Home Uncategorized নগাঁও জিলাৰ ব্ৰহ্মপুত্ৰৰ চৰাঞ্চলত উচ্ছেদৰ জাননী প্ৰেৰণ কৰা ঠাই ভ্ৰমণ বিভিন্ন দল-...

নগাঁও জিলাৰ ব্ৰহ্মপুত্ৰৰ চৰাঞ্চলত উচ্ছেদৰ জাননী প্ৰেৰণ কৰা ঠাই ভ্ৰমণ বিভিন্ন দল- সংগঠনৰ

353
0

গণ বাৰ্তা, টুকটুকী, ২৩ নৱেম্বৰ : নগাওঁ জিলাৰ উত্তৰে ব্ৰহ্মপুত্ৰৰ চৰাঞ্চলত যুগ যুগ ধৰি আশ্ৰয়হীন লোক সকলে কৃষি শষ্যৰ যোগেদি অসমৰ অৰ্থনীতিত অৰিহণা যোগাই অহাৰ পিছতো, বিকল্প কোনো আঁচনি নথকা সত্বেও অসম চৰকাৰে উচ্ছেদৰ জাননী প্ৰেৰণ কৰাত প্ৰৱল বিৰোধিতা প্ৰকাশ কৰে অসম মজুৰি শ্ৰমিক ইউনিয়ন, আৰ্মকা, সংখ্যলঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচন, কৃষক শ্ৰমিক সন্থা, সদৌ অসম খেতিয়ক সন্থা আৰু ঝাৰখণ্ডী আদিবাসী সংগ্ৰাম পযিষদৰ প্ৰতিনিধিৰ দলে৷ দেওবাৰে সংখ্যলঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত সৰ্বভাৰতীয় কৃষাণ মজদূৰ শ্ৰমিক ইউনিয়ন আৰু কৃষক শ্ৰমিক সন্থাৰ সহযোগত কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ দলে চৰাঞ্চল ভ্ৰমণ কৰি ইতিমধ্যে জাননী পাই কিছু লোকে চৰাঞ্চল ত্যাগ কৰা দৃশ্য চাই আৱেগিক হৈ পৰে৷ যি সময়ত মূল্য বৃদ্ধিয়ে আকাশলংঘী ৰূপ ধাৰণ কৰিছে, কেঁচা শাক পাচলিৰ বজাৰত জুই ছাই দাম হৈছে সেই সময়ত কৃষি বি›ৱেৰে নদন বদন কৰি ৰখা দেশৰ কৃষকক উচ্ছেদৰ নামত শাৰাশাস্তি কৰা কাৰ্যই ভয়ংকৰ তাৎপৰ্য বহন কৰিছে৷ নগাওঁ আৰু মৰিগাঁও জিলাৰ উত্তৰাঞ্চল ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰ হোৱাৰ বাবেই জিলা সীমা নিৰ্ধাৰণৰ ঐতিহাসিক বেমেজালিৰ বাবে এই অঞ্চল সমূহ শোণিতপুৰ আৰু দৰং জিলাৰ সীমাত অন্তৰ্ভুক্ত হোৱাত প্ৰায় অৰ্ধ শতাধিক বছৰৰো অধিক কাল বসতি স্থাপন কৰাৰ পিছতো লাভ কৰা নাই মাটিৰ পট্টা৷ প্ৰতিনিধিৰ দলে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত চৰাঞ্চল সমূহ ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজলৈ অসম মজুৰি শ্ৰমিক ইউনিয়নৰ সভাপতি বিপুল হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয় যে ‘‘দেশৰ নাগৰিক সেই দেশত বেদখলকাৰী হয় কেনেকৈ? অসমৰ ভূমি সন্তানক বাদ দি সকলো লোকেই এসময়ত দখল কৰিয়েই সেই ভূমিৰ পট্টা লাভ কৰিছিল৷ আজি চৰকাৰৰ হাতত কোনো জমা ধন নথকাত কৃষকৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে৷ আমি প্ৰয়োজনত ইয়াৰ বিৰুদ্ধে বিশাল প্ৰতিৰোধী সংগ্ৰাম গঢ়ি তুলিম৷’’ তেওঁ আৰু কয় যে ‘‘ এয়া চৰকাৰৰ অকল মুছলমানৰ ওপৰত হোৱা অত্যাচাৰ নহয়৷ নগাওঁ জিলাৰ মিকিৰ বামুনি গ্ৰাণ্টত উচ্ছেদ কৰিছে ৷ এতিয়াও উজনি অসমৰ বহু ঠাইত চৰকাৰে মনে মনে উচ্ছেদৰ পৰিকল্পনা প্ৰস্তুত কৰি আছে৷ ধিং অঞ্চলৰ জাননী দুৰ্বল জেগাত আঘাত হে মাথোঁ কৃষকৰ উপৰত লাহে লাহে চৰকাৰে যি চক্ৰান্ত কৰাৰ সূচনা কৰিছে ইয়াক আমি সকলো অসমৰ কৃষক ৰাইজে ঐক্যবদ্ধ হৈ প্ৰতিৰোধ গঢ়ি তুলিম৷’’ ইপিনে নলবাৰী সদৰৰ চিপিআই এম এলৰ প্ৰাক্তন বিধায়ক কমৰেড চন্দ্ৰধৰ কলিতাই কয় যে ‘‘ এই অঞ্চল সমূহ পৰিশ্ৰমী কৃষক সকলে কৃষি বি›ৱেৰে যি নদন বদন কৰি ৰাখিছে তেওঁলোকক উচিত মূল্যৰ লগতে স্থায়ী পট্টাৰ ব্যবস্থাহে চৰকাৰে গ্ৰহণ কৰিব লাগিছিল কিন্তু সেয়া নকৰি আমানৱীয় উচ্ছেদ কৰিব কৰা কাৰ্য সঁচাকৈয়ে বেদনাদায়ক৷ তেওঁলোকৰ যাবলৈ যিহেতু আৰু কোনো জেগাই নাই গতিকে গণতান্ত্ৰিক প্ৰতিবাদী আন্দোলন গঢ়ি তুলিবই লাগিব৷’’ লগতে আৰ্মকাৰ সভাপতি কৃষ্ণ গগৈয়ে কয় যে ‘‘ আমি আহোম সকলেও দঃপূ এচিয়াৰ পৰা আহিছিলোঁ আৰু অসমৰ মাটিত স্বত্ব সাব্যস্ত কৰিয়েই বসতি স্থাপন কৰিছিলোঁ৷ চৰকাৰে বহুদিন পিছতহে পট্টা বোলা বস্তুটোৰ ব্যৱস্থা কৰিছিল কিন্ত আজিতো আমি সকলো অধিকাৰ উপভোগ কৰোঁ/৷ গতিকে চৰাঞ্চলত চৰকাৰে যদি কিবা আঁচনি গ্ৰহণ কৰিব বিচাৰে তেন্তে এই লোক সকলক আগতে পট্টা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰি পিছত উচ্ছেদ কৰক৷’’ঝাৰখণ্ডী আদিবাসী সংগ্ৰাম পৰিষদৰ সভাপতি ৰবচন মুণ্ডাই সৎগ্ৰামৰ পথাৰত আদিবাসী -অভিবাসী মহামিলনৰ আহ৩ান জনায়৷৪৪বজৰ জুৰি প্ৰকাশ পাইথকা বি›ৱী আলোচনী ‘‘শ্ৰেণীসংগ্ৰাম’’ৰ ৪৪ বছৰ দ্বিতীয় সংখ্যা অৰ্ধ শতাধিক সংগ্ৰামীয়ে উন্মোচন কৰাৰ পাচত পত্ৰিকাখনৰ প্ৰতিনিধি দেৱশৰ্মাই কয়ঃ ‘‘এই সাম্প্ৰদায়িক কৃষক উচ্ছেদ বিৰোধী সংগ্ৰামখন আজিৰ তাৰিখত অসমৰ শ্ৰেণীসংগ্ৰামৰ আশু কাৰ্যসূচী/উল্লেখ্য যে উচ্ছেদৰ জাননী পোৱাৰ পিছতেই ইতিমধ্যে বহুলোকে চৰাঞ্চল ত্যাগ কৰি আশ্ৰয় হীন হৈ পৰিছে৷প্ৰতিনিধি দলটোত অসম মজুৰি শ্ৰমিক ইউনিয়নৰ সভাপতি বিপুল হাজৰিকা, আৰ্মকাৰ সভাপতি কৃষ্ণ গগৈ, ঝাৰখণ্ডি আদিবাসী সংগ্ৰাম পৰিষদৰ সভাপতি ৰবচন মুণ্ডা, চি পি আই এম এলৰ নলবাৰী সদৰৰ প্ৰাক্তন বিধায়ক চন্দ্ৰধৰ কলিতা, আদিবাসী মাতৃভাষা দাবী সমিতিৰ মুখ্য আহ৩ায়ক কিৰণময় তাঁতী সদৌ অসম খেতিয়ক সন্থাৰ হাচিম আলী আৰু কেশৱ বৰ্মন, কৃষক শ্ৰমিক সন্থাৰ মুখ্য উপদেষ্টা মুস্তাফা ছালিম আহমেদ, সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচনৰ সম্পাদক আছাদুল হক চৌধুৰী, সহ সম্পাদক নজমুল হুছেইন, ধিং দুৰ্নীতি বিৰোধী মঞ্চৰ উপদেষ্টা কমৰেড ৰঞ্জন খণ্ডকাৰ, সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাওঁ জিলা সভাপতি অধিবক্তা হাৰুণ আল ৰশ্বিদ, অসম মজুৰি শ্ৰমিক ইউনিয়নৰ গোলাঘাট জিলাৰ উপসভাপতি ভূপেন ফুকন, নগাওঁ জিলা আহ৩ায়ক আবু শ্বৰীফকে আদিকৰি বিভিন্ন সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে৷প্ৰতিনিধি দলৰ এই ভ্ৰমণে ৰাজ্যজুৰি উচ্ছেদৰ বলি হ’বলৈ ওলোৱা সংখ্যালঘু-আদিবাসী-জনজাতিকে ধৰি দলিত-নিপীড়িত- উপান্ত কৃষকক নতুন আশাৰে উদ্দীপ্ত কৰি তুলিছে/

LEAVE A REPLY

Please enter your comment!
Please enter your name here