Home ক্ৰীড়া বিশ্বনাথৰ প্ৰতাপ গড় চাহ বাগিচাত প্ৰাইজমাণি ফুটবল খেলৰ চূড়ান্ত খেলৰ সামৰণি

বিশ্বনাথৰ প্ৰতাপ গড় চাহ বাগিচাত প্ৰাইজমাণি ফুটবল খেলৰ চূড়ান্ত খেলৰ সামৰণি

201
0

গণ বাৰ্তা,ইটাখোলা ৯ নবেম্বৰঃ বিশ্বনাথ জিলাৰ সাধাৰুস্থিত প্ৰতাপগড় চাহ বাগিচাত যোৱা দেওবাৰে প্ৰাইজ মাণি চূড়ান্ত ফুট বল খেলৰ সামৰণি পৰে। বিগত দিৰ্ঘদিন ধৰি ক’ভিড সৃষ্ট পৰিৱেশ কিছু শাম কটাত ৰাইজৰ লগতে সজিৱ হৈ উঠিছে খেল পথাৰসমুহ । বিশ্বনাথৰ প্ৰতাপ গড় চাহ বাগিচাৰ সাধাৰু শাখাত অসম চাহ মজদুৰ সংঘৰ প্ৰাথমিক গোটৰ উদ্যোগত আৰু সাধাৰু খেলমাটি প্ৰাথমিক আটছা তথা সমূহ ৰাইজৰ সহযোগত প্ৰথম বাৰ্ষিক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাটি দলংগুৰি হাইস্কুল ফুটবল ক্লাব একাদশ বনাম মোনাবাৰী চাহ বাগিচাৰ বিহপুখুৰী শাখা ফুটবল একাদশৰ লগত চুড়ান্ত খেলখন অনুষ্ঠিত হয় যায় । উক্ত খেলখনত দলংগুৰি হাইস্কুল ফুটবল একাদশে ২-০ গলত বিহপুখুৰী ফুটবল একাদশক পৰাস্ত কৰে। স্থানীয় বাগিচাৰ খেলপথাৰত নিমন্ত্ৰণ ৰক্ষা কৰি ফুটবল খেলপথাৰৰ দুৱাৰ মুকলি কৰে স্হানীয়  বিশিষ্ট সমাজসেৱক জীৱন নাগে। যোৱা অক্টোবৰ মাহৰ শেষৰপিনে আৰম্ভ হোৱা জিলাখনৰ উল্লেখনীয় মুঠ ৮ টাকৈ ফুট বল দলে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখনৰ বঁ‌টা বিতৰণী অনুষ্ঠানত দলংগুৰি হাইস্কুল ফুট বল বিজয় দলক ট্ৰফী,নগদ ৭০০০ হাজাৰ টকা প্ৰাইজমাণী আৰু দলৰ প্ৰতিগৰাকী খেলুৱৈক একোটা মেডেল প্ৰদান কৰাৰ উপৰিও শ্ৰেষ্ঠ খেলুৱৈ ইৰমাণ আলিক বঁ‌টা প্ৰদান কৰে। অঞ্চলটোৰ ভালে সংখ্যক ক্ৰীড়া প্ৰেমী ৰাইজ উপস্থিতিৰ লগতে বিশ্বনাথ শাখা সমিতিৰ সভাপতি মহেশ চত্ৰী,সম্পাদক বিকাশ কুৰ্মী, উপ-সভাপতি জিতেন তাঁতী, সহ: সম্পাদক জ্যোতিষ তাঁতী, প্ৰতাপ গড় উপ-শাখা সমিতিৰ সভাপতি চুমন্ত তাঁতী, উপ- সভাপতি গনেশ খৈৰা, বিজয় ভুমিজ, প্ৰতাপ গড় প্ৰাথমিক গোটৰ সভাপতি জিতেন তাঁতী, প্ৰাক্তন ছাত্ৰ নেতা সুচিত্ৰ পাইক, আনন্দ মাহালী, সুৰেশ কিষান, টংকেশ্বৰ তাঁতী, বিশিষ্ট শিল্পী শ্যাম কুমাৰ নাগ উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here