকা সময়ত ছিৰিয়া দেশত “আমৱাছ” নামৰ মহামৰীয়ে দেখা দিছিল । সেই সময়ত মুছলিম সৈন্য বাহিনীৰ সেনাপতি আছিল  আবু উবাইদা ইৱনুল জাৰৰাহ (ৰাঃ) তেখেতে এই মহামাৰীত মৃত্যুবৰণ কৰে । ঠিক তেনেদৰে মুআজ বিন জবল আৰু তেখেতৰ পত্নী আৰু দুজন পুত্ৰ এই ৰোগত ছহীদ হৈছিল । উক্ত মহামাৰীত প্ৰায় ২৫ হেজাৰ লোক আক্ৰান্ত হৈছিল । তেওঁলোকৰ ভিতৰত বহু সংখ্যক ছাহাবা আৰু তাবিয়ী আছিল । আমাৰ উপদেশৰ কাৰণে এই ঘটনাবোৰ সঠিক পথ অৱলম্বনৰ দলীল স্বৰূপ । আবু উবাইদা ইবনুল জাৰৰাহ (ৰাঃ) আৰু মুআজ বিন জবল (ৰাঃ) ৰ ইন্তেকালৰ পিছত যেতিয়া ছিৰিয়া দেশৰ দায়িত্বভাৰ আমৰ ইবনুল আছ (ৰাঃ) ক প্ৰদান কৰা হয়, তেতিয়া তেখেতে এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ সেই অঞ্চলৰ লোকসকলৰ বাবে যি নীতি-নিয়ম বান্ধি দিছিল, সেয়া লক্ষ্য কৰক- মহামাৰী জুইৰ দৰে, যাৰ ইন্ধন হৈছে মানুহ । সেয়ে বলেগ বেলেগ হৈ যোৱা, দূৰত্ব বজায় ৰখা, সমাগম হবলৈ নিদিবা । সাম্প্ৰতিক যোগত ইয়াক “SOCIAL DISTANCING” কোৱা হয় । তেখেতে আৰু কয়- পাহাৰলৈ গৈ অৱস্থান কৰা । যদি এনেকুৱা কৰা জুইৰ ইন্ধন হোৱাৰ পৰা ৰক্ষা পাবা, জুই নুমাই যাব অৰ্থাৎ  এনে কৰিলে যে কেৱল তোমালোকে মহামাৰীৰ পৰা ৰক্ষা পাবা তেনে নহয় বৰঞ্চ এই মহামাৰীহে নাইকীয়া হৈ যাব । 

    হাদিছ শাস্ৰ বিষাৰদ যোগশ্ৰেষ্ঠ মুহাদ্দিছ আল্লামা ইবনে হজৰ আছকালানী (ৰাঃ) য়ে লিখিছে- মহামাৰী বানপানীৰ দৰে । যিয়ে নিজকে বন্যাৰ সোতৰ পৰা বচাই ৰাখিব, তেওঁ ৰক্ষা পাব । লগতে কয়- মহামাৰী জুইৰ দৰেও, দূৰত থকা জনে ৰক্ষা পায় আৰু কাষ চপা জনক জুইয়ে দাহ কৰি নিঃশেষ কৰি পেলাই ।

    ক্ষন্তেক চিন্তা কৰিব লগীয়া কথা যে, মহামাৰীৰ সংহাৰ- ধ্বংস-লীলা আল্লাহৰ নিৰ্ধাৰিত বিধি হে । ইয়াৰ মুকাবিলা কৰাৰ বাবে নাইবা ইয়াক নিয়ন্ত্ৰন কৰাৰ কাৰণে আজিৰ পৰা ১৫ শ বছৰ পূৰ্বে মহা নবী মুহাম্মদ (ছঃ) য়ে শিক্ষা দি যোৱা নিৰ্দেশাৱলী পালন কৰিলে আমি তাৰ পৰা ৰক্ষা পাম ।

