Home Main Stories ইভি এমত বন্দী মাজুলী উপ নিৰ্বাচনৰ তিনি প্ৰাৰ্থীৰ ভাগ্য: ভোটদানৰ হাৰ ৬০শতাংশ

ইভি এমত বন্দী মাজুলী উপ নিৰ্বাচনৰ তিনি প্ৰাৰ্থীৰ ভাগ্য: ভোটদানৰ হাৰ ৬০শতাংশ

313
0


পৰাণজ্যোতি বৰা, মাজুলী, ৭ মাৰ্চ ঃ মাজুলীত আজি উপ-নিৰ্বাচন শান্তিপূৰ্ণভাৱে সামৰণি পৰে৷ ইভি এমত বন্দী মাজুলী উপ-নিৰ্বাচনৰ তিনি প্ৰাৰ্থীৰ ভাগ্য৷ মাজুলী [এছ টি ] বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি পুৱা জ্জ বজাৰ পৰা ক’ভিড বিধিৰ মাজেৰে ভোট গ্ৰহণ অনুষ্ঠিত হয়৷ এই লৈ পুৱা ৬ বজাৰ পৰাই মাজুলীৰ মুঠ ২০৩টা ভোট গ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটাৰসকলে শাৰী পতা পৰিলক্ষিত হয়৷ পুৱাই বিজেপিৰ প্ৰাৰ্থী ভুবন গামে সদৰ গড়মূৰৰ শ্ৰীশ্ৰী নীলকণ্ঠ শিৱ মন্দিৰত সেৱা লয়৷ ইয়াৰ পিছতে প্ৰাৰ্থী গামে মাতৃৰ সমাধিস্থলীত সেৱা লোৱাৰ লগতে ফুটুকীস্থিত স্বগৃহত উপস্থিত হৈ পিতৃৰ চৰণ চুই আশীবাদ লৈ পুৱা জ্জ বজাতে আঠীয়াগুৰি ভোট কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে৷ ইফালে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়েও নীলকণ্ঠ শিৱ মন্দিৰত পুৱাই উপস্থিত হৈ সেৱা লোৱাৰ লগতে গড়মূৰ সত্ৰস্থিত আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰৰ ভোটাৰৰ লগত কথাৰ আদান প্ৰদান কৰি গড়মূৰ সত্ৰত সেৱা গ্ৰহণ কৰে৷ বিষ্ণুপুৰ অংগনৱাড়ী কেন্দ্ৰ ভোটকেন্দ্ৰত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাদ্দৰ্ন দেৱগোস্বামীয়ে পুৱাৰ ভাগতে ভোটাধিকাৰ সাব্যস্ত কৰে৷ ইফালে, পুৱাৰ ভাগতে মধ্য মাজুলী জনজাতি হাইস্কুল ভোট কেন্দ্ৰ,বৰবিল হাইস্কুল, আঠিয়াচুক মিচিং প্ৰাথমিক বিদ্যালয়,গড়মূৰ আদৰ্শ ভোট কেন্দ্ৰ, আউনীআটী হাইস্কুলৰ দুটা ভোট কেন্দ্ৰ, প্তনং লাহলিয়াল প্ৰাথমিক বিদ্যালয়,২নং ওপৰকাটনি প্ৰাথমিক বিদ্যালয়, নাৰায়ণ চন্দ্ৰ দেৱ উচ্ছ মাধ্যমিক বিদ্যালয়, ৰনং বুনিয়াদী নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত পুৱা জ্জ বজাৰ পৰা বিয়লি ১১ বজালৈকে ভোটাৰে ভিৰ কৰে যদিও দিনৰ ১২ বজাৰ পৰা ভোটাৰৰ সেৰেঙা উপস্থিতি পৰিলক্ষিত হ’ল৷ মধ্য মাজুলী পাৰিজাত উচ্ছ মাধ্যমিক বিদ্যালয় [মহিলা] ভোট গ্ৰহণ কেন্দ্ৰ, কেশৱৰাম বৰা উচ্ছ মাধ্যমিক