Home Recommended মানৱতাৰ উৎকৃষ্ট নিদৰ্শনৰে পদপথত পৰি থকা ৰুগীয়া ব্যক্তিক সহায়ঃ চিকিৎসা প্ৰদান কৰি...

মানৱতাৰ উৎকৃষ্ট নিদৰ্শনৰে পদপথত পৰি থকা ৰুগীয়া ব্যক্তিক সহায়ঃ চিকিৎসা প্ৰদান কৰি চমজাই দিলে পৰিয়ালক

112
0

গণবাৰ্তা দেৰগাঁও, ২৬ মেঃ যিসময়ত সামাজিক মাধ্যম ৰাজনৈতিক চিন্তা চৰ্চা, বিভ্ৰান্তি মুলক সম্প্ৰচাৰ, অপৰাধ সংঘটিত কৰিবলৈ ব্যৱহাৰ কৰি অহাৰ বাবে বিতৰ্কিত হৈ পৰিছে। সেই সময়ত এজন সচেতন যুৱকৰ এটা ফেচবুক পোষ্টতে সলনি কৰিলে এক অনিশ্চয়তা পৰিস্থিতিত পৰিণত হোৱা জীৱন। এটা ফেচবুক পোষ্টৰ আলম লৈ পদপথৰ ৰোগীয়া এজন লোকৰ কাষত থিয় দিলে সাংবাদিক, ছাত্ৰ সন্থা বিষয়ববীয়া আৰু সমাজকৰ্মী। বিগত কেইবাদিন ধৰি তিতাবৰৰ ৰাজপথৰ কাষত পৰি আছিল এজন ৰোগীয়া ব্যক্তি। দিনে-নিশাই ,ৰদে বৰষুণে পথৰ কাষত পৰি ৰৈছিল ৰোগীয়া অচিনাক্ত লোকজন।বিষয়টো অবগত হৈ মানবীয়তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি তিতাবৰ গ্ৰাম্য সাংবাদিক সন্থা, তিতাবৰ মহকুমা প্ৰশাসন, তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু তিতাবৰ মুকবধিৰ প্ৰতিবন্ধী বিদ্যালয়ৰ বিষয়ববীয়াই লোকজনক উদ্ধাৰ কৰি, গা ধুৱাই,  কাপোৰ কানি পিন্ধাই এম্বুলেঞ্চৰে তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ গৈ চিকিৎসা প্ৰদান কৰাৰ লগতে অপৰিচিত লোকজনৰ সন্ধান বিচাৰি সাংবাদিক সকলে এটা বাতৰি পৰিবেশন কৰে। এই ঘটনাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাছতেই সন্ধান পোৱা গ’ল লোকজনৰ পৰিয়ালৰ। লোকজন গোলাঘাট জিলাৰ খুমটাই মিছামৰা বাহৰুৱা গাঁৱৰ জিতু নেওগ বুলি পৰিচয় পোৱা যায়। ইয়াৰ পাছতেই তিতাবৰ গ্ৰাম্য সাংবাদিক সন্থা, তিতাবৰ  আঞ্চলিক ছাত্ৰ সন্থা, তিতাবৰ মুকবধিৰ প্ৰতিবন্ধী বিদ্যালয়ৰ বিষয় ববীয়াৰ সহযোগত এটা দলে ৰোগীয়া ব্যক্তি জনক পৰিয়ালৰ লোকক চমজাই দিয়ে। সন্ধানহীন পুত্ৰক কাষতে পাই বৃদ্ধ ৰোগীয়া পিতৃ মাতৃৰ শোকত নিগৰিল চকুলো। তিতাবৰৰ পৰা লোকজনক লৈ অহা সাংবাদিক, ছাত্ৰ সন্থা আৰু সমাজকৰ্মীক এক আৱেগিক পৰিবেশৰ মাজত গামোচাৰে সম্বৰ্ধনা জনাই কৃতজ্ঞতা জ্ঞাপন কৰে  লোকজনৰ পৰিয়ালৰ লোকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here