    প্ৰাকৃতিক দূৰ্যোগ যেনে মহামাৰী, ভূমিকম্প, ধুমুহা আদি কিয় আমাৰ ওপৰত আহি থাকে ? এই বিষয়ে মহা নবী মুহাম্মদ (ছঃ) য়ে কৈ গৈছে- যেতিয়া মোৰ উম্মতৰ ভিতৰত ১৫ টা কাৰ্য অবাধে প্ৰকাশ পাব, তেতিয়া তেওঁলোকৰ ওপৰত আল্লাহৰ শাস্তি অৱতীৰ্ণ হব যেনে, মদ অধিক পৰিমানে পান কৰা হব, যৌন ব্যবিচাৰ ব্যাপক হব, বাদ্য যন্ত্ৰ প্ৰচুৰ পৰিমানে সংগ্ৰহ কৰা হব, বেপৰ্দেগী,নাচ-গান ব্যাপক হব । (তিৰমিজী)

 অৰ্থাৎ পাপ কাৰ্য ব্যাপক হব, তেতিয়া বিপদ-আপদ যেনে মহামাৰী, ভূমিকম্প আদি ঘনে ঘনে এনে ওপৰা-ওপৰি ভাবে আহিবলৈ ধৰিব যেনেদৰে- মণিৰ মালা চিঙি গলে তাৰ দানাবোৰ লগে লগে সিচৰিত হৈ পৰে ।

কৰণীয় আৰু বৰ্জনীয়

    সাম্প্ৰতিক মহামাৰী “কৰোণা”ৰ পৰা ৰক্ষা পাবলৈ হলে গোটেই বিশ্বৰ মানুহে সকলো পাপ কৰ্ম তথা অবৈধ কাৰ্য বৰ্জন কৰিব লাগিব, লগতে বিশ্বৰ সৃষ্টিকৰ্তা আল্লাহৰ ওচৰত মহামাৰীৰ পৰা মুক্তি লাভৰ কাৰণে প্ৰাৰ্থনা-আবেদন, কাকতি-মিনতি কৰিব লাগে । মহান আল্লাহে কৈছে- আল্লহে যদি তোমাক কোনো বিপদত পতিত কৰে তেনেহলে তেওঁৰ বাহিৰে আন কোনোৱে তাক দূৰিভুত কৰিব নোৱাৰে আৰু তেওঁ যদি তোমাক মঙ্গল কৰে তেনেহলে তেওঁৰ মঙ্গলক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে । তেওঁ তাৰ বান্দা সকলৰ পৰা যাক ইচ্ছা কৰে তাক কল্যান দান কৰে । আৰু তেৱেঁই ক্ষমাশীল, দয়ালু । (ছুৰা ইউনুছ আয়াত ১০৭)

    আনফালে কৰণীয় কাৰ্য হৈছেঃ- 

(১) কৰোণা আক্ৰান্ত ৰোগীৰ পৰা আমি আতৰ হৈ থাকিব লাগে । 

(২) অত্যাৱশ্যক প্ৰয়োজন অবিহনে ঘৰৰ পৰা বাহিৰ হব নালাগে । 

(৩) সমাগমৰ পৰা বাচি থাকিব লাগে । o

(৪) চেনিটাইজাৰ কৰি সৰ্বদা হাত-মূখ ধুই পৰিস্কাৰ-পৰিচ্চন্ন হৈ থাকিব লাগে ।

(৫) সাময়িক ভাবে হাত মিলোৱাৰ পৰা বিৰত থাকিব । 

(৬) চৰকাৰে জাৰী কৰা নিয়ম-নীতি আমি মানি চলিব লাগে । এয়া ইছলামৰ পৰিপন্থী নহয় ।

    সাম্প্ৰতিক ব্যাপক্ত কৰোণা মহামৰীৰ সংহাৰৰ পৰা মহান আল্লাহে বিশ্ববাসীক ৰক্ষা কৰক । 

 লেখক (মৌলানা) মুস্তাক আহমদ আনফৰ এগৰাকী মানৱাতাবাদী নেতা, বিশিষ্ট সমাজ কৰ্মী তথা অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি

LEAVE A REPLY

Please enter your comment!
Please enter your name here