Home অসম বাল্যবিবাহ সম্পন্ন কৰি ৰঙাঘৰৰ আলহী নাবালিকাৰ পিতৃ :

বাল্যবিবাহ সম্পন্ন কৰি ৰঙাঘৰৰ আলহী নাবালিকাৰ পিতৃ :

263
0

গণ বাৰ্তা,মন্দিয়া, ২৫ নৱেম্বৰঃ বৰপেটা জিলাৰ বাঘবৰ থানাৰ অন্তৰ্গত চাচৰা গাঁৱত যোৱা জুন মাহত লুকাই সচেতন মহলক পিঠি দি এখন বাল্যবিবাহ সম্পন্ন হৈছিল। পিছে বিবাহৰ দুসপ্তাহৰ ভিতৰত সমাজৰ সচেতন লোকৰ তৎপৰতাত এই কথা শিশু কল্যাণ সমিতিৰ কৰ্ণগোচৰ হয়। আৰু সেয়ে শিশু কল্যাণ সমিতিয়ে যথা ৰীতি অনুসৰি কিশোৰ ছোৱালীজনীক অভিভাৱকৰ হাতত গতাই দিয়ে যদিও পিতৃয়ে আদবাটৰ পৰাই  ছোৱালীজনীক আকৌ গিৰিয়েকৰ ঘৰলৈ পঠিয়াই দিয়ে। ইপিনে যোৱা আগষ্ট মাহত  উক্ত বাল্য বিবাহ, তাৰ পৰা হব পৰা নিৰ্যাতন আৰু শিশু অধিকাৰ ভঙ্গৰ বিৰুদ্ধে স্থানীয় বাঘবৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল শিশু অধিকাৰ কৰ্মী ৰফিকুল ইছলামে। তেওঁ কয় যে, সমাজৰ সচেতন মহলে নাবালিকা ছোৱালীজনী গিৰিয়েকৰ ঘৰত থকাৰ কথা বাৰুম্বাৰ শিশু অধিকাৰক জনায় আৰু সেই মৰ্মে ইছলামে শিশু অধিকাৰ কৰ্মী হিচাপে এজাহাৰ দাখিল কৰে বুলি জানিবলৈ দিয়ে। ইতিমধ্যে ঘটণা সন্দৰ্ভত বাঘবৰ থানাত 120(B)/376/34 IPC R/W Sec 4 of POCSO Act & R/W Sec 9/10/11 The Prohibition of Child Marriage Act ৰ অধীনত এখন গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰে আৰক্ষীয়ে। সম্প্ৰতি অতি সংগোপনে সমাপন কৰা এই অপৰাধৰ অনুসন্ধানত আৰক্ষীয়ে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মূখীন হয় যদিও অৱশেষত আজি অপৰাধী  নিশ্চিত কৰি ছোৱালীৰ পিতৃ হিকমত আলীক জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। যদিও এজাহাৰত উল্লিখিত অন্যান্য ভালে কেইজন আচামী পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। মনকৰিবলগীয়া যে, গ্ৰাম্যাঞ্চলৰ পিছপৰা লোকৰ মাজত বাল্যবিবাহৰ প্ৰৱণতা অব্যাহত থাকিলেও আইনৰ মেৰপেচৰ ভয়ত তেওঁলোকে বাল্যবিবাহ পতাৰ পৰা বিৰত থাকে। কিন্তু একাংশ মধ্যভোগী, ভ্ৰষ্ট কাজী আদিৰ দৰে দুষ্ট চক্ৰই ভয়-ভাবুকি প্ৰদান কৰি এনে অবৈধ বিবাহ সম্পন্ন কৰি কণ্যা শিশুৰ জীৱন ধ্বংসৰ বাট দেখুওৱা পৰিলক্ষিত হৈছে। তৎসত্বেও সুখৰ বিষয় যে, বৰ্তমান সমাজৰ  যথেষ্ট সংখ্যক মানুহ সচেতন হোৱাৰ ফলত পলমকৈ হলেও সত্য ঘটণা পোহৰলৈ আহিছে আৰু প্ৰশাসনৰ তৎপৰতাত বাল্যবিবাহৰ দৰে অপৰাধৰ বিহিত ব্যৱস্থা সম্ভৱ হৈছে। উক্ত অপৰাধৰ বিহিত ব্যৱস্থা লোৱাৰ বাবে আৰক্ষীৰ প্ৰচেষ্টা আৰু স্থানীয় সচেতন লোকৰ ভূমিকাৰ শলাগ লৈছে শিশু অধিকাৰ কৰ্মী ৰফিকুল ইছলামে। তদুপৰি এনে সমাজ সংস্কাৰমুলক পদক্ষেপক সচেতন মহলে শিশু অধিকাৰক ভূঁয়সী প্ৰশংসা কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here