Home অসম মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ৰাজ্য শিক্ষা আয়োগৰ প্ৰথমখন বৈঠক: দেশৰ ভিতৰতেই শিক্ষাৰ ক্ষেত্ৰত ৰাজ্যখনক...

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ৰাজ্য শিক্ষা আয়োগৰ প্ৰথমখন বৈঠক: দেশৰ ভিতৰতেই শিক্ষাৰ ক্ষেত্ৰত ৰাজ্যখনক আগুৱাই নিবলৈ শিক্ষাৰ মানদণ্ড আৰু অধিক উন্নত কৰিব লাগিব

196
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ অক্টোবৰ ঃ নতুন শিক্ষানীতিৰ ২০২০১ আধাৰত ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাক অধিক তৰান্বিত কৰাৰ উদ্দেশ্যে শিক্ষা বিভাগৰ সৰ্বোচ্ছ কমিটী ৰাজ্য শিক্ষা আয়োগৰ প্ৰথমখন বৈঠক মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়৷ বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, শিক্ষা বিভাগৰ লগতে অন্যান্য বিভাগৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকখনত সৰ্বশিক্ষাৰ মিছন সঞ্চালক, সঞ্চালক এছ চি ই আৰ টি, বিদ্যালয় শিক্ষা আৰু উচ্ছ শিক্ষা বিভাগৰ সচিবৰ দ্বাৰা বৰ্তমান আৰু আহি থকা দিনসমূহত শিক্ষা বিভাগে গ্ৰহণ কৰিবলগীয়া দূৰদৰ্শী পৰিকল্পনাসমূহৰ বিষয়ে এক চমু আভাস দাঙি ধৰে৷ উক্ত বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে নতুন শিক্ষানীতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ শিক্ষা আয়োগে এক গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰিব লাগিব৷ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে যাতে গুণগত শিক্ষা লাভ কৰিব পাৰে লগতে কোনো ছাত্ৰ যাতে শিক্ষাগ্ৰহণৰ পৰা বাদ পৰি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি আয়োগে কাম কৰি যাব লাগিব৷ দেশৰ ভিতৰতে শিক্ষাৰ ক্ষেত্ৰত ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ উদ্দেশ্য আগত ৰাখি আগন্তুক দিনত শিক্ষাৰ মানদণ্ড আৰু অধিক উন্নত কৰি তুলিব লাগিব৷ এই বৈঠকত সকলো বিদ্যালয়ৰ বাবে কমন ছাৰ্ভিচ ৰুল, কমন ৰিক্ৰুইটমেণ্ট ব’ৰ্ড ফৰ হেড মাষ্টৰ এণ্ড প্ৰিঞ্চিপাল, স্কুল ৰুল বুক, ৰাজ্যিক সৈনিক বিদ্যালয় ছ’চাইটী স্থাপন, মহাবিদ্যালয়সমূহত নিয়োগৰ বাবে কমন ৰিক্ৰুইটমেণ্ট ব’ৰ্ড গঠন কৰাৰ কথা আলোচনা কৰাৰ লগতে সভাত উপস্থিত বিভিন্ন উপাচাৰ্য তথ্য বিষয়াসকলৰ পৰা মতামত গ্ৰহণ কৰা হয়৷ উক্ত বৈঠকত শিক্ষামন্ত্ৰী ডাঃ পেগুৱে তেওঁৰ ভাষণ প্ৰসংগত কয় যে ৰাজ্যখনৰ নাগৰিক হিচাপে বিদ্যালয় তথা শিক্ষা ব্যৱস্থাটোৰ ওপৰত নজৰ আৰোপ কৰা আমাৰ সকলোৰে অধিকাৰ আছে৷ সেয়েহে তেওঁ প্ৰতিগৰাকী বিষয়াক অন্ততঃ তেওঁলোকৰ ওচৰৰ বিদ্যালয়সমূহত গৈ শৈক্ষিক পৰিৱেশৰ বুজ ল’বলৈ আহ৩ান জনায়৷ লগতে তেওঁ কয় যে মহাবিদ্যালয়সমূহে যাতে কমেও এখনকৈ বিদ্যালয় তুলিলৈ সেই বিদ্যালয়খনক শৈক্ষিক দিশত সুচাৰুৰূপে আগবঢ়াই লৈ যাবলৈ উল্লেখ কৰে৷ আজিৰ এই সভাত ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহন, হস্ততাঁত-বস্ত্ৰশিল্প আদি বিভাগৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম, শিক্ষা বিভাগৰ উপদেষ্টা ড॰ ননীগোপাল মহন্তও উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here