Home অসম নতুন বছৰত প্ৰথমটো গঁড় হত্যা: কাজিৰঙাত গঁড় নিধন কৰি চোৰাং চিকাৰীয়ে কাটি...

নতুন বছৰত প্ৰথমটো গঁড় হত্যা: কাজিৰঙাত গঁড় নিধন কৰি চোৰাং চিকাৰীয়ে কাটি নিলে খৰ্গ

160
0


গণ বাৰ্তা বিশেষ, বোকাখাত, ২০ জানুৱাৰী: বিজেপিশাসিত নতুন চৰকাৰৰৰ দিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটাও গঁড় চোৰাং চিকাৰীয়ে নিধন কৰিব পৰা নাই বুলি প্ৰচাৰ মাধ্যমৰ আগত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছতেই নতুন বছৰৰ প্ৰথম মাহটোতেই চোৰাং চিকাৰীয়ে এটা গঁড় নিধন কৰি খড.গ কাটি নিয়াৰ বাতৰি পোৱা গৈছে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষৰ পৰা আৰম্ভ কৰি সুৰক্ষা কৰ্মীক একপ্ৰকাৰ প্ৰত্যাহ৩ান জনাই চোৰাং চিকাৰীয়ে নিধন কৰিলে গঁড়৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সংমণ্ডল বিষয়াই জানিবলৈ দিয়ামতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ অধীনত শিলেখুন্দা বন শিবিৰ এলেকাত প্ৰতিদিনৰ দৰে অৰণ্যৰ মাজত টহল দিবলৈ যোৱা সুৰক্ষা কৰ্মীয়ে আজি পুৱা জ্জ্ব.৪৫ বজাত এটা খড.গবিহীন মাইকী মৃত গঁড় উদ্ধাৰ কৰে৷ চোৰাং চিকাৰীয়ে গঁড়টো প্ৰায় ১৫-২০ দিন পূৰ্বে নিধন কৰি খড.গ কাটি নিছে বুলি বন বিভাগে সন্দেহ কৰিছে৷ মৃত গঁড়টোৰ কাষত এটা থ্ৰী নট থ্ৰী ৰাইফলৰ গুলী উদ্ধাৰ হোৱালৈ চাই চোৰাং চিকাৰীয়ে পূৰ্ণবয়স্ক মাইকী গঁড়জনীক গুলীয়াই নিধন কৰি কাজিৰঙাৰ বন কৰ্মীয়ে তত্‌ ধৰাৰ পূৰ্বেই খড.গ কাটি উধাও হ’বলৈ সক্ষম হৈছিল৷ আনহাতে, কাজিৰঙাৰ ডিএফঅ’ই জানিবলৈ দিয়া মতে, ৰাষ্ট্ৰীয় উদ্যানখনৰ উক্ত এলেকাত বিগত বৰ্ষৰ ২৮ ডিচেম্বৰত চোৰাং চিকাৰীৰ সৈতে বনকৰ্মীৰ মুখামুখি হৈছিল৷ এই ঘটনাৰ পিছৰ পৰাই বনৰক্ষী আৰু আৰক্ষীয়ে যুটীয়াভাৱে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে অভিযান চলাই আছিল যদিও কোনো বিশেষ সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাছিল৷ উক্ত দিনাই চোৰাং চিকাৰীয়ে গঁড় নিধন কৰাৰ সন্দেহ প্ৰকাশ কৰিছে উদ্যান কতৃৰ্পক্ষই৷ আজি পুৱা স্নিফাৰ ডগ অৰ্থাৎ বেচৰকাৰী স্বেচ্ছাসেবী সংগঠন আৰণ্যকৰ তত্ত্বাৱধানত চোৰাং চিকাৰীৰ তথ্য উদ্ধাৰ কৰাৰ বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰৰ দ্বাৰা ঘটনাস্থলীত তদন্ত আৰম্ভ কৰিছে৷ ইফালে, বন আৰু আৰক্ষীয়ে যুটীয়াভাৱে চোৰাং চিকাৰীৰ বিৰুদ্ধে বিশেষকৈ উত্তৰপাৰে অনুসন্ধান আৰম্ভ কৰিছে বুলি উদ্যান কতৃৰ্পক্ষই এই সংবাদদাতাক জানিব দিয়ে৷ উল্লেখ্য যে বিগত বৰ্ষতো চোৰাং চিকাৰীয়ে উক্ত এলেকাত আন এটা গঁড় নিধন কৰি খড.গ কাটি নিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here