Home Main Stories ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ ৰংপুৰ মেলাত উদুলি-মুদুলি পৰিৱেশ : পৰম্পৰাগত খেল-ধেমালিৰে উজ্জীৱিত হ’ল...

ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ ৰংপুৰ মেলাত উদুলি-মুদুলি পৰিৱেশ : পৰম্পৰাগত খেল-ধেমালিৰে উজ্জীৱিত হ’ল পহিলা মাঘৰ দিন

567
0

শিৱসাগৰ, ১৬জানুৱাৰী : ঐতিহাসিক ৰংঘৰৰ বাকৰিত পহিলা মাঘৰ দিনা সমাগম হল অজস্ৰজন। কাৰণ প্ৰতিবছৰৰ দৰে এইবাৰো পৰম্পৰাগতভাৱে উদযাপন হল ৰংপুৰ মেলা। এই ঐতিহাসিক ৰংঘৰতে তাহানিতে স্বৰ্গদেউ ৰুদ্ৰসিংহই বিভিন্ন জীৱ জন্তুৰ যুজঁ লগোৱাৰ লগতে প্ৰজাৰ মাজতো পাতিছিল বিভিন্ন প্ৰতিযোগিতা। বিশেষকৈ মাঘৰ বিহুত প্ৰাণ পাই উঠিছিল ৰংঘৰৰ ৰূপহী পথাৰ। আহোম ৰাজত্বৰ বেলি মাৰ যোৱাৰ পাছত বহু বছৰৰ ধৰি ৰংঘৰৰ ৰূপহী পথাৰ নিমাওমাও হৈ পৰিছিল। পৰৱৰ্তী সময়ত  তাই আহোম যুৱ পৰিষদে আৰম্ভ কৰা ৰংপুৰ মেলাই ৰংঘৰক দিলে এক নতুন মাত্ৰা। দ্বাদশ বৰ্ষত ভৰি দিলে ৰংপুৰ মেলাই। বিগত সময়বোৰৰ দৰে এইবাৰো ৰংপুৰ মেলাত পহিলা মাঘৰ দিনা অধুনালুপ্ত বিভিন্ন খেল ধেমালি লগতে বিভিন্ন জাতি জনগোষ্ঠীয় গীত নৃত্যয়ে জীপাল হল ৰংঘৰৰ চোতাল। ৰংপুৰ মেলাৰ আজি পুৱাৰ ভাগত অনুষ্ঠানত পতাকা উত্তোলন কৰে আয়োজক সমিতিৰ সভাপতি দিগন্ত তামুলীয়ে।মৈদাম তৰ্পণ কৰে সম্পাদক সুৰজ গগৈয়ে। ইয়াৰ পাছতে আৰম্ভ হয় মূল অনুষ্ঠানৰ।নামদাং গোহাঁই গাওঁৰ এটি দলে টাই আহোম জাতীয় সংগীত আৰু কোৰাছেৰে শুভাৰাম্ভ হোৱা অনুষ্ঠানত হাঁহচৰাৰ চাওদাং গাঁওৰ একাংশই  প্ৰদৰ্শনী মূলক পৰম্পৰাগত কড়িখেল অনুষ্ঠিত কৰি অনুষ্ঠানক দিয়ে অন্যন্য মাত্ৰা। ইয়াৰ পিছতে চৰাইদেও হুঁচৰি দলৰ বিহু নৃত্য,মৰাণ বিহু, দেউৰী বিহু, মিছিং বিহু,টাই আহোম গাভৰু বিহু আৰু তিৱা জনগোষ্ঠীৰ বৰত নৃত্যই উজ্জিৱীত কৰি তুলিছিল ৰংপুৰ মেলাক। ইয়াৰ সমান্তৰালকৈ অনুষ্ঠিত হৈছিল বিভিন্ন পৰম্পৰাগত খেল ধেমালি আৰু প্ৰতিযোগিতাৰ।অনুষ্ঠানত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ বহু কেইগৰাকী শীৰ্ষ নেতৃবৰ্গ উপস্থিত থকা লগতে অসমৰ কেইবাটাও জাতি জনগোষ্ঠীৰ সংগঠনৰ ভালে কেইগৰাকী নেতা উপস্থিত আছিল। অনুষ্ঠানত উপস্হিত থাকি ৰাজ্য চৰকাৰৰ মন্ত্ৰী যোগেন মহনে কৰ্মসংস্কৃতিৰ যোগেদি অসমীয়া জাতিটোক শক্তিশালী কৰি তুলিব লাগিব বুলি ব্যক্ত কৰে। ৰংপুৰ মেলাৰ লগত সংগতি ৰাখি মনোজ কুমাৰ গগৈৰ সম্পাদনাত প্ৰকাশ পোৱা চেমুন স্মৃতিগ্ৰন্হখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে শিৱসাগৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈয়ে। ইফালে সন্ধিয়া ৰংঘৰত বন্তি প্ৰজ্বলন কৰা পাছতে মিষ্টাৰ ৰংপুৰ আৰু মিছ ৰংপুৰ পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতা অন্তত অসমৰ ভালে কেইগৰাকী অসমৰ জনপ্ৰিয় কন্ঠশিল্পীই গীত পৰিৱেশন কৰি প্ৰাণৱন্ত কৰি তুলিছিল স্বৰ্গদেউৰ চোতাল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here