বিদ্যালয় [আদৰ্শ] মহিলা ভোট গ্ৰহণ কেন্দ্ৰতো ভোটাৰৰ উপস্থিতি সেৰেঙা পৰিলক্ষিত হয়৷ নামনি মাজুলীৰ শ্ৰীলুইত হাইস্কুল, বালিচাপৰি এলপি স্কুল, খাৰজান পাৰ হাইস্কুল, কাকৰিকতা এলপি স্কুল, কৰ্দৈগুৰি, ভকতচাপৰি আদি ভোট কেন্দ্ৰসমূহতো ভোট দানৰ হাৰ পূৰ্বৰ নিৰ্বাচনতকৈ হ্ৰাস পায়৷ উজনি মাজুলীৰ ১১৫নং ভকতি দুৱাৰ এমই, ১১৬নং ভকতিদুৱাৰ হাইস্কুলত ৰ বজালৈকে ভোটাৰৰ ভিৰ আছিল যদিও শেষৰ ফাললৈ ভোটাৰৰ উপস্থিতি কম দেখা গ’ল৷ বৰবিল হাইস্কুলত প্ৰায় ৭০শতাংশ, নেহৰু স্মৃতি প্ৰাথমিক বিদ্যালয়ত প্ৰায় ৬০শতাংশ ভোটদান হোৱাৰ খবৰ পোৱা গৈছে৷ ৰতনপুৰ মিৰি হাইস্কুল, জোনাকী হাইস্কুল, ফুটচাং এলপি, পানীখাটি এল পি, ৰতনপুৰ মিৰি গাৰ্লছ, সোণোৱাল কছাৰী এলপি স্কুল, মাজৰ দেউৰী জনজাতি উচ্ছতৰ মাধ্যমিক বিদ্যালয়, জেংৰাইমুখ হাইস্কুল ভোট গ্ৰহণ কেন্দ্ৰতো পূৰ্বৰ তুলনাত ভোটাৰ ৰাইজৰ উৎসাহ কম দেখা গ’ল৷ দৰিয়া এমভিস্কুল,ৰনং কমলাবাৰী এলপি স্কুল, কেৰেলা গাঁৱস্থিত শংকৰজ্যোতি উচ্ছ মাধ্যমিক বিদ্যালয়তো ভোটাৰ ৰাইজৰ সেৰেঙা উপস্থিতি পৰিলক্ষিত হয়৷ ইফালে, দক্ষিণপাট অঞ্চলৰ দক্ষিণপাট সত্ৰ হাইস্কুল, দক্ষিণপাট কলিতা গাঁও এলপি স্কুল, দক্ষিণপাট কুমাৰ গাঁও এলপি স্কুল ভোট কেন্দ্ৰতো ভোটাৰ ৰাইজৰ ভিৰ পৰিলক্ষিত নহ’ল৷ সেইদৰে বনগাঁও অঞ্চলৰ বনগাঁও এমভি স্কুল, বনগাঁও ছোৱালী হাইস্কুল, মেৰাগড় নাৰায়ণ দেৱ উচ্ছতৰ মাধ্যমিক বিদ্যালয় ভোটকেন্দ্ৰসমূহতো ভোটদানৰ হাৰ পূৰ্বৰ তুলনাত হ্ৰাস পোৱা বুলি জানিব পৰা গৈছে৷ সকলো ভোট গ্ৰহণ কেন্দ্ৰতে থাৰ্মেল স্কেনাৰ, ছেনিটাইজাৰ, পি পি ই কিট, হেণ্ড গ্ল’ভছকে আদি কৰি বিভিন্ন ক’ভিড সামগ্ৰী প্ৰয়োগেৰে ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰে৷ এইবাৰ মাজুলীত ১৫টা মহিলা ভোট গ্ৰহণ কেন্দ্ৰও আছিল৷ উক্ত কেন্দ্ৰসমূহত মুঠ ৬০গৰাকী মহিলা পুলিং বিষয়াক নিয়োগ কৰা হৈছিল৷ মহিলা ভোট গ্ৰহণ কেন্দ্ৰত নিয়োজিত মহিলা পুলিং, প্ৰিজাইডিং বিষয়াসকলে নিজে একোটা একোটা ভোট কেন্দ্ৰ পৰিচালনা কৰিবলৈ পাই আনন্দিত বুলি মত ব্যক্ত কৰে৷ মাজুলীত ৩টা আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰৰো ব্যৱস্থা কৰা হৈছিল৷ আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰসমূহত নতুন