Home Main Stories মূৰে -কপালে হাত দিছে খেতিয়কে :পূৰ্বৰ তুলনাত হ্ৰাস পাইছে ধানৰ খেতি, খৰাঙৰ...

মূৰে -কপালে হাত দিছে খেতিয়কে :পূৰ্বৰ তুলনাত হ্ৰাস পাইছে ধানৰ খেতি, খৰাঙৰ কবলত ৰাজ্যৰ কৃষিপথাৰ , হাজাৰ হাজাৰ বিঘা ধানৰ পথাৰত ফাঁট

174
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২২ আগষ্ট ঃ
প্ৰলয়ংকৰী বানৰ পিছত এইবাৰ ৰাজ্যৰ কৃষিপথাৰ খৰাঙৰ কবলত৷ ঠাইবিশেষে এতিয়া খৰাঙৰ কালৰূপ৷ ইয়াৰ ফলত শালিধানৰ খেতিপথাৰ অধিক হাৰ প্ৰভাৱিত হৈছে৷ বহু কৃষিপথাৰত পানীৰ অভাৱত কৃষকে ধানৰ খেতি কৰিব নোৱাৰিলে৷ আগতীয়া বানে ৰাজ্যৰ কৃষিপথাৰত বিস্তৰ ক্ষতি কৰাৰ পিছত খেতিৰ উপযুক্ত সময়ত বৰষুণ নোহোৱাৰ ফলত কৃষকে নিজৰ খেতিপথাৰত এইবেলি ধানৰ খেতি কৰিব নোৱাৰিলে৷ যিসমূহ খেতিপথাৰত কৃষকে অধিক কষ্টৰে ধানৰ খেতি কৰিছিল, সেইসমূহ পথাৰত এতিয়া ছিঁৰাল ফাট৷ ৰাজ্যৰ কৃষিপথাৰসমূহ আজিকোপতি জলসিঞ্চনৰ পৰ্যাপ্ত সুবিধা নোহোৱাৰ ফলত কৃষকসকলে প্ৰতিবছৰে এনেধৰণৰ সংকটৰ মুখামুখি হ’বলগীয়া হৈছে৷ জলবায়ু পৰিৱৰ্তনে ভয়াৱহ ৰূপধাৰণ কৰাৰ ফলতেই শস্যশ্যামলা অসমৰ কৃষিপথাৰত এতিয়া ছিঁৰাল ফাট৷ নামনি অসম, মধ্য অসম আৰু উজনিৰ কিছু জিলা এতিয়া খৰাঙৰ কবলত৷ যিসময়ত যিসময়ত ধাননি পথাৰসমূহ সেউজীয়া হৈ পৰিব লাগিছিল সেই সময়ত এতিয়া ধাননি পথাৰসমূহ দেইপুৰি গৈছে৷ নগাঁৱৰ গ্ৰামাঞ্চলৰ পথাৰসমূহত এতিয়া ছিঁৰাল ফাট৷ শালিধানৰ খেতি কৰিব নোৱাৰি এতিয়া কৃষকসকলে হাহাকাৰ কৰিবলগীয়া হৈছে৷ খেতিপথাৰত এটুপি পানীৰ বাবে এতিয়া দুৰ্ভগীয়া খেতিয়কসকলে হাহাকাৰ কৰিবলগীয়া হৈছে৷ যিহেতু ৰাজ্যৰ অধিকসংখ্যক কৃষিপথাৰত জলসিঞ্চনৰ সুবিধা নাই, এনেস্থলত খেতিয়কসকল প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ হৈ ৰৈছে৷ কিন্তু এইবাৰ প্ৰকৃতিৰ ৰুষ্ট ৰূপত খেতিয়কসকলে হাহাকাৰ কৰিবলগীয়া হৈছে৷ বেংকৰ ঋণকে ধৰি বিভিন্ন সঞ্চয় অথবা মাইক্ৰ’ফাইনেন্সৰ পৰা ঋণ লৈ যিসকল কৃষকে খেতি কৰিছিল, সেইসকলৰ অৱস্থা এতিয়া পানী হাঁহ নচৰাৰ লেখীয়া হৈছে৷ উল্লেখ্য যে প্ৰলয়ংকৰী বানত ৰাজ্যৰ বৃহৎসংখ্যক কৃষিপথাৰ প্ৰভাৱিত হৈছিল৷ বানৰ কবলৰ পৰা ৰক্ষা পোৱা খেতিপথাৰসমূহত কৃষকসকলে দিনে-নিশাই কষ্ট কৰি মূৰৰ ঘাম মাটিত পেলাই ধান খেতি কৰে, সেই খেতিপথাৰ এতিয়া খৰাঙৰ কবলত৷ ৰাজ্যৰ সকলো দিশতেই এতিয়া কৃষকসকলৰ বিলাই-বিপত্তি নোহোৱা হৈছে৷ ইতিমধ্যে ৰাজ্যত এইবাৰ ধানৰ খেতি হ্ৰাস পাইছে৷ এনেস্থলত যিসমূহ পথাৰত খেতি হয়, সেইসমূহো এতিয়া প্ৰকৃতিৰ ৰুষ্ট ৰূপত৷ এইবাৰ দেশৰ ১৭খন ৰাজ্যত ধানৰ খেতি হ্ৰাস পাইছে৷ ইয়াৰে এখন অসম৷ অসমসহ পশ্চিম বংগ, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, তেলেংগানা, ওড়িশা, ছত্তিশগড়, ত্ৰিপুৰা, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, মেঘালয়, হাৰিয়ানা, মিজোৰাম, উত্তৰাখণ্ড, জম্মু-কাশ্মীৰ আৰু ছিকিমত এইবাৰ ধানৰ খেতি হ্ৰাস পাইছে৷ বিগত বৰ্ষৰ তুলনাত সমগ্ৰ দেশতেই এইবাৰ ধানৰ খেতি অভাৱনীয় হাৰত হ্ৰাস পাইছে৷ চলিত বৰ্ষত বিগত বৰ্ষৰ তুলনাত ধানৰ খেতি ১৩.২৭ শতাংশ হ্ৰাস পাইছে৷ কৃষি মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২২১ ২৯ জুলাইপৰ্যন্ত ২৩১.প্ত লাখ হেক্টৰ কৃষি ভূমিত ধানৰ খেতি কৰে৷ ২০২১ৰ তুলনাত চলিত বৰ্ষত ৩৫৫ লাখ হেক্টৰ কৃষিভূমিত কমকৈ ধানৰ খেতি কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here