Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পঞ্জাবৰ নিবনুৱাৰ বাবে চলিব প্ৰথম কলম পঞ্জাব দখল কৰিয়েই আপৰ : মুখ্যমন্ত্ৰী...

পঞ্জাবৰ নিবনুৱাৰ বাবে চলিব প্ৰথম কলম পঞ্জাব দখল কৰিয়েই আপৰ : মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ভগৱন্ত মানৰ ঘোষণাৰ

158
0


চণ্ডীগড়, ১০ মাৰ্চ; দুটাকৈ কাৰ্যকাল শাসন কৰা কংগ্ৰেছ দল সম্পূৰ্ণৰূপে ধূলিসাৎ হ’ল পঞ্জাবত৷ আজি ঘোষিত ফলাফলত কেজৰিৱালৰ আম আদমী পাৰ্টীয়ে সম্পূৰ্ণৰূপে কংগ্ৰেছক ধূলিসাৎ কৰি ক্ষমতাৰ বাঘজৰী দখল কৰিবলৈ সক্ষম হয়৷ কেজৰিৱালৰ আপ দলে এতিয়া দ্বিতীয়খন ৰাজ্য দখল কৰি অভিলেখ ৰচনা কৰিছে৷ পঞ্জাবত কংগ্ৰেছৰ দুৰ্গ ওফৰাই বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হোৱা আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ভগৱন্ত মানক আজি দেখা গ’ল এক অন্য ৰূপত৷ নিজৰ মাতৃক সাবটি আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীগৰাকীয়ে এই সফলতাক লৈ আবেগিক ভাষণ আগবঢ়াই কয় যে পঞ্জাবত এইবাৰ আমাৰ চৰকাৰ৷ কৰ্মকৰ্তাক উদ্দেশ্যি ভগৱন্ত মানে কয় যে মই সকলো পঞ্জাবী লোকৰ মুখ্যমন্ত্ৰী হ’ম৷ এতিয়া পঞ্জাবত নিবনুৱাক সংস্থাপনৰ বাট মুকলি কৰা হ’ব৷ তেওঁ কয় যে আপৰ চৰকাৰৰ প্ৰথমটো কলম চলিব নিবনুৱাৰ বাবে৷ বাদল পৰাস্ত হৈছে, সুখবীৰ বাদল জালালাবাদৰ পৰা হাৰিছে, কেপ্টেইন পাতিৱালাৰ পৰা পৰাস্ত হৈছে৷ সিদ্ধু আৰু মজোথিয়াও পৰাস্ত হৈছে৷ চান্নী দুয়োখন আসনতেই শোচনীয়ভাৱে পৰাজয়বৰণ কৰিছে৷ আম আদমী পাৰ্টীয়ে পঞ্জাবত এক অভাৱনীয় বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ কয়৷ তেওঁ কয় যে আমি সকলোৱে একত্ৰিত হৈ সেৱা কৰিব লাগিব৷ যেনেকুৱাকৈ ভোটদান কৰিছে ঠিক তেনেদৰে সকলোৱে একত্ৰিত হৈ পঞ্জাবত শাসন চলোৱা হ’ব৷ পঞ্জাবত আগতে অট্টালিকাৰ পৰা শাসন চলোৱা হৈছিল৷ এতিয়া পঞ্জাবত গাঁৱৰ পৰা চলোৱা হ’ব শাসন৷ পঞ্জাবত ক্ষমতা দখল কৰিয়েই আম আদমী পাৰ্টীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ভগৱন্তে কয় যে চৰকাৰ গঠন কৰিয়েই চৰকাৰৰ প্ৰথম দায়িত্ব আৰু কাম হ’ব নিবনুৱা সমস্যা সমাধান কৰা৷ নিবনুৱা যুৱক- যুৱতীসকলক সংস্থাপন দিয়া হ’ব৷ তেওঁ কয় যে মোক বিশ্বাস কৰক, আপোনালোকে এমাহৰ ভিতৰত ইয়াৰ এক ছবি দেখা পাব৷ পঞ্জাবৰ কোনো চৰকাৰী কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ ফটো ওলমি নাথাকিব বুলি আজি ঘোষণা কৰি কয় যে চৰকাৰী কাৰ্যালয়ত কেৱল থাকিব ভগতসিং আৰু বাবা চাহেব আম্বেদকাৰৰ ফটো৷ ভগৱন্ত মানে আৰু কয় যে নতুন চৰকাৰৰ শপতগ্ৰহণ ৰাজভৱনত নহ’ব, শ্বহীদ ভগত সিঙৰ গৃহ জিলাত নতুন চৰকাৰৰ শপত গ্ৰহণ কৰা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here