ভোটাৰসকলক দেশৰ নাগৰিকত্ব লাভৰ মুহূৰ্তত এগৰাকী সফল নাগৰিক হোৱাৰ বাবে ভোটদানৰ পিছতে উক্ত কেন্দ্ৰসমূহৰ তৰফৰ পৰা উপহাৰেৰে উৎসাহিত কৰে৷ এইবাৰ মাজুলীত বিশেষ কোনো স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰ নাছিল যদিও মাজুলীৰ দুই এটা ভোট গ্ৰহণ কেন্দ্ৰত ইভিএমৰ বিজুতি হৈছিল যদিও প্ৰশাসনে তৎপৰতাৰে অন্য ইভিএমৰ সহায়েৰে ভোট গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত ৰাখে৷ এই লৈ সমষ্টিটোত ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণ বুলি ক’ব পাৰি৷ যোৱাবাৰ মাজুলীৰ মুঠ ১৯৫টা ভোট গ্ৰহণ কেন্দ্ৰত পুৰুষ আৰু মহিলা ভোটাৰ মিলি মুঠ ভোট প’ল হৈছিল ১,০৪,৭০৪ টা৷ ইয়াৰে ৫৩,৩২০ জন পুৰুষ ভোটাৰ আৰু ৫১,৩৮৪গৰাকী গৰাকী মহিলা ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল৷ এই লৈ মাজুলীত যোৱাবাৰ ভোটদানৰ হাৰ হৈছে প্ৰায় ৮০শতাংশ৷ কিন্তু এইবাৰ মাজুলীৰ মুঠ ২০৩টা ভোট গ্ৰহণ কেন্দ্ৰ থকাৰ উপৰিও জিলাখনত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৰ,৩৩,২২৭ গৰাকী৷ ইয়াৰে পুৰুষ ভোটাৰ সংখ্যা হৈছে ৬৭,৮১৯ জন আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ৬৫,৪০৮ গৰাকী৷ জিলাখনত ছাৰ্ভিচ ভোটাৰৰ সংখ্যা হৈছে ৪০০গৰাকী৷ জিলাখনত জ্জগৰাকী ডি ভোটাৰো আছিল৷ ভোট গ্ৰহণ প্ৰক্ৰিয়া পাঁচ বজাত অন্ত পৰাৰ পিছত সন্ধিয়া ৮ বজালৈকে উপ-নিৰ্বাচনৰ ভোটদানৰ হাৰ ৬৬.১৬শতাংশ৷ কিন্তু চৰ অঞ্চলৰ মাজুলীৰ মুঠ ২১টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ইতিমধ্যে যোৰহাট, গোলাঘাট, শিৱসাগৰ, লখিমপুৰ আৰু ধেমাজিৰ সীমামূৰীয়া ১৬খন দূৰণিবটীয়া ভোট গ্ৰহণ কেন্দ্ৰৰ পৰা পুলিং বিষয়া আহি পোৱাৰ পিছত মাজুলীৰ মুঠ ভোটদানৰ হাৰ নিৰূপণ হ’ব৷ মাজুলীৰ উপ-নিৰ্বাচনত এইবাৰ বিজেপিৰ ভুবন গাম, অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰী আৰু ছ’চিয়েলিষ্ট ইউনিটী চেণ্টাৰ অৱ ইণ্ডিয়া [কমিউনিষ্ট] দলৰ ভাইটি ৰিছঙৰ ভাগ্য আজিৰে পৰা ইভিএমত বন্দী হ’ল৷ ২টা দিনৰ অপেক্ষাৰ পিছত অহা ১০ মাৰ্চত মাজুলীৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতহে কোনে আচলতে শেষ হাঁহি মাৰিব সেইটো স্পষ্ট হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here